--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা কলকলৈ লাগিল পয়মাল৷ কথাতে আছে ভোকে একো চিনি নাপায়৷ ভোকাতুৰ লোক এজনৰ সন্মুখত খাদ্য পৰিলে সেই খাদ্য গোগ্ৰাসে  গিলিবলৈ মন কৰে ভোকাতুৰ জনে৷ তেনে এক ঘটনাই ঘটিছে  দক্ষিণ কোৰিয়াৰ ৰাজধানী চিউলৰ এটা সংগ্ৰহালয়ত৷  সংগ্ৰহালয়টোলৈ দৰ্শক হিচাবে যোৱা এজন যুৱকে সংগ্ৰহালয়ত ৰখা এটা ৯৮ লাখ টকা মূল্যৰ কলেই খাই পেলালে৷ 

 যুৱক জনে ঘৰত  একো নোখোৱাকৈ সংগ্ৰহালয়টো দৰ্শন কৰিবলৈ আহিছিল। ভোকে তেওঁক বৰকৈ আমনি কৰিবলৈ আৰম্ভ কৰিছিল৷ তেনে সময়তে তেওঁ সংগ্ৰহালয়ৰ দেৱালত  আঁৰি ৰখা অতি মূল্যৱা কলটো খাই পেলাইছিল। আচৰিত কথাটো হ'ল যে সেই কলটোৰ মূল্য আছিল ৯৮  লাখ টকা! দক্ষিণ কোৰিয়াৰ ৰাজধানী চিউলৰ লিউম মিউজিয়াম অৱ আৰ্টত ইটালীৰ শিল্পী মাউৰিজিঅ কেটেলনৰ এটা শিল্পকৰ্ম আছে। 


অতি মূল্যৱান সেই শিল্পকৰ্মত টেপৰ সহায়ত বেৰত কল এটা লগাই থোৱা হৈছিল। নোহ হুইন চু নামৰ এজন ছাত্ৰই সংগ্ৰহলায়টো  চাবলৈ আহিছিল ।  তেওঁ দেৱালত কল এটা লগাই থোৱা দেখিছিল, তেওঁ কলটো কোনো চিন্তা নকৰাকৈয়ে বাকলি গুচাই খাই পেলায়৷  এই ঘটনাৰ এটা  ভিডিঅ'ও ভাইৰেল হৈ পৰিছে।

নোহ হিউন চু চিউল বিশ্ববিদ্যালয়ৰ এজন কলা বিভাগৰ ছাত্ৰ৷কিন্তু অতি মূল্যৱান চিত্ৰকৰ্মৰ সৈতে আঁৰি ৰখা কলটো খাই পেলোৱাৰ বাবে সংগ্ৰহালয় কৰ্তৃপক্ষই যুৱকজনক কোনো   শাস্তি নিবিহিলে৷ ইয়াৰ পৰিৱৰ্তে তেওঁ ঘৰলৈ  যাবলৈ অনুমতি দিয়া হয়। সংগ্ৰহালয় কৰ্তৃপক্ষই আন এটা কল আনি দেৱালত লগাই দিয়ে৷  জানিব পৰা মতে  সংগ্ৰহালয়ৰ মানুহে প্ৰতি তিনি দিনৰ মূৰে মূৰে মাউৰিজিঅ'ৰ শিল্পকৰ্মত কল সলনি কৰে। 

ইটালীৰ শিল্পী মাউৰিজিঅ কেটেলনৰ কলা প্ৰথমবাৰৰ বাবে ২০১৯ চনত মিয়ামি বীচ আৰ্ট বাছেলত প্ৰদৰ্শিত হৈছিল। সেই সময়ত সেই চিত্ৰকৰ্ম ৯৮ লাখ টকাৰো অধিক মূল্যত বিক্ৰী কৰা হৈছিল। কলটোক প্ৰতিকী ৰূপত চিত্ৰকৰ্মৰ সৈতে আঁৰি থোৱা হয়৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস