--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদ্যসমাপ্ত কাটাৰ বিশ্বকাপত আৰ্জেণ্টিনাই পিন্ধিলে বিজয়ৰ মুকুট। এই জয়েৰে ৩৬ বছৰৰ সুদীৰ্ঘ সময়ৰ ব্যৰ্থতাৰ অৱসান ঘটালে আৰ্জেণ্টিনাই। প্ৰথমবাৰৰ বাবে বিশ্ব জয়ৰ সোৱাদ ল’লে ফুটবলৰ মহাতাৰকা লিঅ’নেল মেছিয়ে। মেছিৰ ফুটবল মেজিকত মন্ত্ৰমুগ্ধ সমগ্ৰ বিশ্ব। মেছিক মানুহে বহুত ভালপায়। লিঅ’নেল মেছিৰ এই সাফল্যত আনন্দত আত্মহাৰা হৈ আৰ্জেণ্টিনাৰ এগৰাকী যুৱকে কৰিলে এক ডাঙৰ কাম। যুৱকজনৰ নাম মাইক জেম্বছ।

মাইক জেম্বছে মেছিৰ প্ৰতি থকা প্ৰেম প্ৰদৰ্শন কৰিবলৈ কপালত বনাই ল'লে মেছিৰ নামৰ টাটু। তেওঁৰ কপালত ডাঙৰকৈ জিলিকি উঠিল MESSI.  কিন্তু এতিয়া যুৱকজনে নিজৰ এই সিদ্ধান্তক লৈ অনুশোচনাত ভুগিছে। তেওঁ ভুগিছে হতাশাত। মাইকে অনুভৱ কৰিছে তেওঁ যেন এক ডাঙৰ ভুল কৰি পেলালে।

কিন্তু হঠাতে কিয় এই অনুশোচনা মাইক জেম্বছৰ? মেছিৰ প্ৰতি মোহভংগ ঘটিল নেকি মাইক জেম্বছৰ? নে কপালত এনেদৰে টাটু বনাই নিজকে তেওঁ অসুন্দৰ দেখিছে? পাছে এনেকুৱা একো হোৱা নাই। যুৱকজনৰ অনুশোচনাৰ কাৰণ বেলেগ। নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত মাইকে এই কথা জনাইছে।

এটা ভিডিঅ’ পোষ্ট কৰি মাইক জেম্বছে কেপচনত লিখিছে, “মেছিৰ নাম টাটু কৰি মোৰ আক্ষেপ হৈছে।” ভিডিঅ’টোত তেওঁ কয় যে “কপালত টাটু কৰাৰ সিদ্ধান্ত একেবাৰেই সঠিক নাছিল। এতিয়া মোৰ অনুশোচনা হৈছে। মই ভাবিছিলো সকলোৱে মোৰ শলাগ ল’ব। কিন্তু ইয়াৰ বিপৰীতহে ঘটিল। সকলোৱে মোৰ লগত বৰ অপমানজনক ব্যৱহাৰ কৰিছে।”

মাইকে জানিবলৈ দিয়া মতে টাটুটো কৰাৰ পিছত তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ কৰা হৈছে। তেওঁৰ পৰিয়ালৰ লোককো মানুহে ঠাট্টা-মস্কৰা কৰিছে। মাইকে কপালত টাটু বনাই ছ’চিয়েল মিডিয়াত  কেইবাখনো ছবি পোষ্ট কৰিছিল। এই ফটোসমূহ দেখি একাংশ লোকে মাইকক ট্ৰল কৰিবলৈ আৰম্ভ কৰে। বহুতে মন্তব্য কৰে যে তেওঁ কেৱল সস্তীয়া জনপ্ৰিয়তাৰ বাবে এই কাম কৰিছিল।

এইদৰে ট্ৰলৰ সন্মুখীন হৈ হতাশাত ভুগিছে মাইক জেম্বছ। দুখ প্ৰকাশ কৰি মাইকে কয় যে “মোক কিয় ইমান বেয়া ব্যৱহাৰ কৰিছে সেয়া মই বুজিব পৰা নাই। এই টাটুটোক লৈ মই গৰ্ব কৰিছিলো কিন্তু এতিয়া মোৰ ভুল হোৱা যেন লাগিছে।”










FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ