--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএযোৰ চছমা! যিযোৰ চছমা পৰিধান কৰিলে আনৰ অনাবৃত শৰীৰ দেখা যায়। আপাততঃ তেনে প্ৰচাৰৰ জৰিয়তেই বহুতকে বিক্ৰী কৰি অহা হৈছে সেই বিশেষ চছমাযোৰ। শ্বাহৰুখ খান অভিনীত বাদশ্বাহত এটা ধেমেলীয়া দৃশ্য আছিল। য'ত এনে এযোৰ চছমা চশমা দেখুওৱা হৈছিল যিযোৰ চছমা পিন্ধাৰ পিছত   সন্মুখত থিয় হৈ থকা ব্যক্তিজনৰ নগ্ন শৰীৰটো দেখা গৈছিল।

 ঠিক চিনেমাৰ কায়দা ব্যৱহাৰ কৰিয়েই  এটা চক্ৰই তেনে এযোৰ চছমাই  অতি বেছি দামত বিক্ৰী কৰি আহিছে। এনেদৰে চ্ক্ৰটোৱে চছমা বিক্ৰী কৰিয়েই ঘটিছে কোটি কোটি টকা। শেহতীয়া সেই চক্ৰটোৰেই কেইজনমান লোকৰ বিৰুদ্ধে  গ্ৰাহকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। আশ্চৰ্যকৰ শক্তিৰ তেনে চছমা বিক্ৰী কৰি প্ৰতাৰণা কৰাৰ অপৰাধতে আৰক্ষীয়ে  চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। ।  প্ৰৱঞ্চকৰ দলটোৱে এনে চশমা বিক্ৰী কৰি  গ্ৰাহকৰ পৰা প্ৰায়  ১ কোটি টকা সৰকাই নিছিল। যিসকলে এনে  চশমা কিনিছিল তেওঁলোকে প্ৰৱঞ্চকসকলক কেনেকৈ বিশ্বাস কৰিছিল সেয়া ভাবি বহুতে আশ্চৰ্য প্ৰকাশ কৰিছে।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দলটোৱে মুখ্যতঃ ধনী ব্যৱসায়ীসকলক লক্ষ্য কৰি লৈছিল। ধনী গ্ৰাহকসকলক কোৱা হৈছিল যে চক্ৰটোৰ  হাতত আশ্চৰ্যজনক নতুন আৱিষ্কাৰ  এবিধ । এই চশমা পিন্ধিলে আনৰ অনাবৃত শৰীৰ দেখা যায়। 

 ব্যৱসায়ীসকলক এই বিষয়ক কেতবোৰ ভুৱা ভিডিঅ’ও দেখুওৱা হৈছিল। এনেদৰেই  বাংগালুৰুৰ এজন লোকে তিনিজন ব্যৱসায়ীক ১ কোটি টকাৰ নকল চশমা বিক্ৰী কৰিবলৈ সক্ষম হৈছিল।কিন্তু চছমা কিনাৰ পিছতহে প্ৰকৃত সত্যটো ওলাই পৰে। সেই চছমা পিন্ধিলেও কাৰো অনাবৃত শৰীৰ নেদেখি গ্ৰাহক কেইজন হতাশ হৈ পৰে। ইয়াৰ পিছতে তেওঁলোকে আৰক্ষীৰ কাষ চাপে। 

 আৰক্ষীয়ে অনুসন্ধান চলাই চছমা বিক্ৰীৰ মূল অভিযুক্তসহ প্ৰৱঞ্চনা চক্ৰটোৰ চাৰিজন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁলোক হৈছে  বাংগালুৰুৰ  আৰ চুৰাইয়া আৰু তেওঁৰ সহযোগী গুবাবিব (৩৭), জিতু জৈন (২৪) আৰু এছ ইৰশাদ (২১)। চৰাইয়াৰ  তিনিওজন সহযোগী কেৰালাৰ বাসিন্দা। অভিযুক্তসকলক সত্ৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে  তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।  











FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ