--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইজনৰ পাছত সিজন বিৰোধী নেতা, ইটোৰ পাছত সিটো বিৰোধী দল। যেতিয়াই পোনপটীয়া পথেৰে বিজেপিয়ে কাবু কৰিব পৰা নাই বিৰোধীক, তেতিয়াই তেওঁলোকে বক্ৰ পথ গ্ৰহণ কৰিছে আৰু বিৰোধীৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। এই বক্ৰ পথ হৈছে ‘ৰেইড’। বিভিন্ন কেন্দ্ৰীয় সংস্থাক হাতৰ পুতলা কৰি লৈ মোদীয়ে ‘ৰেইড ৰাজ’ চলাই থকাৰ অভিযোগ উঠিছে। এই অভিযোগে ক্ৰমাৎ তীব্ৰতা লাভ কৰি আহিছে। কিয়নো ইখনৰ পাছত সিখন বিজেপিবিৰোধী শক্তিয়ে শাসন কৰা ৰাজ্যত চলিছে কেন্দ্ৰীয় বাহিনীৰ ৰেইড, অভিযান, ইটোৰ পাছত সিটো গোচৰ আৰু ইজনৰ পাছত সিজন নেতাক জেৰা। পশ্চিমবংগৰ পৰা মহাৰাষ্ট্ৰলৈকে ইখনৰ পাছত চলিছে মোদীৰ এই ৰেইড ৰাইজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনৰ নিৰ্বাচনী জনসভাত কংগ্ৰেছক সকীয়াই দিছিল যে, "আপোনাকে নিজৰ মুখ বন্ধ ৰাখক, মোৰ ওচৰত আপোনালোক সম্পূৰ্ণ জন্মকুণ্ডলী আছে,।’ অৰ্থাৎ বিৰোধী দলৰ নিজৰ হাতৰ মুঠিত ৰাখি মোদীয়ে তেওঁলোকক চাপত ৰাখিবলৈ বা একধৰণে বাকৰুদ্ধ কৰি ৰাখিবলৈ চেষ্টা চলাইছে। মোদীৰ এই পোনপটীয়া ভাবুকি ২০১৭ চনৰ ফেব্ৰুৱাৰীত বিধানসভা নিৰ্বাচনৰ সময়ত দিয়া দেখা গৈছিল। তেওঁৰ ইজৰাইল ভ্ৰমণৰ কেইমাহমান আগতে তেওঁ এই ভাবুকি দিছিল। তাৰ পাছতে মোদীৰ বহুচৰ্চিত ইজৰাইল ভ্ৰমণৰ সময়তে ভাৰতে স্পাইৱেৰ পেগাচাছ ক্ৰয়ৰ চুক্তি কৰিছিল বুলি জনা যায়। এই পেগাছাছ স্পাইৱেৰ দেশৰ বিজেপি বিৰোধী শিবিৰৰ ব্যক্তিগত গোপনীয়তাৰ অধিকাৰ হৰণ কৰাৰ প্ৰধান আহিলা হৈ পৰিছিল। কিয়নো ইয়াৰ জৰিয়তে বিভিন্ন বিৰোধী দলৰ নেতা, সাংবাদিক, সমাজকৰ্মী আদিৰ ফোনত অবৈধ নজৰদাৰী কৰা হৈছিল। তাৰ তিনি মাহৰ পাছত, অৰ্থাৎ ২০১৭চনৰ ১৫ মে’ত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ সৈতে জড়িত আইএনএক্স মিডিয়া গোচৰত প্ৰথম তথ্য প্ৰতিবেদন দাখিল কৰে। ২০০১ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰ পৰা বিশ্বস্ত বিষয়াসকলৰ দ্বাৰা ৰাজনৈতিক বিৰোধীসকলৰ বিষয়ে সবিশেষ চম্ভালি লোৱাটো মোদীৰ ক্ষমতা ধৰি ৰখাৰ আটাইতকৈ শক্তিশালী সঁজুলি হিচাপে চিহ্নিত হৈছে। বিৰোধীৰ বিষয়ে সকলো তথ্য নখ দৰ্পনত ৰাখি প্ৰয়োজনত তেওঁলোকৰ নেলু চেপা দিয়াটো এতিয়া হৈ পৰিছে এক অব্যৰ্থ কৌশল। যাৰ বাবে পশ্চিম বংগৰ পৰা মহাৰাষ্ট্ৰলৈকে সকলোতে এই কৌশল দেখিবলৈ পোৱা গৈছে। বহু বিৰোধী দলৰ নেতাই বিজেপিৰ এই চাপ সহিব নোৱাৰি দলটোত চামিল হৈছে আৰু বাকীসকলে উশাহ ৰুদ্ধ হৈ পৰা পৰিস্থিতিৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হৈছে। ৰাজনৈতিক বিজ্ঞানীসকলে ঘৰুৱা ৰাজনৈতিক বিৰোধীসকলৰ বিৰুদ্ধে চৰকাৰী নিৰীক্ষণৰ অপব্যৱহাৰ আৰু অসামৰিক সেৱা, সামৰিক আৰু নিৰাপত্তা সেৱাৰ ৰাজনীতিকৰণক ‘ক্ৰিপিং আধিপত্যবাদ’ৰ লক্ষণ হিচাপে বিবেচনা কৰে। মন কৰিবলগীয়া যে, ২০১৪ চনৰ পৰা অৰ্থাৎ কেন্দ্ৰত মোদী শাসনলৈ অহাৰ পাছৰে পৰা ইডি, কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই), আয়কৰ বিভাগ, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ) আৰু নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ দৰে সংস্থাবোৰ সক্ৰিয়তা বৃদ্ধি পোৱা দেখা গৈছে আৰু তেওঁলোকক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। এই কেন্দ্ৰীয় সংস্থাবোৰৰ স্বতন্ত্ৰতাত আঘাত হানি ৰেইড ৰাজ চলোৱাটো দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে হৈ পৰিছে এক অশনি সংকেট। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ