--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা কলকলৈ লাগিল পয়মাল৷ কথাতে আছে ভোকে একো চিনি নাপায়৷ ভোকাতুৰ লোক এজনৰ সন্মুখত খাদ্য পৰিলে সেই খাদ্য গোগ্ৰাসে  গিলিবলৈ মন কৰে ভোকাতুৰ জনে৷ তেনে এক ঘটনাই ঘটিছে  দক্ষিণ কোৰিয়াৰ ৰাজধানী চিউলৰ এটা সংগ্ৰহালয়ত৷  সংগ্ৰহালয়টোলৈ দৰ্শক হিচাবে যোৱা এজন যুৱকে সংগ্ৰহালয়ত ৰখা এটা ৯৮ লাখ টকা মূল্যৰ কলেই খাই পেলালে৷ 

 যুৱক জনে ঘৰত  একো নোখোৱাকৈ সংগ্ৰহালয়টো দৰ্শন কৰিবলৈ আহিছিল। ভোকে তেওঁক বৰকৈ আমনি কৰিবলৈ আৰম্ভ কৰিছিল৷ তেনে সময়তে তেওঁ সংগ্ৰহালয়ৰ দেৱালত  আঁৰি ৰখা অতি মূল্যৱা কলটো খাই পেলাইছিল। আচৰিত কথাটো হ'ল যে সেই কলটোৰ মূল্য আছিল ৯৮  লাখ টকা! দক্ষিণ কোৰিয়াৰ ৰাজধানী চিউলৰ লিউম মিউজিয়াম অৱ আৰ্টত ইটালীৰ শিল্পী মাউৰিজিঅ কেটেলনৰ এটা শিল্পকৰ্ম আছে। 


অতি মূল্যৱান সেই শিল্পকৰ্মত টেপৰ সহায়ত বেৰত কল এটা লগাই থোৱা হৈছিল। নোহ হুইন চু নামৰ এজন ছাত্ৰই সংগ্ৰহলায়টো  চাবলৈ আহিছিল ।  তেওঁ দেৱালত কল এটা লগাই থোৱা দেখিছিল, তেওঁ কলটো কোনো চিন্তা নকৰাকৈয়ে বাকলি গুচাই খাই পেলায়৷  এই ঘটনাৰ এটা  ভিডিঅ'ও ভাইৰেল হৈ পৰিছে।

নোহ হিউন চু চিউল বিশ্ববিদ্যালয়ৰ এজন কলা বিভাগৰ ছাত্ৰ৷কিন্তু অতি মূল্যৱান চিত্ৰকৰ্মৰ সৈতে আঁৰি ৰখা কলটো খাই পেলোৱাৰ বাবে সংগ্ৰহালয় কৰ্তৃপক্ষই যুৱকজনক কোনো   শাস্তি নিবিহিলে৷ ইয়াৰ পৰিৱৰ্তে তেওঁ ঘৰলৈ  যাবলৈ অনুমতি দিয়া হয়। সংগ্ৰহালয় কৰ্তৃপক্ষই আন এটা কল আনি দেৱালত লগাই দিয়ে৷  জানিব পৰা মতে  সংগ্ৰহালয়ৰ মানুহে প্ৰতি তিনি দিনৰ মূৰে মূৰে মাউৰিজিঅ'ৰ শিল্পকৰ্মত কল সলনি কৰে। 

ইটালীৰ শিল্পী মাউৰিজিঅ কেটেলনৰ কলা প্ৰথমবাৰৰ বাবে ২০১৯ চনত মিয়ামি বীচ আৰ্ট বাছেলত প্ৰদৰ্শিত হৈছিল। সেই সময়ত সেই চিত্ৰকৰ্ম ৯৮ লাখ টকাৰো অধিক মূল্যত বিক্ৰী কৰা হৈছিল। কলটোক প্ৰতিকী ৰূপত চিত্ৰকৰ্মৰ সৈতে আঁৰি থোৱা হয়৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন