--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এলেন্সবাৰ্গ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন প্ৰদেশৰ পশ্চিমফালৰ এখন সৰু চহৰ। প্ৰশান্ত মহাসাগৰীয় উপকূলত অৱস্থিত চহৰখনৰ এক বিশেষ পৰিচিতি আছে। এই চহৰখনক 'পৃথিৱীৰ শেষ প্ৰান্তৰ’ বুলি কোৱা হয়।

এই চহৰখনত এটা আশ্চৰ্যকৰ গহ্বৰ আছে। গহ্বৰটোৰ অন্ধকাৰত বহুতো ৰহস্য লুকাই আছে। কোনেও উদ্ধাৰ কৰিব পৰা নাই সেই ৰহস্য।

আমেৰিকাৰ অতিকৈ জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠানবোৰৰ ভিতৰত এটা হৈছে 'কোষ্ট টু কোষ্ট এএম'। ১৯৯৭ চনৰ ২১ ফেব্ৰুৱাৰীত এই গহ্বৰটোৰ বিষয়ে চৰ্চা এই ৰেডিঅ’টোৰ পৰাই আৰম্ভ হয়।

মেল ৱাটাৰ্ছ নামৰ এজন ব্যক্তি এই ৰেডিঅ' অনুষ্ঠানটোত অতিথি হিচাপে আছিল। তেওঁ প্ৰথমে এলেন্সবাৰ্গৰ এই ৰহস্যময় গহ্বৰৰ কথা কৈছিল।

মেলে কৈছিল যে চহৰখনৰ এমূৰত তেওঁৰ কিছু মাটি আছে। মূল চহৰৰ পৰা পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমত আছিল তেওঁৰ মাটিখিনি। তাতে এটা আশ্চৰ্যকৰ গহ্বৰ তেওঁ দেখা পায়। গহ্বৰটোৰ তলত একো নাই। কেৱল আন্ধাৰ আন্ধাৰ আন্ধাৰ।

মেলে দাবী কৰিছিল যে বহুচেষ্টা কৰাৰ পিছতো তেওঁ উদ্ধাৰ কৰিব নোৱাৰিলে গহ্বৰটোৰ গভীৰতা। গহ্বৰটোৰ জোখো তেওঁ লৈছিল। ৮০,০০০ ফুট পৰ্যন্ত জোখ লোৱাৰ পাছত তেওঁ হায়ৰান হৈ পৰে। একো পোৱা নগ’ল গহ্বৰটোৰ তলত। তেতিয়াৰ পৰাই তেওঁ উপলব্ধি কৰিলে যে এই গহ্বৰটোৰ কোনো অন্ত নাই। গহ্বৰটো অন্তহীন!

মেলে গহ্বৰটোৰ বিষয়ে আৰু কেইবাটাও চাঞ্চল্যকৰ দাবী কৰিছিল। তাৰপাছতে বিখ্যাত হৈ পৰে গহ্বৰটো। আমেৰিকাৰ চুকে-কোণে গহ্বৰটোক 'মেইলছ হোল' বা 'হোল অফ মেইল' হিচাপে জনাজাত হৈ পৰিল।

গহ্বৰটোৰ মুখখন বৰ বহল নহয়। ইয়াৰ আকাৰ সাধাৰণ এটা কুঁৱাৰ দৰে একে। বাহিৰৰ পৰা এই গহ্বৰত কোনো অস্বাভাৱিকতা পোৱা নাযায়।

কিন্তু মেলে দাবী কৰে যে এই ছিদ্ৰটোৰ পৰাই আৰম্ঙ হৈছে অতল অন্তহীন গহ্বৰটো। তেওঁ বিশ্বাস কৰে যে এই গহ্বৰোটোৰেই পৃথিৱীৰ পৰা বাহিৰ হৈ যাব পাৰি। আন এখন অজ্ঞাত দুনীয়ালৈ যোৱাৰ ৰাস্তা এই ৰহস্যময় গহ্বৰটো।

মেলে কৈছিল যে তেওঁ নিজৰ চকুৰে গহ্বৰটোত এটা অদ্ভুত ঘটনা ঘটা দেখিছিল। তেওঁৰ চুবুৰীয়াৰ এটা পোহনীয়া কুকুৰৰ মৃত্যুৰ পিছত মৃতদেহটো এই তালৈ অনা হৈছিল। কেইদিনমানৰ পাছত মেলে কুকুৰটোক গহ্বৰটোত ভিতৰত দেখিছিল। কিন্তু কুকুৰটো জীৱিত আছিল। অৰ্থাৎ ৰহস্যময় গহ্বৰটোত মৃত কুকুৰটোৱে পুনৰ জীৱন লাভ কৰিছিল।

মেলৰ দাবীৰ পিছতে এই গহ্বৰটোৱেই হৈছে পৰলোকৰ দুৱাৰ! গহ্বৰটোৰ ভিতৰতে আন মৃত জীৱৰ এটা নতুন জীৱন আৰম্ভ হয়। 

অৱশ্যে স্থানীয় প্ৰশাসনে ৰহস্যজনক গহ্বৰটোক লৈ কোনো আগ্ৰহ প্ৰকাশ কৰা নাই। বৰঞ্চ মেলৰ মাটিখিনি প্ৰশাসনে অধিগ্ৰহণহে কৰে। তাৰ পিছতে মেলক অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰা হয়।

কিন্তু ‘মেলস‌্ হোল’-এ আমেরিকার কল্পকাহিনীত জনপ্ৰিয়  হৈ পৰিছে। বহুতে অভিযোগ কৰি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে ইচ্ছাকৃতভাৱে 'মেইলছ হ'ল' লুকুৱাই ৰাখিছে। তেওঁলোকে দাবী কৰে যে এই গহ্বৰটোত বহিঃবিশ্বৰ জীৱই চলাচল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ