--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘‘কোনেও মোক ভাল নাপায়!’’- এইদৰে দুখপ্ৰকাশ কৰিছে ৰশ্মিকা মন্দনাই।  মানুহে তাইক কিয় ভাল নাপায়, সেইয়া ভাবি আচৰিত হৈছে পুষ্পা ছৱিৰ নায়িকাই।

কিন্তু ৰশ্মিকাই কিয় এইদৰে ভাবিছে সেয়াও চিন্তা-চৰ্চা আৰম্ভ হৈছে অনুৰাগীসকলৰ মাজত৷ সম্প্ৰতি দক্ষিণৰ চিনেমাৰ উপৰিও বলিউডতো নাম কৰিছে অভিনেত্ৰীগৰাকীয়ে৷ সফলতাৰ শিখৰত উপনীত হৈছে মোহময়ী ৰশ্মিকা৷ তথাপিও কিয় ৰশ্মিকাই এই অনুভৱ কৰিছে তাক লৈ অনুৰাগীসকল ব্যস্ত হৈ পৰিছে৷

কিছুদিন আগতে ৰশ্মিকাই কৈছিল যে তেওঁ জনপ্ৰিয় কানাড়া ছৱি 'কান্তাৰা' চোৱা হোৱা নাই। নেটফ্লিক্সত কানাড়া চলচ্চিত্ৰখন মুক্তি পোৱাৰ কেইবামাহ হ'ল, কিন্তু ৰশ্মিকাই এতিয়ালৈকে ইয়াক চাব পৰা নাই।

তাৰ পিছতো ছৱিখনৰ অনুৰাগীসকলৰ মাজত ৰশ্মিকাৰ প্ৰতি বিদ্বেষ আৰম্ভ হৈছে। অভিনেত্ৰীগৰাকীৰ অহংকাৰ হৈে বুলি তেওঁলোকে কৈছে। এইসমূহৰ প্ৰত্যুত্তৰত ৰশ্মিকাই কয়- "মানুহে ভাল পায় আৰু ঘৃণা কৰে। সকলোৰে মন পূৰণ কৰিব নোৱাৰি। "

শেহতীয়াকৈ 'গুডবাই' ছৱিখনৰ পিছত তেওঁ পুনৰ বলীউডত এখন নতুন ছৱিৰ কামত ব্যস্ত আছে।  'মিছন মজনু' নামৰ এই ছবিখন অ'টিটি মঞ্চত মুক্তি দিয়া হ'ব৷ ৰশ্মিকা আৰু তেওঁৰ সহ-অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাক ছৱিখনত দেখা যাব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু