--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ৰামচন্দ্ৰৰ ওপৰত খং উঠিল খোদ এগৰাকী বিজেপি বিধায়কৰ। কৰ্ণাটকত এগৰাকী বিজেপি বিধায়কে ৰামচন্দ্ৰ মূৰ্তিক চৰম অপমান কৰাৰ দুঃসাহস কৰে। ৰামৰ মূৰ্তিটোত উঠি তাৰ ওপৰত ভৰি দি ফটোৰ বাবে পোজ দিলে কৰ্ণাটকৰ বদাৰ জিলাৰ বাসৱকল্যান বিধান সভা সমষ্টিৰ বিজেপি বিধায়ক শৰণু ছালাগাৰে।

ইতিমধ্যে বিষয়টোক লৈ সন্দৰ্ভত সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ আৰম্ভ হৈছে। কৰ্ণাটক কংগ্ৰেছৰ ৰাজ্যিক ইউনিটে ৰামৰ মূৰ্তিত ভৰি দি ফটোৰ বাবে পোজ দিয়া ঘটনাক লৈ বিজেপি বিধায়ক শৰণু ছালাগাৰক তীব্ৰ সমালোচনা কৰিছে।

ৰামৰ মূৰ্তিত ভৰি দিয়া বিজেপি বিধায়ক শৰণু ছালাগাৰৰ ৰামভক্তিত সন্দেহ প্ৰকাশ কৰি সচেতন মহলে প্ৰশ্ন কৰিছে যে বিজেপিৰ লগত লগলাগি হিন্দুৰাষ্ট্ৰৰ কথা কোৱা দেশৰ ধৰ্মগুৰু সকলে এই বিষয়ে কিয় মাত মতা নাই।

এই ঘটনাৰ পিছত একাংশই কৈছে যে বিজেপিৰ বাবে ‘ৰাম’ নিৰ্বাচনী ৰাজনীতিৰ সামগ্ৰীহে। এয়া প্ৰকৃত ভক্তি নহয়। বিৰোধী আৰু সচেতন মহলে এই ফটোখন ছচিয়েল মিডিয়াত আপলোড কৰি বিজেপিৰ বিধায়ক শৰণু ছালাগাৰাই হিন্দুসকলৰ ধৰ্মীয় আৱেগক আঘাত কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে আৰু কিছুদিন পিছতেই কৰ্ণাটকত অনুষ্ঠিত হ’ব বিধান সভাৰ নিৰ্বাচন। ইতিমধ্যেই ৰাজ্যখনৰ ৰাজনীতিৰ সোঁত বিজেপিৰ বিৰুদ্ধে ববলৈ আৰম্ভ কৰিছে। এতিয়া বিজেপি বিধায়কৰ এই কাণ্ডই নিৰ্বাচনতো প্ৰভাৱ পেলাব বুলি আশংকা প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষক সকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন