--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা মাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ ক্ৰিকেট বিশ্বকাপৰ পূৰ্বে দু:চিন্তাত পৰিছে ভাৰতীয় শিবিৰ। ক্ৰিকেটৰ এই চমু ফৰ্মেটটোৰ বিশ্বকাপত অনিশ্চিত হৈ পৰিছে ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা। চলিত এছিয়া কাপ প্ৰতিযোগিতাৰ মাজতে আঁঠুৰ আঘাতৰ বাবে প্ৰথম দুখন মেচৰ পাছতেই দলৰ পৰা বাহিৰ হোৱাৰ পিছত এইবাৰ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপতো জাদেজাৰ অন্তৰ্ভুক্তি সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।  

শেহতীয়াকৈ আঁঠুত আঘাত পোৱাৰ এছিয়া কাপ আধাতেই সামৰিবলগীয়া হোৱা জাদেজা শীঘ্ৰেই সোঁ আঁঠুৰ এটা গুৰুতৰ অস্ত্ৰোপচাৰৰ সন্মুখীন হ’ব। এই অস্ত্ৰোপচাৰৰ পাছতে সম্পূৰ্ণ আৰোগ্য নোহোৱা পৰ্যন্ত অনিৰ্দিষ্ট সময়ৰ বাবে তাৰকা তাৰকাগৰাকী ক্ৰিকেটৰ পৰা আঁতৰি থাকিব লাগিব বুলি আশংকা কৰা হৈছে।

ভাৰতৰ সৰ্বোচ্চ ক্ৰিকেট ব’ৰ্ড বিচিচিআইৰ এগাৰী জেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে জাদেজাৰ সোঁ আঁঠুৰ আঘাত যথেষ্ট গুৰুতৰ। সেয়ে তেওঁৰ আঁঠুৰ এক গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব বুলি নিশ্চিত কৰি তেওঁ এনে কাৰণতে অনিৰ্দিষ্ট সময়ৰ বাবে ক্ৰিকেটৰ পৰা বাহিৰ হ'ব লাগিব বুলি সদৰী কৰিছে।

জ্যেষ্ঠ বিষয়া গৰাকীয়ে লগতে অস্ত্ৰোপচাৰৰ পিছতো জাদেজাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ সময়সীমা নিৰ্ধাৰণ কৰিব নোৱাৰি বুলি উল্লেখ কৰে। বিষয়া গৰাকীৰ এই মন্তব্যৰ পাছতে টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত জাদেজাৰ অন্তৰ্ভুক্তি প্ৰায় অনিশ্চিত হৈ পৰিছে। 

অৱশ্যে দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে টি-২০ বিশ্বকাপত ৰবীন্দ্ৰ জাদেজাৰ অনুপস্থিতি সন্দৰ্ভত এতিয়াই কোনো সিদ্ধান্ত ল’ব পৰা নহ’ব বুলি মন্তব্য কৰিছে।"জাদেজাই আঁঠুত আঘাত পাইছে। নিশ্চিতভাৱে তেওঁ এছিয়া কাপৰ বাবে বাহিৰ হৈছে। তেওঁ বৰ্তমান চিকিৎসা দলৰ তত্বাৱধানত আছে।" দ্ৰাবিড়ে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু