--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ছবছৰ ধৰি চলিছিল অসম আন্দোলন। ৮৫৫ জন লোক শ্বহীদ হোৱাৰ পাছত তদানীন্তন আছুৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাক্ষৰত ৰূপায়ণ হৈছিল অসম চুক্তি। বিদেশী চিনাক্ত আৰু বহিষ্কাৰ কৰা, ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা আদি কেতবোৰ বিষয় সমূহেই আছিল অসম চুক্তিৰ অন্যতম বিষয়।

অসম আন্দোলনৰ গইনা লৈ গঠিত হ’ল একমাত্র আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ। ৰাজ্যত দুবাৰকৈ শাসনত অধিষ্ঠিত হ’ল। কিন্তু তাহানিতেই অসম চুক্তি ৰূপায়ণ আৰু স্বাক্ষৰ কৰা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কোনো পদক্ষেপ লোৱা পৰিলক্ষিত নহ’ল। যাৰ ফলত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে চৰকাৰ আহিছে-গৈছে কিন্তু বিষয়টোক ৰাজনৈতিক নেতাবোৰে এটি ৰাজনীতিৰ বিষয় হিচাপেই ব্যবহাৰ কৰি আহিছে।


মৰাণ, মটক, আহোম, কোচ-ৰাজবংশী, চাহ জনগোষ্ঠী আৰু চুতীয়া জনগোষ্ঠীৰ ৰাইজে যুগ-যুগান্তৰে পৰাই জনজাতিকৰণৰ দাবীত আন্দোলন কৰি আহিছে। কিন্তু কোনো চৰকাৰে এই লোকসকলৰ আন্দোলনৰ ভাষা বুজি পোৱা নাই যাৰ ফলত সমাধান হোৱা নাই তেওলোকৰ এই দীর্ঘদিনীয়া সমস্যা।


বৰ্তমানৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য যে “ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে অসম ৰক্তাক্ত হ’ব”। মুখ্যমন্ত্রীৰ এই মন্তব্যক উভটি ধৰিলে ছয় জনগোষ্ঠীৰ ছাত্র সংগঠনৰ কেন্দ্রীয় নেতৃত্বই। মুখ্যমন্ত্রীক হুংকাৰ দি কয় যে এমাহৰ ভিতৰত জনজাতিকৰণৰ প্ৰতিবেদন ৰাজহুৱা নকৰিলে অসম ৰক্তাক্ত হ’ব।
এতিয়া লক্ষ্যণীয় কথাটো হ’ল মুখ্যমন্ত্রীয়ে কোৱাৰ দৰে সঁচাকৈয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে অসম ৰক্তাক্ত হ’ব নেকি? ইয়াৰ আঁৰৰ ৰহস্য কি? নে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰো অপাৰোগ হ'ব ছয় জনগোষ্ঠীৰ জনজাতিকৰণত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু