--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্কঃ ৰাজপথ। ৰাজধানী নতুন দিল্লীৰ এই ৰাজপথ বহু ইতিহাসৰ সাক্ষী। ভাৰত স্বাধীন হোৱাৰ আগৰে পৰাই গুৰুত্ব পাই অহা ৰাজপথে স্বাধীনতাৰ পিছতো সমানে গুৰুত্ব অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে।এই ঐতিহাসিক পথটো ৰাষ্ট্ৰপতি ভৱনৰ পৰা ৰাইচিনা হিলৰ  পৰা বিজয় চক আৰু ইণ্ডিয়া গেট, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা দিল্লীৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামলৈ গৈছে। 

পথটোৰ দুয়োফালে বিশাল ঘাঁহনি আৰু গছৰ শাৰীৰে পৰিপূৰ্ণ  হৈ আছে। ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত ৰাজপথতেই প্ৰতিবছৰে ২৬  জানুৱাৰীত গণৰাজ্য দিৱসৰ কুচকাৱাজ অনুষ্ঠিত হয়। 

ৰাইচিনা হিলৰ কাষেৰে গৈ ৰাজপথ ৰাষ্ট্ৰপতি ভৱনত শেষ হৈছে। বিজয় চকত এই পথে সংসদ মাৰ্গ অতিক্ৰম কৰিছে।

ৰাপথেৰেই ভাৰতৰ প্ৰখ্যাত  ৰাজনৈতিক নেতাসকলৰ অন্ত্যেষ্টিক্ৰিয়া সমদল কৰা হয়।১৯১১ চনত ব্ৰিটিছ চৰকাৰে  এইবুলি সিদ্ধান্ত লৈছিল  যে ব্ৰিটিছৰ ভাৰতীয় সাম্ৰাজ্যৰ ৰাজধানী তেতিয়াৰ কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিব । 

সেই অনুসৰি, সেই বছৰতে নতুন দিল্লীত ৰাজধানী  নিৰ্মাণৰ  কাম আৰম্ভ হৈছিল। ব্ৰিটিছ ৰাজে নতুন চহৰখন নিৰ্মাণ কৰিবলৈ চাৰ এডউইন লুটিয়েনক দায়িত্ব দিছিল। লুটিয়েনেই এক বিশাল পথ  ৰাজপথ নিৰ্মাণৰ সিদ্ধান্ত লৈছিল।। লুটিয়েনে ভাইচৰেগাল প্ৰাসাদৰ পৰা দিল্লী চহৰৰ মাজৰে নিৰ্মাণ কৰোৱাইছিল এই পথ। 

প্ৰকল্পটোৰ দ্বিতীয় স্থপতিবিদগৰাকী আছিৱ  ছাৰ হাৰ্বাৰ্ট বেকাৰ। বেকাৰে ৰাজপথৰ  ডিজাইন কৰিছিল।পথটো নিৰ্মাণ হৈ উঠাৰ পিছত ভাৰতৰ সম্ৰাট পঞ্চম জৰ্জৰ সন্মানত পথটোৰ নাম কিংছ ৱে বা কিংছৱে ৰখা হৈছিল। নামটো লণ্ডনৰ কিংছৱেৰ সৈতে ৰজিতা খুৱাই ৰখা হৈছিল । লণ্ডনৰ  কিংছৱে ১৯০৫ চনত মুকলি কৰা হৈছিল।

ভাৰতৰ স্বাধীনতাৰ পিছত পথটোক হিন্দী নাম 'ৰাজপথ'  দিয়া হৈছিল। হিন্দীত 'ৰাজপথ' বহলভাৱে 'কিংছ ৱে'ৰ সৈতে  সাদৃশ্যপূৰ্ণ।

কেন্দ্ৰীয় ভিষ্টা পুনৰ্বিকাশ প্ৰকল্পৰ অধীনত শেহতীয়াকৈ মোদীৰ চৰকাৰে পথটো 'চেণ্ট্ৰেল ভিষ্টা এভিনিউ' ৰ অন্তৰ্গত কৰিছে। শেহতীয়াকৈ ঐতিহাসিক ৰাজপথৰ নাম সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।   নতুন দিল্লী পৌৰ নিগমে ঐতিহাসিক  "ৰাজপথ"ক "কৰ্তব্য পথ" হিচাপে পুনৰ নামকৰণ কৰাৰ প্ৰস্তাৱ গৃহীত কৰে। এনডিএমচিৰ এক বিশেষ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। 

লোকসভাৰ সাংসদ তথা এন ডি এম চিৰ সদস্য মীনাক্ষী লেখিয়ে এই কথা প্ৰকাশ কৰিছে। ঐতিহাসিক ৰাজপথৰ নাম যিহেতু  ব্ৰিটিছৰ দিছিল সেয়ে মোদীৰ চৰকাৰে পথটোৰ নাম সলনি কৰি ’কৰ্তব্য পথ’ কৰাৰ সিদ্ধান্ত লৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু