--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ছবছৰ ধৰি চলিছিল অসম আন্দোলন। ৮৫৫ জন লোক শ্বহীদ হোৱাৰ পাছত তদানীন্তন আছুৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাক্ষৰত ৰূপায়ণ হৈছিল অসম চুক্তি। বিদেশী চিনাক্ত আৰু বহিষ্কাৰ কৰা, ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা আদি কেতবোৰ বিষয় সমূহেই আছিল অসম চুক্তিৰ অন্যতম বিষয়।

অসম আন্দোলনৰ গইনা লৈ গঠিত হ’ল একমাত্র আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ। ৰাজ্যত দুবাৰকৈ শাসনত অধিষ্ঠিত হ’ল। কিন্তু তাহানিতেই অসম চুক্তি ৰূপায়ণ আৰু স্বাক্ষৰ কৰা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কোনো পদক্ষেপ লোৱা পৰিলক্ষিত নহ’ল। যাৰ ফলত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে চৰকাৰ আহিছে-গৈছে কিন্তু বিষয়টোক ৰাজনৈতিক নেতাবোৰে এটি ৰাজনীতিৰ বিষয় হিচাপেই ব্যবহাৰ কৰি আহিছে।


মৰাণ, মটক, আহোম, কোচ-ৰাজবংশী, চাহ জনগোষ্ঠী আৰু চুতীয়া জনগোষ্ঠীৰ ৰাইজে যুগ-যুগান্তৰে পৰাই জনজাতিকৰণৰ দাবীত আন্দোলন কৰি আহিছে। কিন্তু কোনো চৰকাৰে এই লোকসকলৰ আন্দোলনৰ ভাষা বুজি পোৱা নাই যাৰ ফলত সমাধান হোৱা নাই তেওলোকৰ এই দীর্ঘদিনীয়া সমস্যা।


বৰ্তমানৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য যে “ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে অসম ৰক্তাক্ত হ’ব”। মুখ্যমন্ত্রীৰ এই মন্তব্যক উভটি ধৰিলে ছয় জনগোষ্ঠীৰ ছাত্র সংগঠনৰ কেন্দ্রীয় নেতৃত্বই। মুখ্যমন্ত্রীক হুংকাৰ দি কয় যে এমাহৰ ভিতৰত জনজাতিকৰণৰ প্ৰতিবেদন ৰাজহুৱা নকৰিলে অসম ৰক্তাক্ত হ’ব।
এতিয়া লক্ষ্যণীয় কথাটো হ’ল মুখ্যমন্ত্রীয়ে কোৱাৰ দৰে সঁচাকৈয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে অসম ৰক্তাক্ত হ’ব নেকি? ইয়াৰ আঁৰৰ ৰহস্য কি? নে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰো অপাৰোগ হ'ব ছয় জনগোষ্ঠীৰ জনজাতিকৰণত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ