ডিজিটেল ডেস্কঃ মানুহৰ যুটিটো ওপৰৱালাই নিৰ্ণয় কৰে বুলি কোৱা হয়। জন্ম, মৃত্যু, বিবাহ সদায় ঈশ্বৰৰ হাতত। শেহতীয়াকৈ এখন বিয়া চৰ্চিত হৈ পৰিছে। বিশ্বৰ আটাইতকৈ চাপৰ বডী বিল্ডাৰগৰাকীয়ে বিচাৰি পালে কইনা। মাত্ৰ ৩.৩ ফুট উচ্চতাৰ বডী বিল্ডাৰ প্ৰতীক মোহিতৰ বিয়াই লাভ কৰিছে চৰ্চা।

২৮ বছৰীয়া প্ৰতীক মোহিতৰ নাম বিশ্বৰ আটাইতকৈ চাপৰ বডী বিল্ডাৰ হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হৈছে।

নিজৰ বিয়াৰ সন্দৰ্ভত প্ৰতীকে কয় যে তেওঁ ৰায়গড়ৰ বাসিন্দা আৰু তেওঁৰ পত্নী ১২০ কিলোমিটাৰ দূৰৰ পুনেৰ। প্ৰতীকৰ উচ্চতা ৩ ফুট ৩৪ ইঞ্চি আৰু পত্নী জয়াৰ উচ্চতা ৪ ফুট ২ ইঞ্চি। প্ৰতীকে ক’লে যে ৪ বছৰ আগতে তেওঁৰ দেউতাকে তেওঁক জয়াৰ লগত চিনাকি কৰাই দিছিল আৰু সেই সময়ছোৱাতে তেওঁ জয়াক ভাল পাই পেলাইছিল।

প্ৰতীকে কয়, মই ২০১৮ চনত জয়াক লগ পাইছিলো আৰু ২০১৬ চনত বডী বিল্ডিং আৰম্ভ কৰিছিলো। জয়াক লগ পোৱাৰ সময়ত মই ইমান সফল হোৱা নাছিলো। মই জানিছিলো যে বিয়াৰ পাছত মোৰ ওপৰত জয়াৰ দায়িত্বও আহি পৰিব। মই জয়াক কৈছিলো যে প্ৰথমে মই ভৰিৰ ওপৰত থিয় দিম আৰু তাৰপাছতহে তোমাক বিয়া কৰাম। লাহে লাহে সময় পাৰ হৈ গ’ল আৰু মই সফলতা পালোঁ৷ মোৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত আছে আৰু মই এজন ফিটনেছ ট্ৰেইনাৰ হ’লো। নিজৰ ভৰিৰ ওপৰত থিয় হ’ব পাৰিছো বুলি অনুভৱ কৰাৰ পাছতেই মই জয়াক বিয়া কৰোৱাৰ সিদ্ধান্ত ল’লো।

এতিয়া সকলোৱে প্ৰতীক মোহিত আৰু জয়াৰ যুগ্ম জীৱন সুখৰ হ’বলৈ শুভকামনা জনাইছে।