--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৃথিৱীৰ সকলো মানুহৰ স্বভাৱ প্ৰায়ে বেলেগ বেলেগ ধৰণৰ হোৱা দেখা যায়। একেটা পৰিয়ালৰো সকলো মানুহৰ চিন্তাধাৰা কেতিয়াও একে নহয় আৰু এনে অৱস্থাত যিকোনো লোকক দেখাৰ লগে লগে আমি তেওঁ কেনেকুৱা স্বভাৱৰ হ’ব, সেই কথা নাজানো। তেতিয়াই আমি বিপদত পৰিব পাৰো। এনে পৰিস্থিতিত আজি আনৰ স্বভাৱ আৰু আচৰণ জানিবলৈ এটা সুন্দৰ পদ্ধতি জানি লওঁক।

 ভাৰতীয় দৰ্শনত জ্যোতিষশাস্ত্ৰৰ বহুতো ভাগ আছে। ইয়াৰ ভিতৰত এটা হৈছে সমুদ্ৰিক শাস্ত্ৰ। এই শাস্ত্ৰত কোৱা হৈছে যে এজন ব্যক্তিৰ অংগ চাই তেওঁৰ স্বভাৱ, গুণ আৰু ভৱিষ্যতৰ বিষয়ে জানিব পাৰি। সমুদ্ৰশাস্ত্ৰ অনুসৰি এজন ব্যক্তিৰ চুলিৰ গঠন চাই কেনেকৈ তেওঁৰ স্বভাৱৰ বিষয়ে জানিব পাৰি চাওঁ আহক।

* সমুদ্ৰিকশাস্ত্ৰৰ মতে, কোঁচা চুলি থকা লোকসকলক তেওঁলোকৰ কামৰ প্ৰতি অতি গুৰুত আৰু সৃষ্টিশীল বুলি গণ্য কৰা হয়। এনে লোকে পূৰ্ণ নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব পালন কৰে। কঠোৰ পৰিশ্ৰম তেওঁলোকৰ বিশেষত্ব আৰু ইয়াৰ ভিত্তিত তেওঁলোকে নিজৰ পৰিচয় স্থাপন কৰে।

* জ্যোতিষশাস্ত্ৰৰ মতে কোমল আৰু মিহি চুলিৰ লোকসকল নেতৃত্বৰ গুণেৰে ভৰপূৰ। এনে লোকে নিজৰ স্বভাৱতে আনক অতি সোনকালে প্ৰভাৱিত কৰে। সমুদ্ৰশাস্ত্ৰৰ মতে এনে লোকে জীৱনত বহু সুখ আৰু সমৃদ্ধি লাভ কৰাৰ লগতে সমাজত খ্যাতি স্থাপন কৰিব পাৰে।

* সমুদ্ৰিক শাস্ত্ৰত কোৱা হৈছে যে পাতল চুলি গৰাকীসকল স্বভাৱত দয়ালু আৰু মৰমীয়াল হয়। এনে লোকসকল সৃষ্টিশীল প্ৰকৃতিৰ আৰু সকলোতে নতুন কিবা এটা কৰাৰ মানস কৰে। এনে লোকৰ মন স্বচ্ছ হোৱা বাবে তেওঁ সকলো কথা দ্বিধাহীনভাৱে কয়।

* যিসকল লোকৰ চুলিবোৰ খুব চিধা হয়, তেওঁলোকে সকলো কাম অতি বুদ্ধিৰে কৰে। যিকোনো পৰিকল্পনা সকলো দিশ আলোচনা কৰিহে আগবাঢ়ে। এনে লোকে কোনো ধৰণৰ দায়িত্ব ল’বলৈ সংকোচবোধ নকৰে।

 * সমুদ্ৰিক শাস্ত্ৰৰ মতে ৰংচুৱা ৰঙৰ চুলি গৰাকীসকল শান্তিপ্ৰিয় আৰু চতুৰ বুলি গণ্য কৰা হয়। এনে লোকে অলপ মেজাজী যদিও সদায় নিজৰ পৰিয়ালক প্ৰথম স্থানত ৰাখে। এনে লোকৰ কলা-সাহিত্যৰ প্ৰতি অতি আগ্ৰহী। তেওঁলোকৰ আত্মবিশ্বাসৰ অভাৱ যদিও কামত তেওঁলোক দক্ষ।

* ক’লা চুলি ৰঙৰ চুলি গৰাকীসকল অনুশাসনত অতি দৃঢ় বুলি গণ্য কৰা হয়। এনে লোকে এবাৰ কামৰ দায়িত্ব ল’লে, সম্পূৰ্ণ কৰাৰ পাছতহে উশাহ লয়। জীৱনৰ সৌন্দৰ্য্য আৰু সততাৰ প্ৰতি তেওঁলোক সদায় আকৰ্ষিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু