--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  খাদ্যৰ ক্ষেত্ৰত উপযুক্ত মনোযোগৰ অভাৱ আৰু দুৰ্বল জীৱনশৈলীৰ বাবে আজিকালি মানুহৰ মাজত কলেষ্টেৰলৰ সমস্যা বাঢ়িছে। শিৰাত কলেষ্টেৰল জমা হোৱাৰ ফলত শৰীৰত ৰক্ত সঞ্চালন আৰু অক্সিজেন যোগানত প্ৰভাৱ পৰে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। আৰম্ভণিতে যদি এই সমস্যাৰ যত্ন লোৱা নহয়, তেন্তে মানুহৰ জীৱনো হেৰাই যাব পাৰে। আজি আমি আপোনালোকক এনে কিছুমান ঘৰুৱা উপায়ৰ কথা ক'ম, যিবোৰ ব্যৱহাৰ কৰি আপুনি এই ৰোগক আপোনাৰ শৰীৰৰ পৰা আঁতৰাই ৰাখিব পাৰিব।

স্বাস্থ্য বিশেষজ্ঞৰ মতে যদি আপুনি শৰীৰত কলেষ্টেৰলৰ ভাৰসাম্য ৰক্ষা কৰিব বিচাৰে তেন্তে  ৪টা আলমণ্ড, আধা বাটি ওটছ, এচামুচ ফ্লেক্স, এচামুচ সূৰ্য্যমুখী গুটি আৰু ১০টা কিচমিচ তিয়াই লওক। পুৱা সাৰ পোৱাৰ পাছত খালী পেটত এইবোৰ খাব লাগে। কোৱা হয় যে এইবোৰ সেৱনৰ ফলত শৰীৰৰ ধমনীত থকা ফ্ৰ’জেন ফেট লাহে লাহে গলিবলৈ আৰম্ভ কৰে আৰু তেজৰ যোগান সম্পূৰ্ণ স্বাভাৱিক হৈ পৰে।

পুৱা কিচমিচ আৰু সূৰ্যমুখীৰ গুটি খালেও ভাল।চিকিৎসকৰ মতে কিচমিচত ভিটামিন, প্ৰটিন, ফাইবাৰ, পটাছিয়াম, কাৰ্বহাইড্ৰেট আৰু কেলচিয়াম আদি উপাদান পোৱা যায়, যাৰ ফলত শৰীৰত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা হ্ৰাস পায়। ইয়াৰ কাৰণে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকে। একে সময়তে সূৰ্য্যমুখীৰ গুটিত প্ৰদাহ নিবাৰণকে ধৰি বহুতো প্ৰচণ্ড ঔষধি গুণ পোৱা যায়। ইয়াৰ বাবেই ই শৰীৰক ফিট কৰি ৰখাত সহায় কৰে।

মেথি, ফ্লেক্স আৰু আলমণ্ড আদিও উপকাৰী। এণ্টি অক্সিডেণ্ট আৰু ওমেগা-৩ ফেটি এচিড মেথি, ফ্লেক্স আৰু আলমণ্ডত ভাল পৰিমাণে পোৱা যায়। আনহাতে মেথিত ৰাইবোফ্লেভিন, ফলিক এচিড, ৰাইবোফ্লেভিন, ফলিক এচিড, কেলচিয়াম, তাম আৰু আইৰণ আদি অত্যাৱশ্যকীয় উপাদান থাকে। যাৰ বাবে শিৰাত কলেষ্টেৰল জমা নহয়। কলেষ্টেৰল আঁতৰোৱাতো আলমণ্ডক অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়। ইয়াত ভিটামিন-ই, এন্টি-অক্সিডেন্ট আৰু ওমেগা-৩ ফেটি এচিড পোৱা যায়। মেথি নিশা তিয়াই ৰাখিব লাগে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু