--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্কঃ ৰাজপথ। ৰাজধানী নতুন দিল্লীৰ এই ৰাজপথ বহু ইতিহাসৰ সাক্ষী। ভাৰত স্বাধীন হোৱাৰ আগৰে পৰাই গুৰুত্ব পাই অহা ৰাজপথে স্বাধীনতাৰ পিছতো সমানে গুৰুত্ব অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে।এই ঐতিহাসিক পথটো ৰাষ্ট্ৰপতি ভৱনৰ পৰা ৰাইচিনা হিলৰ  পৰা বিজয় চক আৰু ইণ্ডিয়া গেট, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা দিল্লীৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামলৈ গৈছে। 

পথটোৰ দুয়োফালে বিশাল ঘাঁহনি আৰু গছৰ শাৰীৰে পৰিপূৰ্ণ  হৈ আছে। ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত ৰাজপথতেই প্ৰতিবছৰে ২৬  জানুৱাৰীত গণৰাজ্য দিৱসৰ কুচকাৱাজ অনুষ্ঠিত হয়। 

ৰাইচিনা হিলৰ কাষেৰে গৈ ৰাজপথ ৰাষ্ট্ৰপতি ভৱনত শেষ হৈছে। বিজয় চকত এই পথে সংসদ মাৰ্গ অতিক্ৰম কৰিছে।

ৰাপথেৰেই ভাৰতৰ প্ৰখ্যাত  ৰাজনৈতিক নেতাসকলৰ অন্ত্যেষ্টিক্ৰিয়া সমদল কৰা হয়।১৯১১ চনত ব্ৰিটিছ চৰকাৰে  এইবুলি সিদ্ধান্ত লৈছিল  যে ব্ৰিটিছৰ ভাৰতীয় সাম্ৰাজ্যৰ ৰাজধানী তেতিয়াৰ কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিব । 

সেই অনুসৰি, সেই বছৰতে নতুন দিল্লীত ৰাজধানী  নিৰ্মাণৰ  কাম আৰম্ভ হৈছিল। ব্ৰিটিছ ৰাজে নতুন চহৰখন নিৰ্মাণ কৰিবলৈ চাৰ এডউইন লুটিয়েনক দায়িত্ব দিছিল। লুটিয়েনেই এক বিশাল পথ  ৰাজপথ নিৰ্মাণৰ সিদ্ধান্ত লৈছিল।। লুটিয়েনে ভাইচৰেগাল প্ৰাসাদৰ পৰা দিল্লী চহৰৰ মাজৰে নিৰ্মাণ কৰোৱাইছিল এই পথ। 

প্ৰকল্পটোৰ দ্বিতীয় স্থপতিবিদগৰাকী আছিৱ  ছাৰ হাৰ্বাৰ্ট বেকাৰ। বেকাৰে ৰাজপথৰ  ডিজাইন কৰিছিল।পথটো নিৰ্মাণ হৈ উঠাৰ পিছত ভাৰতৰ সম্ৰাট পঞ্চম জৰ্জৰ সন্মানত পথটোৰ নাম কিংছ ৱে বা কিংছৱে ৰখা হৈছিল। নামটো লণ্ডনৰ কিংছৱেৰ সৈতে ৰজিতা খুৱাই ৰখা হৈছিল । লণ্ডনৰ  কিংছৱে ১৯০৫ চনত মুকলি কৰা হৈছিল।

ভাৰতৰ স্বাধীনতাৰ পিছত পথটোক হিন্দী নাম 'ৰাজপথ'  দিয়া হৈছিল। হিন্দীত 'ৰাজপথ' বহলভাৱে 'কিংছ ৱে'ৰ সৈতে  সাদৃশ্যপূৰ্ণ।

কেন্দ্ৰীয় ভিষ্টা পুনৰ্বিকাশ প্ৰকল্পৰ অধীনত শেহতীয়াকৈ মোদীৰ চৰকাৰে পথটো 'চেণ্ট্ৰেল ভিষ্টা এভিনিউ' ৰ অন্তৰ্গত কৰিছে। শেহতীয়াকৈ ঐতিহাসিক ৰাজপথৰ নাম সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।   নতুন দিল্লী পৌৰ নিগমে ঐতিহাসিক  "ৰাজপথ"ক "কৰ্তব্য পথ" হিচাপে পুনৰ নামকৰণ কৰাৰ প্ৰস্তাৱ গৃহীত কৰে। এনডিএমচিৰ এক বিশেষ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। 

লোকসভাৰ সাংসদ তথা এন ডি এম চিৰ সদস্য মীনাক্ষী লেখিয়ে এই কথা প্ৰকাশ কৰিছে। ঐতিহাসিক ৰাজপথৰ নাম যিহেতু  ব্ৰিটিছৰ দিছিল সেয়ে মোদীৰ চৰকাৰে পথটোৰ নাম সলনি কৰি ’কৰ্তব্য পথ’ কৰাৰ সিদ্ধান্ত লৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী