--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰ খন এতিয়া বহু শক্তিশালী হৈ পৰিছে। চীন-পাকিস্তানৰ পৰা আহি থকা অহৰহ ভাবুকিৰ মাজতে  প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (ডিআৰডিঅ') ঘৰুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা  অতি-কম দূৰত্বৰ এণ্টি-এয়াৰক্ৰাফ্ট মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰিছে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে উৰিষ্যাৰ চান্দিপুৰত ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ (আইটিআৰ) পৰা পৰীক্ষণ কৰা দুটা  'লেণ্ড-টু-এয়াৰ' মিছাইলে বংগোপসাগৰৰ  নিৰ্দিষ্ট লক্ষ্যত আঘাত কৰিবলৈ সক্ষম হয়।প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে  এই সফল পৰীক্ষণৰ  ফলস্বৰূপে ভৱিষ্যতে ভাৰতে আকাশী প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই যাব। এই অতি কম দূৰত্বভেদী  'লেণ্ড-টু-এয়াৰ' মিছাইলটোক সামৰিক পৰিভাষাত 'ভেৰী শ্বৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স চিষ্টেম' (ভিএছ-হোৰাডছ) বুলি কোৱা হয়। 

'ইলেক্ট্ৰ-অপ্টিকেল ট্ৰেকিং চিষ্টেম'ৰ সহায়ত অতি কম উচ্চতাত উৰি থকা শত্ৰুৰ বিমান, ড্ৰোন আৰু মিছাইল চিনাক্ত কৰি সেইবোৰ ধ্বংস কৰিবলৈ ই সক্ষম হ’ব।  এই মিছাইলটো কেৱল এজন সৈনিকেই  কঢ়িয়াই নিব  পাৰিব আৰু এজন সৈনিকেই  নিক্ষেপ কৰিবও পাৰিব।

এই মিছাইল নিৰ্মাণৰ সৈতে  প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন গৱেষণাগাৰ (ডিআৰডিএল), হায়দৰাবাদ স্থিত গৱেষণা কেন্দ্ৰ ইমাৰাট (আৰচিআই) আৰু পুনেস্থিত গৱেষণা আৰু বিকাশ অভিযন্তাৰ দৰে একাধিক প্ৰতিষ্ঠানৰ বিজ্ঞানীসকল জড়িত হৈ আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মিছাইলবিধৰ সফল পৰীক্ষণৰ বাবে বিজ্ঞানীসকলক  অভিনন্দন জনাই কয়, "এনে পৰীক্ষণে আমাৰ সশস্ত্ৰ বাহিনীৰ প্ৰযুক্তিগত উৎকৰ্ষতাক এক নতুন মাত্ৰা প্ৰদান কৰিব।" 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু