--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিক আদিলক পাবলৈ নিজৰ ধৰ্মই সলনি কৰি ফাতিমা নাম লৈছিল অভিনেত্ৰী ৰাখী সাৱন্তে। আদিলৰ সৈতে এতিয়া ৰাখীৰ বিয়া ভাগিছে। ধৰ্।ণৰ গোচৰত স্বামী আদিল কাৰাগাৰত আছে। জানুৱাৰী মাহত ৰাখী সাৱন্তৰ বিবাহৰ বাতৰি প্ৰকাশ পাইছিল। বিয়াৰ কেইদিনমানৰ পিছতে সিটোকৈ বৈবাহিক বিতৰ্ক আৰম্ভ হৈছিল। 

ৰাখী সাৱন্ত আৰু আদিল দুৰানীৰ বৈবাহিক বিতৰ্ক  গোটেই ফেব্ৰুৱাৰী মাহটোত সংবাদমাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। বিবাহৰ সময়ত ৰাখীয়ে তেওঁৰ ধৰ্ম সলনি কৰিছিল আৰু ইছলাম গ্ৰহণ কৰিছিল। ৰাখীয়ে তেওঁৰ  নাম ফাতিমালৈ সলনি কৰিছিল। কিন্তু যাৰ বাবে ইমান খিনি কৰিলে তেঁৱেই এতিয়া ৰাখীৰ কাষত নাই। আদিল এতিয়া কাৰাগাৰত আছে। এনে সময়তে অভিনেত্ৰীগৰাকীয়ে  উমৰাহ  কৰিবলৈ মক্কালৈ যোৱাৰ মন মেলিছে। উল্লেখ্য  উমৰাহ  হৈছে মক্কালৈ যিকোনো সময়তে পূণ্য অৰ্জনৰ বাবে যাব পৰা তীৰ্থ যাত্ৰা।

 ফাতিমা নাম গ্ৰহণ কৰা ৰাখীয়ে  নিজেই প্ৰকাশ কৰিছে যে তেওঁ ৫ বাৰ নামাজ পঢ়ে । পূণ্য অৰ্জনৰ বাবে  ৰাখীয়ে  এইবাৰ  ৰমজান মাহত মক্কালৈ যাব বিচাৰিছে। অৱশ্যে তেওঁ নিশ্চিত নহয় যে তেওঁ মক্কালৈ যোৱাৰ অনুমতি পাব নে নাই। মক্কালৈ যোৱাৰ অনুমোদন  বিচাৰি ৰাখীয়ে  ইতিমধ্যে জামা মছজিদত আবেদন দাখিল কৰিছে। নাম পৰিবৰ্তনৰ শপতনামাও  অভিনেত্ৰীগৰাকীয়ে আবেদনৰ সৈতে দাখিল কৰিছে বুলি জানিব পৰা গৈছে।  

তেওঁ ফটোগ্ৰাফাৰসকলক কয় , "মই দিনে পাঁচবাৰ নামাজ  পঢ়ো। মই আল্লাত  বিশ্বাস কৰো। যদি তেওঁ বিচাৰে, মই নিশ্চিতভাৱে ৰমজানত উমৰাহলৈ যাব পাৰিম। মই এমাহৰ বাবে ৰমজান পালন কৰিম। মই সেই সময়ত জিমলৈ নাযাওঁ। মই উপবাস কৰি প্ৰাৰ্থনা কৰিম"। ৰাখীয়ে লগতে কয়, "যদি মই  উমৰাহলৈ যাব পাৰো, মই বিশ্বাস কৰোঁ যে মোৰ ভাগ্য মুকলি হ'ব।" 

ৰাখীৰ স্বামী আদিল দুৰানী বৰ্তমান প্ৰৱঞ্চনা আৰু ঘৰুৱা হিংসাৰ অভিযোগত কাৰাগাৰত আছে। ৰাখীয়ে তেওঁৰ বিৰুদ্ধে আদালতত এটা গোচৰ তৰি থৈছে। ৰাখীৰ মতে আদিলে যি কৰিছে তাৰ বাবে শাস্তি পাব, আৰু তেওঁ ন্যায় পাব। কিন্তু তেওঁ তেওঁৰ জীৱনত থমকি নৰয়। ৰাখীয়ে  অলপতে ডুবাইত অভিনয় আৰু নৃত্যৰ একাডেমী এখন মুকলি কৰিছে।  একে খন একাডেমী  মুম্বাইতো মুকলি কৰা হ'ব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement