--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ৰামচন্দ্ৰৰ ওপৰত খং উঠিল খোদ এগৰাকী বিজেপি বিধায়কৰ। কৰ্ণাটকত এগৰাকী বিজেপি বিধায়কে ৰামচন্দ্ৰ মূৰ্তিক চৰম অপমান কৰাৰ দুঃসাহস কৰে। ৰামৰ মূৰ্তিটোত উঠি তাৰ ওপৰত ভৰি দি ফটোৰ বাবে পোজ দিলে কৰ্ণাটকৰ বদাৰ জিলাৰ বাসৱকল্যান বিধান সভা সমষ্টিৰ বিজেপি বিধায়ক শৰণু ছালাগাৰে।

ইতিমধ্যে বিষয়টোক লৈ সন্দৰ্ভত সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ আৰম্ভ হৈছে। কৰ্ণাটক কংগ্ৰেছৰ ৰাজ্যিক ইউনিটে ৰামৰ মূৰ্তিত ভৰি দি ফটোৰ বাবে পোজ দিয়া ঘটনাক লৈ বিজেপি বিধায়ক শৰণু ছালাগাৰক তীব্ৰ সমালোচনা কৰিছে।

ৰামৰ মূৰ্তিত ভৰি দিয়া বিজেপি বিধায়ক শৰণু ছালাগাৰৰ ৰামভক্তিত সন্দেহ প্ৰকাশ কৰি সচেতন মহলে প্ৰশ্ন কৰিছে যে বিজেপিৰ লগত লগলাগি হিন্দুৰাষ্ট্ৰৰ কথা কোৱা দেশৰ ধৰ্মগুৰু সকলে এই বিষয়ে কিয় মাত মতা নাই।

এই ঘটনাৰ পিছত একাংশই কৈছে যে বিজেপিৰ বাবে ‘ৰাম’ নিৰ্বাচনী ৰাজনীতিৰ সামগ্ৰীহে। এয়া প্ৰকৃত ভক্তি নহয়। বিৰোধী আৰু সচেতন মহলে এই ফটোখন ছচিয়েল মিডিয়াত আপলোড কৰি বিজেপিৰ বিধায়ক শৰণু ছালাগাৰাই হিন্দুসকলৰ ধৰ্মীয় আৱেগক আঘাত কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে আৰু কিছুদিন পিছতেই কৰ্ণাটকত অনুষ্ঠিত হ’ব বিধান সভাৰ নিৰ্বাচন। ইতিমধ্যেই ৰাজ্যখনৰ ৰাজনীতিৰ সোঁত বিজেপিৰ বিৰুদ্ধে ববলৈ আৰম্ভ কৰিছে। এতিয়া বিজেপি বিধায়কৰ এই কাণ্ডই নিৰ্বাচনতো প্ৰভাৱ পেলাব বুলি আশংকা প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষক সকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?