--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ২৯ মে'ত সংঘটিত হোৱা জনপ্ৰিয় পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই এইবাৰ মৃত্যুৰ ভাবুকি প্ৰদান কৰা হৈছে গায়কগৰাকীৰ পিতৃক। পঞ্জাৱৰ স্থানীয় মানসা আৰক্ষীয়ে ইতিমধ্যে এই ভাবুকিৰ আঁৰত থকা অভিযুক্ত এগৰাকী যুৱকক ৰাজস্থানৰ যোধপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত যুৱক গৰাকীক মহিপাল বুলি চিনাক্ত কৰা হৈছে। মহিপালে এক ইমেইলৰ জৰিয়তে মুছেৱালাৰ পিতৃ বালকুৰ সিং সিদ্ধুলৈ ভাবুকি প্ৰেৰণ কৰিছিল।

প্ৰকাশিত খবৰ অনুসৰি, এ জে লৰেন্স বিষ্ণোই নামেৰে মহিপালে সামাজিক মাধ্যমত খোলা এটা পেজত ফ’ল’ৱাৰ বৃদ্ধিৰ লক্ষ্যৰে বালকুৰ সিং সিদ্ধুলৈ এই মৃত্যুৰ ভাবুকি প্ৰেৰণ কৰিছিল। মানসাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰৱ তুৰাই জানিবলৈ দিয়া মতে অভিযুক্ত মহিপালক গ্ৰেপ্তাৰৰ পিছতে মানসা আদালতত হাজিৰ কৰা হয়।

আদালতে মহিপালক পাঁচ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। মহিপালৰ পৰা দুটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে আৰু এতিয়া এই বিষয়টোৰ অধিক গুৰুত্বসহকাৰে তদন্ত কৰা হ'ব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰৱ তুৰাই লগতে উল্লেখ কৰে

উল্লেখ্য যে যোৱা ২৯ মে'ত পঞ্জাৱৰ মানচা জিলাৰ জৱাহাৰকে গাঁৱত এটা বন্দুকধাৰী দলে মুছেৱালাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰি গায়কগৰাকীক হত্যা কৰিছিল। পঞ্জাৱ চৰকাৰে ৰাজ্যখনৰ ভি আই পি সকলৰ নিৰাপত্তাৰক্ষী সেৱা প্ৰত্যাহাৰ কৰাৰ কেইদিনমান পিছতে এই হত্যাকাণ্ড সংঘটিত হৈছিল।

পঞ্জাৱ আৰক্ষীয়ে এই নৃশংস হত্যাকাণ্ডৰ তদন্ত কৰি আছে। আনহাতে দিল্লী আৰক্ষীয়েও এই তদন্তত পঞ্জাৱ আৰক্ষীক সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত অভিযুক্ত আঠগৰাকী শ্বুটাৰৰ প্ৰায় আটাইকেইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কেৱল দীপক মুণ্ডি নামৰ অভিযুক্তজনকহে এইপৰ্যন্ত আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই।

ধৃত শ্বুটাৰসকলে কানাডাস্থিত গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ হৈ কাম কৰি আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল। শেহতীয়াকৈ সিদ্ধু মুছেৱালাৰ হত্যাৰ অন্যতম ষড়যন্ত্ৰকাৰী দুগৰাকী ব্যক্তিক ক্ৰমে কেনিয়া আৰু আজাৰবাইজানত আটক কৰা হৈছিল। দুয়োগৰাকীক ভাৰতলৈ অনাৰ বাবে ইতিমধ্যে দেশ দুখনৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা হৈছে বুলি পঞ্জাৱ আৰক্ষীয়ে জানিবলৈ দিছে।

ইফালে যোৱা ২০ জুলাইত অমৃতসৰৰ এক কাষৰীয়া অঞ্চলত পঞ্জাৱ আৰক্ষীৰ এনকাউণ্টাৰত মুছেৱালা হত্যাকাণ্ডত জড়িত দুগৰাকী গেংষ্টাৰ নিহত হৈছিল। যোৱা ২৯ মে’ত সংঘটিত এই হত্যাকাণ্ডৰ দায়িত্ব ইতিমধ্যে দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈ গোটে স্বীকাৰ কৰিছে। কানাডাস্থিত সতীন্দৰজিৎ সিং ওৰফে গোল্ডি ব্ৰাৰৰ নিৰ্দেশতে এই হত্যাকাণ্ড সংঘটিত হৈছিল বুলি ইতিমধ্যে গোল্ডি ব্ৰাৰে এটা ফেচবুক পোষ্টৰ জৰিয়তে উল্লেখ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী