--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্কঃ অসমৰ ইতিহাসত এটি দীর্ঘদিনীয়া সমস্যা হ’ল ছয়-জনগোষ্ঠীৰ জনজাতিকৰণ। অসম চুক্তি ৰূপায়ণৰ পাছৰে এই বিষয়টিক এটি ৰাজনৈতিক বিষয় হিচাপে ব্যৱহাৰ কৰি আহিছে প্ৰতিটো ৰাজনৈতিক দলে। ছয় জনগোষ্ঠীৰ ভিতৰত এক অন্যতম জনগোষ্ঠী হ’ল কোচ-ৰাজবংশী। নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাজনৈতিক নেতাসকলে জনগোষ্ঠীটোৰ উন্নয়নৰ হকে পৃথক কমতাপুৰ, জনজাতিকৰণ আদি বহুতো প্ৰতিশ্ৰুতি দিয়ে। কিন্তু কাৰ্যকৰী নহয় প্ৰতিশ্ৰুতিসমূহ।

শুকুৰবাৰে আক্ৰাছুৰ ২১সংখ্যক কেন্দ্রীয় শ্বহীদ দিৱস আৰু ১১সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন উপলক্ষে কোকৰাঝাৰ ৰাসমেলা পথাৰত কোচ-ৰাজবংশী জাতীয় পৰিষদৰ সম্পাদক বিশ্ব জিৎ ৰায়ে শাসনাধীষ্ঠ বিজেপি চৰকাৰক তীব্র সমালোচনা কৰে। নিৰ্বাচনী প্ৰচাৰত মোদীয়ে প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে চৰকাৰ গঠন কৰিলে ছমাহৰ ভিতৰত জনজাতিকৰণ কৰা হ’ব। আৰু বৰ্তমানৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে অসম ৰক্তাক্ত হ’ব। এই কথাৰ আগধৰি বিশ্ব জিৎ ৰায়ে কয় যে গণতান্ত্রিক দেশ এখনত স্বয়ং মুখ্যমন্ত্রীৰ মুখত এনে বাক্য শোভা নাপায়। কাৰণ কোচ ৰাজবংশী হ’ল চিলাৰায়ৰ বংশধৰ, ক্ষত্ৰিয়, এটা যুদ্ধ কৰা জাতি। ব্ৰিটিছেও কোচ ৰাজবংশীৰ ওচৰত শিৰণত কৰিছিল আৰু ছয় শ বছৰ ৰাজত্ব কৰা আহোমেও কোচ ৰাজবংশীৰ ভেটি লৰাব পৰা নাছিল। তেনেক্ষেত্ৰত আমাৰ অধিকাৰ প্ৰাপ্তিত কোনে অসম ৰক্তাক্ত কৰিব বুলি প্ৰশ্ন আগবঢ়ায় মুখ্যমন্ত্ৰীক।


লগতে হুংকাৰ দি কয় যে পৃথক কমতাপুৰ আৰু জনজাতিকৰণত প্ৰয়োজনৱশতঃ হাতত বন্দুক তুলি ল’ব কোচ ৰাজবংশীয়ে। কাৰণ ১৯৪৯ চনৰ ২৮ আগষ্টত তেতিয়াৰ গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু যোগানন্দ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত সম্পন্ন হোৱা শান্তি চুক্তি অনুসৰি কমতাপুৰ পুনৰগঠনৰ দাবী জনাইছিল। ২০০২ চনৰ ১৮ ডিচেম্বৰত সংসদত ১৪২ টা জনগোষ্ঠীক জনজাতিকৰণ কৰিলে যদিও কোচ ৰাজবংশীক নকৰিলে। আৰু বৰ্তমানলৈকে ৰাজ্য চৰকাৰে জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্রীগোটৰ অধ্যক্ষ হৈ নিজেই জনজাতিকৰণৰ সমাধান সূত্র বাহিৰ কৰিছিল আৰু তাত সকলোৱে সহমত প্ৰকাশ কৰিছিল। আৰু বৰ্তমান মুখ্যমন্ত্রীগৰাকীৰ ভাষ্যই কিহৰ ইংগিত দিয়ে, আমি এনেকৈয়ে লাঞ্ছিত হৈয়ে থাকিম নেকি বুলি মন্তব্য আগবঢ়ায় বিশ্ব জিৎ ৰায়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা