--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্কঃ অসমৰ ইতিহাসত এটি দীর্ঘদিনীয়া সমস্যা হ’ল ছয়-জনগোষ্ঠীৰ জনজাতিকৰণ। অসম চুক্তি ৰূপায়ণৰ পাছৰে এই বিষয়টিক এটি ৰাজনৈতিক বিষয় হিচাপে ব্যৱহাৰ কৰি আহিছে প্ৰতিটো ৰাজনৈতিক দলে। ছয় জনগোষ্ঠীৰ ভিতৰত এক অন্যতম জনগোষ্ঠী হ’ল কোচ-ৰাজবংশী। নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাজনৈতিক নেতাসকলে জনগোষ্ঠীটোৰ উন্নয়নৰ হকে পৃথক কমতাপুৰ, জনজাতিকৰণ আদি বহুতো প্ৰতিশ্ৰুতি দিয়ে। কিন্তু কাৰ্যকৰী নহয় প্ৰতিশ্ৰুতিসমূহ।

শুকুৰবাৰে আক্ৰাছুৰ ২১সংখ্যক কেন্দ্রীয় শ্বহীদ দিৱস আৰু ১১সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন উপলক্ষে কোকৰাঝাৰ ৰাসমেলা পথাৰত কোচ-ৰাজবংশী জাতীয় পৰিষদৰ সম্পাদক বিশ্ব জিৎ ৰায়ে শাসনাধীষ্ঠ বিজেপি চৰকাৰক তীব্র সমালোচনা কৰে। নিৰ্বাচনী প্ৰচাৰত মোদীয়ে প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে চৰকাৰ গঠন কৰিলে ছমাহৰ ভিতৰত জনজাতিকৰণ কৰা হ’ব। আৰু বৰ্তমানৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে অসম ৰক্তাক্ত হ’ব। এই কথাৰ আগধৰি বিশ্ব জিৎ ৰায়ে কয় যে গণতান্ত্রিক দেশ এখনত স্বয়ং মুখ্যমন্ত্রীৰ মুখত এনে বাক্য শোভা নাপায়। কাৰণ কোচ ৰাজবংশী হ’ল চিলাৰায়ৰ বংশধৰ, ক্ষত্ৰিয়, এটা যুদ্ধ কৰা জাতি। ব্ৰিটিছেও কোচ ৰাজবংশীৰ ওচৰত শিৰণত কৰিছিল আৰু ছয় শ বছৰ ৰাজত্ব কৰা আহোমেও কোচ ৰাজবংশীৰ ভেটি লৰাব পৰা নাছিল। তেনেক্ষেত্ৰত আমাৰ অধিকাৰ প্ৰাপ্তিত কোনে অসম ৰক্তাক্ত কৰিব বুলি প্ৰশ্ন আগবঢ়ায় মুখ্যমন্ত্ৰীক।


লগতে হুংকাৰ দি কয় যে পৃথক কমতাপুৰ আৰু জনজাতিকৰণত প্ৰয়োজনৱশতঃ হাতত বন্দুক তুলি ল’ব কোচ ৰাজবংশীয়ে। কাৰণ ১৯৪৯ চনৰ ২৮ আগষ্টত তেতিয়াৰ গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু যোগানন্দ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত সম্পন্ন হোৱা শান্তি চুক্তি অনুসৰি কমতাপুৰ পুনৰগঠনৰ দাবী জনাইছিল। ২০০২ চনৰ ১৮ ডিচেম্বৰত সংসদত ১৪২ টা জনগোষ্ঠীক জনজাতিকৰণ কৰিলে যদিও কোচ ৰাজবংশীক নকৰিলে। আৰু বৰ্তমানলৈকে ৰাজ্য চৰকাৰে জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্রীগোটৰ অধ্যক্ষ হৈ নিজেই জনজাতিকৰণৰ সমাধান সূত্র বাহিৰ কৰিছিল আৰু তাত সকলোৱে সহমত প্ৰকাশ কৰিছিল। আৰু বৰ্তমান মুখ্যমন্ত্রীগৰাকীৰ ভাষ্যই কিহৰ ইংগিত দিয়ে, আমি এনেকৈয়ে লাঞ্ছিত হৈয়ে থাকিম নেকি বুলি মন্তব্য আগবঢ়ায় বিশ্ব জিৎ ৰায়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইৰানে হৰমুজ প্রণালী বন্ধ কৰাৰ প্ৰভাৱ; ৬ সপ্তাহৰ পাছত বিমান সেৱা বন্ধ হ’ব ইউৰোপত
গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত জিলিকিল ২০২৬ বৰ্ষৰ লতাশিল বিহু সম্ৰাজ্ঞীৰ খিতাপ
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
হাচিফা খানমক নিজৰ কন্যাৰূপে স্বীকৃতি দি আজমলে ল’লে আজীৱন শিক্ষাৰ দায়িত্ব
উজনিৰ চাহ ব্যৱসায়ী-ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ, বন্ধ হ'ল যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ
টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ
চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মেট্ৰিক পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ
মন্থৰ হ'ব বিশ্বৰ অৰ্থনৈতিক বিকাশ:ক্রিষ্টালিনা জৰ্জিভা
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন
৩খন টোলগে'টে শোধাব মাধমাৰ, বিশ্বনাথ-গহপুৰ-খোৱাঙত যান-বাহনে ভৰিব মাচুল
যুদ্ধত ৩৯ মার্কিন যুঁজাৰু বিমান ধ্বংস