--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এলেন্সবাৰ্গ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন প্ৰদেশৰ পশ্চিমফালৰ এখন সৰু চহৰ। প্ৰশান্ত মহাসাগৰীয় উপকূলত অৱস্থিত চহৰখনৰ এক বিশেষ পৰিচিতি আছে। এই চহৰখনক 'পৃথিৱীৰ শেষ প্ৰান্তৰ’ বুলি কোৱা হয়।

এই চহৰখনত এটা আশ্চৰ্যকৰ গহ্বৰ আছে। গহ্বৰটোৰ অন্ধকাৰত বহুতো ৰহস্য লুকাই আছে। কোনেও উদ্ধাৰ কৰিব পৰা নাই সেই ৰহস্য।

আমেৰিকাৰ অতিকৈ জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠানবোৰৰ ভিতৰত এটা হৈছে 'কোষ্ট টু কোষ্ট এএম'। ১৯৯৭ চনৰ ২১ ফেব্ৰুৱাৰীত এই গহ্বৰটোৰ বিষয়ে চৰ্চা এই ৰেডিঅ’টোৰ পৰাই আৰম্ভ হয়।

মেল ৱাটাৰ্ছ নামৰ এজন ব্যক্তি এই ৰেডিঅ' অনুষ্ঠানটোত অতিথি হিচাপে আছিল। তেওঁ প্ৰথমে এলেন্সবাৰ্গৰ এই ৰহস্যময় গহ্বৰৰ কথা কৈছিল।

মেলে কৈছিল যে চহৰখনৰ এমূৰত তেওঁৰ কিছু মাটি আছে। মূল চহৰৰ পৰা পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমত আছিল তেওঁৰ মাটিখিনি। তাতে এটা আশ্চৰ্যকৰ গহ্বৰ তেওঁ দেখা পায়। গহ্বৰটোৰ তলত একো নাই। কেৱল আন্ধাৰ আন্ধাৰ আন্ধাৰ।

মেলে দাবী কৰিছিল যে বহুচেষ্টা কৰাৰ পিছতো তেওঁ উদ্ধাৰ কৰিব নোৱাৰিলে গহ্বৰটোৰ গভীৰতা। গহ্বৰটোৰ জোখো তেওঁ লৈছিল। ৮০,০০০ ফুট পৰ্যন্ত জোখ লোৱাৰ পাছত তেওঁ হায়ৰান হৈ পৰে। একো পোৱা নগ’ল গহ্বৰটোৰ তলত। তেতিয়াৰ পৰাই তেওঁ উপলব্ধি কৰিলে যে এই গহ্বৰটোৰ কোনো অন্ত নাই। গহ্বৰটো অন্তহীন!

মেলে গহ্বৰটোৰ বিষয়ে আৰু কেইবাটাও চাঞ্চল্যকৰ দাবী কৰিছিল। তাৰপাছতে বিখ্যাত হৈ পৰে গহ্বৰটো। আমেৰিকাৰ চুকে-কোণে গহ্বৰটোক 'মেইলছ হোল' বা 'হোল অফ মেইল' হিচাপে জনাজাত হৈ পৰিল।

গহ্বৰটোৰ মুখখন বৰ বহল নহয়। ইয়াৰ আকাৰ সাধাৰণ এটা কুঁৱাৰ দৰে একে। বাহিৰৰ পৰা এই গহ্বৰত কোনো অস্বাভাৱিকতা পোৱা নাযায়।

কিন্তু মেলে দাবী কৰে যে এই ছিদ্ৰটোৰ পৰাই আৰম্ঙ হৈছে অতল অন্তহীন গহ্বৰটো। তেওঁ বিশ্বাস কৰে যে এই গহ্বৰোটোৰেই পৃথিৱীৰ পৰা বাহিৰ হৈ যাব পাৰি। আন এখন অজ্ঞাত দুনীয়ালৈ যোৱাৰ ৰাস্তা এই ৰহস্যময় গহ্বৰটো।

মেলে কৈছিল যে তেওঁ নিজৰ চকুৰে গহ্বৰটোত এটা অদ্ভুত ঘটনা ঘটা দেখিছিল। তেওঁৰ চুবুৰীয়াৰ এটা পোহনীয়া কুকুৰৰ মৃত্যুৰ পিছত মৃতদেহটো এই তালৈ অনা হৈছিল। কেইদিনমানৰ পাছত মেলে কুকুৰটোক গহ্বৰটোত ভিতৰত দেখিছিল। কিন্তু কুকুৰটো জীৱিত আছিল। অৰ্থাৎ ৰহস্যময় গহ্বৰটোত মৃত কুকুৰটোৱে পুনৰ জীৱন লাভ কৰিছিল।

মেলৰ দাবীৰ পিছতে এই গহ্বৰটোৱেই হৈছে পৰলোকৰ দুৱাৰ! গহ্বৰটোৰ ভিতৰতে আন মৃত জীৱৰ এটা নতুন জীৱন আৰম্ভ হয়। 

অৱশ্যে স্থানীয় প্ৰশাসনে ৰহস্যজনক গহ্বৰটোক লৈ কোনো আগ্ৰহ প্ৰকাশ কৰা নাই। বৰঞ্চ মেলৰ মাটিখিনি প্ৰশাসনে অধিগ্ৰহণহে কৰে। তাৰ পিছতে মেলক অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰা হয়।

কিন্তু ‘মেলস‌্ হোল’-এ আমেরিকার কল্পকাহিনীত জনপ্ৰিয়  হৈ পৰিছে। বহুতে অভিযোগ কৰি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে ইচ্ছাকৃতভাৱে 'মেইলছ হ'ল' লুকুৱাই ৰাখিছে। তেওঁলোকে দাবী কৰে যে এই গহ্বৰটোত বহিঃবিশ্বৰ জীৱই চলাচল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ