--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ পাটায়াত ৮০ জন ভাৰতীয়ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আটাইকেইজন জুৱা খেলি থকা অৱস্থাত আৰক্ষীৰ আগত ধৰা পৰিছে। কোনোবাই আৰক্ষীক খবৰ দিলে যে পাটায়াৰ এখন বিলাসী হোটেলত কিছু লোকে জুৱা খেলি আছে। আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ জুৱাৰীক ৰঙা হাতেৰে আটক কৰে।

চোনবুৰী আৰক্ষী অধীক্ষক মেজৰ জেনেৰেল কাম্পোল লীলাপ্ৰাপৰ্ণে কয় যে মাজনিশা এছিয়া পাটায়া হোটেলত অভিযান চলাই জুৱাৰীক গ্ৰেপ্তাৰ কৰা হয়। খবৰ আহিছিল যে ২৭ এপ্ৰিলৰ পৰা ১ মে’লৈ কেইবাজনো ভাৰতীয় নাগৰিকে এই হোটেলখনত কোঠা বুকিং কৰিছে। চোৰাংচোৱাৰ তথ্যত প্ৰকাশ পাইছে যে এই কোঠাটো জুৱা খেলৰ বাবে লোৱা হৈছে। জুৱাৰীসকলে হোটেলখনত ম্পাও নামৰ এটা মিটিং ৰুমো ভাড়াত লৈছিল।

আৰক্ষীৰ তথ্য অনুসৰি হোটেলখনৰ পৰা মুঠ ৯৩জন লোকক আটক কৰি ৰখা হৈছে। সকলোকে জুৱা খেলি থকা অৱস্থাত পোৱা গৈছিল। য'ত ৮০ জন ভাৰতীয় জড়িত। ইয়াৰ সমান্তৰালকৈ থাইলেণ্ডৰ ৬ জন আৰু ম্যানমাৰৰ ৪ জন নাগৰিকক আটক কৰা হৈছে। আনহাতে আন কিছুমান ক্ৰীড়া সংগঠক আৰু কৰ্মচাৰী আছিল। এই সকলোবোৰ চাম্পাওতে বৃহৎ সংখ্যক জুৱাৰীক বাকাৰা আৰু ব্লেকজেক খেলি থকা দেখা গৈছিল। পুলিচ আহি পোৱাৰ লগে লগে সকলো জুৱাৰী পলাই যাবলৈ চেষ্টা কৰিলে। কিন্তু তেওঁলোকে সফলতাৰ মুখ দেখা নাপালে।

জুৱাৰীসকলৰ পৰা আৰক্ষীয়ে চাৰিখন বেকাৰেট টেবুল, তিনিখন ব্লেকজেক টেবুল, ২৫ ছেট কাৰ্ড, ভাৰতীয় টকা, ৮টা ক্ল’জড চাৰ্কিট কেমেৰা, ৯২টা মোবাইল ফোন, তিনিটা নোটবুক কম্পিউটাৰ, এটা আইপেড আৰু তিনিটা কাৰ্ড ডিলাৰ মেচিন জব্দ কৰে। আৰক্ষীয়ে এখন লগবুকো হাতত লৈছিল য’ত জুৱাৰ ক্ৰেডিট লিপিবদ্ধ কৰা হৈছিল, য’ত প্ৰচলিত প্ৰায় ১০০০ মিলিয়ন টকাৰ ক্ৰেডিট দেখা গৈছিল।

আৰক্ষীৰ মতে, সমগ্ৰ অনুষ্ঠানটো আয়োজন কৰিছিল এগৰাকী ৩২ বছৰীয়া থাই মহিলাই। মাষ্টাৰমাইণ্ড মহিলাগৰাকীৰ নাম ছিট্ৰানন কেভেলৰ,যিয়ে জুৱাৰ বিশেষ ব্যৱস্থা কৰিছিল। সকলো জুৱাৰ সামগ্ৰী ভাৰতৰ পৰা অনা হৈছিল। লগতে জুৱাৰীসকলক খাদ্য আৰু ৰুম চাৰ্ভিচৰ ব্যৱস্থাৰ বিশেষ ব্যৱস্থা কৰা হৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস