--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মন কী বাত ৰেডিঅ’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমালয়ৰ ডিমৰুৰ কথা উল্লেখ কৰিছিল। পাহাৰত পোৱা এই ফল স্বাস্থ্যৰ বাবে অতি উপকাৰী। 

উত্তৰাখণ্ডত বহু ধৰণৰ ঔষধ আৰু উদ্ভিদ পোৱা যায়, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। তাৰে এটা ফল ডিমৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মন কী বাত ৰেডিঅ’ অনুষ্ঠানত এই পাহাৰীয়া ফল অৰ্থাৎ হিমালয়ৰ ডিমৰুৰ বিষয়ে উল্লেখ কৰিছিল। পাহাৰী ডিমৰুত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন এ, বি ১, বি ২ আৰু চি থাকে। ইয়াৰ সোৱাদ একেবাৰে বেলেগ। এই ফল বিধৰ  কিছু উপকাৰিতাৰ বিষয়ে জানো আহক।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ফলৰ গুৰুত্বৰ বিষয়ে কয়।তেওঁ কয় যে ‘এই ফলত খনিজ আৰু ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়। মানুহে ইয়াক কেৱল ফল হিচাপেই নহয়, বহু ৰোগৰ চিকিৎসাতো ইয়াক ব্যৱহাৰ কৰা হয়। এই ফলৰ এই গুণসমূহৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বজাৰত মুকলি কৰা হৈছে ডিমৰুৰ জাম, চাটনি, আচাৰ আৰু শুকান ফলৰ ৰস।

হিমালয়ান ডিমৰুৰ উপকাৰিতা

১) হিমালয়ৰ ডিমৰুৱে উচ্চ ঘনত্বৰ লাইপোপ্ৰটিন বৃদ্ধি কৰাত সহায় কৰে। ইয়াক খালে হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা কমি যায়।

২) যদি আপোনাৰ ব্লাড চুগাৰ কম হয় তেন্তে হিমালয়ৰ ডিমৰু খাব পাৰে।

৩) যদি তেজত কলেষ্টেৰলৰ মাত্ৰা বেছি হয়, তেন্তে হিমালয়ৰ ডিমৰু আপোনাৰ বাবে ভাল হব পাৰে, ডিমৰু খালে ভাল কলেষ্টেৰল বৃদ্ধি পায়।

৪) কৰ্কট ৰোগ হৈছে এক মাৰাত্মক ৰোগ। হিমালয়ৰ ডিমৰু খালে কৰ্কট ৰোগৰ সম্ভাৱনা কম হয়। খবৰ অনুসৰি ইয়াক খালে পেট আৰু স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হয়।

৫) ডিমৰুৰ মহিলা আৰু পুৰুষ উভয়ৰে বাবে ভাল। ই ডিম্বাণু নিঃসৰণ আৰু শুক্ৰাণুৰ মানদণ্ড উন্নত কৰিব পাৰে।

৬) আঁহযুক্ত ডিমৰু এটা ডাঙৰ পুষ্টিকৰ জলপান। প্ৰতিবেদন অনুসৰি, ইয়াক খালে ওজন নিয়ন্ত্ৰণত সহায়ক হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু