--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুয়োজন ছাত্ৰই একেগৰাকী সহপাঠীনীৰে প্ৰেমত পৰিছে। সেইবাবেই মধ্যপ্ৰদেশৰ ভূপালৰ মাখনলাল চতুৰ্বেদী ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত ধূন্ধুমাৰ কাণ্ড সংঘটিত হ’ল। সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰথমে দুয়োগৰাকী ছাত্ৰই মাজত কাজিয়াত লিপ্ত হয়। তাৰ এজনে বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৰা লগৰ কিছুমানক মাতি আনে। সেই দলটোৱে হোষ্টেলত প্ৰৱেশ কৰি হাংগামা চলায়।

জানিব পৰা মতে, সহপাঠীনীৰ লগত কাৰ সম্পৰ্ক হ’ব সেই লৈ ছাত্ৰ দুজনৰ মাজত কাজিয়া হৈছিল। তাৰপাছতে এদল ল’ৰাই বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰি হাংগামা চলালে। হোষ্টেল আৰু বিশ্ববিদ্যালয়ৰ বিভিন্ন চুকত স্থাপন কৰা চিচিটিভিত বন্দী হ’ল ইয়াৰ দৃশ্যসমূহ।

তাত দেখা গৈছে বাহিৰৰ ল’ৰাই ছাত্ৰাবাসৰ কোঠাবোৰ ভাঙি সোমাইছে। মাৰপিট কৰা হৈছে। কিছুসময় এনেধৰণৰ কাণ্ড কৰি দলটো হোষ্টেলৰ পৰা উলাই যায়।

এই ঘটনাৰ তদন্তৰ বাবে ভোপাল বিশ্ববিদ্যালয়ে গঠন কৰিছে এখন কমিটী। কমিটীয়ে ছাত্ৰ দুজনক জেৰা কৰিব। আৰক্ষীয়েও নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে। বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰি যি ধৰণে হিংসাত্মক কার্য সংঘটিত কৰা হৈছে, তাক লৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল আতংকিত হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল