--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰ খন এতিয়া বহু শক্তিশালী হৈ পৰিছে। চীন-পাকিস্তানৰ পৰা আহি থকা অহৰহ ভাবুকিৰ মাজতে  প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (ডিআৰডিঅ') ঘৰুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা  অতি-কম দূৰত্বৰ এণ্টি-এয়াৰক্ৰাফ্ট মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰিছে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে উৰিষ্যাৰ চান্দিপুৰত ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ (আইটিআৰ) পৰা পৰীক্ষণ কৰা দুটা  'লেণ্ড-টু-এয়াৰ' মিছাইলে বংগোপসাগৰৰ  নিৰ্দিষ্ট লক্ষ্যত আঘাত কৰিবলৈ সক্ষম হয়।প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে  এই সফল পৰীক্ষণৰ  ফলস্বৰূপে ভৱিষ্যতে ভাৰতে আকাশী প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই যাব। এই অতি কম দূৰত্বভেদী  'লেণ্ড-টু-এয়াৰ' মিছাইলটোক সামৰিক পৰিভাষাত 'ভেৰী শ্বৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স চিষ্টেম' (ভিএছ-হোৰাডছ) বুলি কোৱা হয়। 

'ইলেক্ট্ৰ-অপ্টিকেল ট্ৰেকিং চিষ্টেম'ৰ সহায়ত অতি কম উচ্চতাত উৰি থকা শত্ৰুৰ বিমান, ড্ৰোন আৰু মিছাইল চিনাক্ত কৰি সেইবোৰ ধ্বংস কৰিবলৈ ই সক্ষম হ’ব।  এই মিছাইলটো কেৱল এজন সৈনিকেই  কঢ়িয়াই নিব  পাৰিব আৰু এজন সৈনিকেই  নিক্ষেপ কৰিবও পাৰিব।

এই মিছাইল নিৰ্মাণৰ সৈতে  প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন গৱেষণাগাৰ (ডিআৰডিএল), হায়দৰাবাদ স্থিত গৱেষণা কেন্দ্ৰ ইমাৰাট (আৰচিআই) আৰু পুনেস্থিত গৱেষণা আৰু বিকাশ অভিযন্তাৰ দৰে একাধিক প্ৰতিষ্ঠানৰ বিজ্ঞানীসকল জড়িত হৈ আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মিছাইলবিধৰ সফল পৰীক্ষণৰ বাবে বিজ্ঞানীসকলক  অভিনন্দন জনাই কয়, "এনে পৰীক্ষণে আমাৰ সশস্ত্ৰ বাহিনীৰ প্ৰযুক্তিগত উৎকৰ্ষতাক এক নতুন মাত্ৰা প্ৰদান কৰিব।" 








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement