--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা মাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ ক্ৰিকেট বিশ্বকাপৰ পূৰ্বে দু:চিন্তাত পৰিছে ভাৰতীয় শিবিৰ। ক্ৰিকেটৰ এই চমু ফৰ্মেটটোৰ বিশ্বকাপত অনিশ্চিত হৈ পৰিছে ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা। চলিত এছিয়া কাপ প্ৰতিযোগিতাৰ মাজতে আঁঠুৰ আঘাতৰ বাবে প্ৰথম দুখন মেচৰ পাছতেই দলৰ পৰা বাহিৰ হোৱাৰ পিছত এইবাৰ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপতো জাদেজাৰ অন্তৰ্ভুক্তি সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।  

শেহতীয়াকৈ আঁঠুত আঘাত পোৱাৰ এছিয়া কাপ আধাতেই সামৰিবলগীয়া হোৱা জাদেজা শীঘ্ৰেই সোঁ আঁঠুৰ এটা গুৰুতৰ অস্ত্ৰোপচাৰৰ সন্মুখীন হ’ব। এই অস্ত্ৰোপচাৰৰ পাছতে সম্পূৰ্ণ আৰোগ্য নোহোৱা পৰ্যন্ত অনিৰ্দিষ্ট সময়ৰ বাবে তাৰকা তাৰকাগৰাকী ক্ৰিকেটৰ পৰা আঁতৰি থাকিব লাগিব বুলি আশংকা কৰা হৈছে।

ভাৰতৰ সৰ্বোচ্চ ক্ৰিকেট ব’ৰ্ড বিচিচিআইৰ এগাৰী জেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে জাদেজাৰ সোঁ আঁঠুৰ আঘাত যথেষ্ট গুৰুতৰ। সেয়ে তেওঁৰ আঁঠুৰ এক গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব বুলি নিশ্চিত কৰি তেওঁ এনে কাৰণতে অনিৰ্দিষ্ট সময়ৰ বাবে ক্ৰিকেটৰ পৰা বাহিৰ হ'ব লাগিব বুলি সদৰী কৰিছে।

জ্যেষ্ঠ বিষয়া গৰাকীয়ে লগতে অস্ত্ৰোপচাৰৰ পিছতো জাদেজাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ সময়সীমা নিৰ্ধাৰণ কৰিব নোৱাৰি বুলি উল্লেখ কৰে। বিষয়া গৰাকীৰ এই মন্তব্যৰ পাছতে টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত জাদেজাৰ অন্তৰ্ভুক্তি প্ৰায় অনিশ্চিত হৈ পৰিছে। 

অৱশ্যে দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে টি-২০ বিশ্বকাপত ৰবীন্দ্ৰ জাদেজাৰ অনুপস্থিতি সন্দৰ্ভত এতিয়াই কোনো সিদ্ধান্ত ল’ব পৰা নহ’ব বুলি মন্তব্য কৰিছে।"জাদেজাই আঁঠুত আঘাত পাইছে। নিশ্চিতভাৱে তেওঁ এছিয়া কাপৰ বাবে বাহিৰ হৈছে। তেওঁ বৰ্তমান চিকিৎসা দলৰ তত্বাৱধানত আছে।" দ্ৰাবিড়ে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী