--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদ্যসমাপ্ত কাটাৰ বিশ্বকাপত আৰ্জেণ্টিনাই পিন্ধিলে বিজয়ৰ মুকুট। এই জয়েৰে ৩৬ বছৰৰ সুদীৰ্ঘ সময়ৰ ব্যৰ্থতাৰ অৱসান ঘটালে আৰ্জেণ্টিনাই। প্ৰথমবাৰৰ বাবে বিশ্ব জয়ৰ সোৱাদ ল’লে ফুটবলৰ মহাতাৰকা লিঅ’নেল মেছিয়ে। মেছিৰ ফুটবল মেজিকত মন্ত্ৰমুগ্ধ সমগ্ৰ বিশ্ব। মেছিক মানুহে বহুত ভালপায়। লিঅ’নেল মেছিৰ এই সাফল্যত আনন্দত আত্মহাৰা হৈ আৰ্জেণ্টিনা এগৰাকী যুৱকে কৰিলে এক ডাঙৰ কাম। যুৱকজনৰ নাম মাইক জেম্বছ।

মাইক জেম্বছে মেছিৰ প্ৰতি থকা প্ৰেম প্ৰদৰ্শন কৰিবলৈ কপালত বনাই ল'লে মেছিৰ নামৰ টাটু। তেওঁৰ কপালত ডাঙৰকৈ জিলিকি উঠিল MESSI.  কিন্তু এতিয়া যুৱকজনে নিজৰ এই সিদ্ধান্তক লৈ অনুশোচনাত ভুগিছে। তেওঁ ভুগিছে হতাশাত। মাইকে অনুভৱ কৰিছে তেওঁ যেন এক ডাঙৰ ভুল কৰি পেলালে।

কিন্তু হঠাতে কিয় এই অনুশোচনা মাইক জেম্বছৰ? মেছিৰ প্ৰতি মোহভংগ ঘটিল নেকি মাইক জেম্বছৰ? নে কপালত এনেদৰে টাটু বনাই নিজকে তেওঁ অসুন্দৰ দেখিছে? পাছে এনেকুৱা একো হোৱা নাই। যুৱকজনৰ অনুশোচনাৰ কাৰণ বেলেগ। নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত মাইকে এই কথা জনাইছে।

এটা ভিডিঅ’ পোষ্ট কৰি মাইক জেম্বছে কেপচনত লিখিছে, “মেছিৰ নাম টাটু কৰি মোৰ আক্ষেপ হৈছে।” ভিডিঅ’টোত তেওঁ কয় যে “কপালত টাটু কৰাৰ সিদ্ধান্ত একেবাৰেই সঠিক নাছিল। এতিয়া মোৰ অনুশোচনা হৈছে। মই ভাবিছিলো সকলোৱে মোৰ শলাগ ল’ব। কিন্তু ইয়াৰ বিপৰীতহে ঘটিল। সকলোৱে মোৰ লগত বৰ অপমানজনক ব্যৱহাৰ কৰিছে।”

মাইকে জানিবলৈ দিয়া মতে টাটুটো কৰাৰ পিছত তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ কৰা হৈছে। তেওঁৰ পৰিয়ালৰ লোককো মানুহে ঠাট্টা-মস্কৰা কৰিছে। মাইকে কপালত টাটু বনাই ছ’চিয়েল মিডিয়াত  কেইবাখনো ছবি পোষ্ট কৰিছিল। এই ফটোসমূহ দেখি একাংশ লোকে মাইকক ট্ৰল কৰিবলৈ আৰম্ভ কৰে। বহুতে মন্তব্য কৰে যে তেওঁ কেৱল সস্তীয়া জনপ্ৰিয়তাৰ বাবে এই কাম কৰিছিল।

এইদৰে ট্ৰলৰ সন্মুখীন হৈ হতাশাত ভুগিছে মাইক জেম্বছ। দুখ প্ৰকাশ কৰি মাইকে কয় যে “মোক কিয় ইমান বেয়া ব্যৱহাৰ কৰিছে সেয়া মই বুজিব পৰা নাই। এই টাটুটোক লৈ মই গৰ্ব কৰিছিলো কিন্তু এতিয়া মোৰ ভুল হোৱা যেন লাগিছে।”










FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প