--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএযোৰ চছমা! যিযোৰ চছমা পৰিধান কৰিলে আনৰ অনাবৃত শৰীৰ দেখা যায়। আপাততঃ তেনে প্ৰচাৰৰ জৰিয়তেই বহুতকে বিক্ৰী কৰি অহা হৈছে সেই বিশেষ চছমাযোৰ। শ্বাহৰুখ খান অভিনীত বাদশ্বাহত এটা ধেমেলীয়া দৃশ্য আছিল। য'ত এনে এযোৰ চছমা চশমা দেখুওৱা হৈছিল যিযোৰ চছমা পিন্ধাৰ পিছত   সন্মুখত থিয় হৈ থকা ব্যক্তিজনৰ নগ্ন শৰীৰটো দেখা গৈছিল।

 ঠিক চিনেমাৰ কায়দা ব্যৱহাৰ কৰিয়েই  এটা চক্ৰই তেনে এযোৰ চছমাই  অতি বেছি দামত বিক্ৰী কৰি আহিছে। এনেদৰে চ্ক্ৰটোৱে চছমা বিক্ৰী কৰিয়েই ঘটিছে কোটি কোটি টকা। শেহতীয়া সেই চক্ৰটোৰেই কেইজনমান লোকৰ বিৰুদ্ধে  গ্ৰাহকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। আশ্চৰ্যকৰ শক্তিৰ তেনে চছমা বিক্ৰী কৰি প্ৰতাৰণা কৰাৰ অপৰাধতে আৰক্ষীয়ে  চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। ।  প্ৰৱঞ্চকৰ দলটোৱে এনে চশমা বিক্ৰী কৰি  গ্ৰাহকৰ পৰা প্ৰায়  ১ কোটি টকা সৰকাই নিছিল। যিসকলে এনে  চশমা কিনিছিল তেওঁলোকে প্ৰৱঞ্চকসকলক কেনেকৈ বিশ্বাস কৰিছিল সেয়া ভাবি বহুতে আশ্চৰ্য প্ৰকাশ কৰিছে।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দলটোৱে মুখ্যতঃ ধনী ব্যৱসায়ীসকলক লক্ষ্য কৰি লৈছিল। ধনী গ্ৰাহকসকলক কোৱা হৈছিল যে চক্ৰটোৰ  হাতত আশ্চৰ্যজনক নতুন আৱিষ্কাৰ  এবিধ । এই চশমা পিন্ধিলে আনৰ অনাবৃত শৰীৰ দেখা যায়। 

 ব্যৱসায়ীসকলক এই বিষয়ক কেতবোৰ ভুৱা ভিডিঅ’ও দেখুওৱা হৈছিল। এনেদৰেই  বাংগালুৰুৰ এজন লোকে তিনিজন ব্যৱসায়ীক ১ কোটি টকাৰ নকল চশমা বিক্ৰী কৰিবলৈ সক্ষম হৈছিল।কিন্তু চছমা কিনাৰ পিছতহে প্ৰকৃত সত্যটো ওলাই পৰে। সেই চছমা পিন্ধিলেও কাৰো অনাবৃত শৰীৰ নেদেখি গ্ৰাহক কেইজন হতাশ হৈ পৰে। ইয়াৰ পিছতে তেওঁলোকে আৰক্ষীৰ কাষ চাপে। 

 আৰক্ষীয়ে অনুসন্ধান চলাই চছমা বিক্ৰীৰ মূল অভিযুক্তসহ প্ৰৱঞ্চনা চক্ৰটোৰ চাৰিজন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁলোক হৈছে  বাংগালুৰুৰ  আৰ চুৰাইয়া আৰু তেওঁৰ সহযোগী গুবাবিব (৩৭), জিতু জৈন (২৪) আৰু এছ ইৰশাদ (২১)। চৰাইয়াৰ  তিনিওজন সহযোগী কেৰালাৰ বাসিন্দা। অভিযুক্তসকলক সত্ৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে  তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।  











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে