--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৃথিৱীৰ সকলো মানুহৰ স্বভাৱ প্ৰায়ে বেলেগ বেলেগ ধৰণৰ হোৱা দেখা যায়। একেটা পৰিয়ালৰো সকলো মানুহৰ চিন্তাধাৰা কেতিয়াও একে নহয় আৰু এনে অৱস্থাত যিকোনো লোকক দেখাৰ লগে লগে আমি তেওঁ কেনেকুৱা স্বভাৱৰ হ’ব, সেই কথা নাজানো। তেতিয়াই আমি বিপদত পৰিব পাৰো। এনে পৰিস্থিতিত আজি আনৰ স্বভাৱ আৰু আচৰণ জানিবলৈ এটা সুন্দৰ পদ্ধতি জানি লওঁক।

 ভাৰতীয় দৰ্শনত জ্যোতিষশাস্ত্ৰৰ বহুতো ভাগ আছে। ইয়াৰ ভিতৰত এটা হৈছে সমুদ্ৰিক শাস্ত্ৰ। এই শাস্ত্ৰত কোৱা হৈছে যে এজন ব্যক্তিৰ অংগ চাই তেওঁৰ স্বভাৱ, গুণ আৰু ভৱিষ্যতৰ বিষয়ে জানিব পাৰি। সমুদ্ৰশাস্ত্ৰ অনুসৰি এজন ব্যক্তিৰ চুলিৰ গঠন চাই কেনেকৈ তেওঁৰ স্বভাৱৰ বিষয়ে জানিব পাৰি চাওঁ আহক।

* সমুদ্ৰিকশাস্ত্ৰৰ মতে, কোঁচা চুলি থকা লোকসকলক তেওঁলোকৰ কামৰ প্ৰতি অতি গুৰুত আৰু সৃষ্টিশীল বুলি গণ্য কৰা হয়। এনে লোকে পূৰ্ণ নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব পালন কৰে। কঠোৰ পৰিশ্ৰম তেওঁলোকৰ বিশেষত্ব আৰু ইয়াৰ ভিত্তিত তেওঁলোকে নিজৰ পৰিচয় স্থাপন কৰে।

* জ্যোতিষশাস্ত্ৰৰ মতে কোমল আৰু মিহি চুলিৰ লোকসকল নেতৃত্বৰ গুণেৰে ভৰপূৰ। এনে লোকে নিজৰ স্বভাৱতে আনক অতি সোনকালে প্ৰভাৱিত কৰে। সমুদ্ৰশাস্ত্ৰৰ মতে এনে লোকে জীৱনত বহু সুখ আৰু সমৃদ্ধি লাভ কৰাৰ লগতে সমাজত খ্যাতি স্থাপন কৰিব পাৰে।

* সমুদ্ৰিক শাস্ত্ৰত কোৱা হৈছে যে পাতল চুলি গৰাকীসকল স্বভাৱত দয়ালু আৰু মৰমীয়াল হয়। এনে লোকসকল সৃষ্টিশীল প্ৰকৃতিৰ আৰু সকলোতে নতুন কিবা এটা কৰাৰ মানস কৰে। এনে লোকৰ মন স্বচ্ছ হোৱা বাবে তেওঁ সকলো কথা দ্বিধাহীনভাৱে কয়।

* যিসকল লোকৰ চুলিবোৰ খুব চিধা হয়, তেওঁলোকে সকলো কাম অতি বুদ্ধিৰে কৰে। যিকোনো পৰিকল্পনা সকলো দিশ আলোচনা কৰিহে আগবাঢ়ে। এনে লোকে কোনো ধৰণৰ দায়িত্ব ল’বলৈ সংকোচবোধ নকৰে।

 * সমুদ্ৰিক শাস্ত্ৰৰ মতে ৰংচুৱা ৰঙৰ চুলি গৰাকীসকল শান্তিপ্ৰিয় আৰু চতুৰ বুলি গণ্য কৰা হয়। এনে লোকে অলপ মেজাজী যদিও সদায় নিজৰ পৰিয়ালক প্ৰথম স্থানত ৰাখে। এনে লোকৰ কলা-সাহিত্যৰ প্ৰতি অতি আগ্ৰহী। তেওঁলোকৰ আত্মবিশ্বাসৰ অভাৱ যদিও কামত তেওঁলোক দক্ষ।

* ক’লা চুলি ৰঙৰ চুলি গৰাকীসকল অনুশাসনত অতি দৃঢ় বুলি গণ্য কৰা হয়। এনে লোকে এবাৰ কামৰ দায়িত্ব ল’লে, সম্পূৰ্ণ কৰাৰ পাছতহে উশাহ লয়। জীৱনৰ সৌন্দৰ্য্য আৰু সততাৰ প্ৰতি তেওঁলোক সদায় আকৰ্ষিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement