--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এইবাৰ আইনী জাননী প্ৰেৰণ কৰিলে বলীউডৰ ছবি পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে।   অগ্নিহোত্ৰীয়ে পৰিচালনা কৰা 'দ্য কাশ্মীৰ ফাইলছ' সন্দৰ্ভত কৰা মন্তব্যৰ বাবেই পৰিচালকগৰাকীয়ে মমতা বেনাৰ্জীলৈ এনেদৰে আইনী জাননী প্ৰেৰণ কৰিছে।

 পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে বংগৰ মুখ্যমন্ত্ৰীলৈ এখন আইনী জাননী প্ৰেৰণ কৰিছে।ৰিচালকগৰাকীয়ে এই প্ৰসংগত কয়   "আমাৰ ছবি 'দ্য কাশ্মীৰ ফাইলছ'ক অপমান কৰা হৈছে। মমতা বেনাৰ্জীয়ে সম্পূৰ্ণ মিছা আৰু অপমানজনক মন্তব্য কৰিছে।’’ উল্লেখ্য অভিষেক আগৰৱাল আৰু পল্লৱী যোশীৰ সৈতে মিলি বিবেক অগ্নিহোত্ৰীয়ে বংগৰ মুখ্যমন্ত্ৰীলৈ জাননীখন প্ৰেৰণ কৰিছে।  উল্লেখ্য সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে 'দ্য কেৰালা ষ্ট'ৰী'ৰ বিষয়টো উত্থাপন কৰিছিল। তেওঁ ৰাজ্যখনত ছবিখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছিল।

মমতাই লগতে অভিযোগ কৰিছিল  যে ই ঘৃণা বিয়পাই দিব। সেই সময়তে   কাশ্মীৰ ফাইল আৰু বিবেক অগ্নিহোত্ৰীক মমতাই তেওঁৰ পৰৱৰ্তী ছবি দ্য দিল্লী ফাইলছৰ বিষয়তো  মন্তব্য কৰিছিল। মমতাই কৈছিল "এই কাশ্মীৰ ফাইলবোৰ কি? এনে ছবি কিছুমান মানুহক অসন্মান কৰিবলৈ প্ৰস্তুত কৰা হয়। এই কেৰালা কাহিনীটো কি? সেই ছবি খনো বিকৃত তথ্যৰে ভৰা। " শেহতীয়াকৈ একাংশ তাৰকাই কিছুমান  বংগলৈ আহি  বেংগল ফাইলছ নামৰ এখন ছবি  নিৰ্মাণৰ কাম আৰম্ভ কৰিছে বুলিও মমতাই কৈছিল।   মমতাৰ এনে মন্তব্যৰ পিছতে  বিবেক অগ্নিহোত্ৰীয়ে মমাৰ বিৰুদ্ধে  সোচ্চাৰ হৈ পৰিছে।

কাশ্মীৰ ফাইলছৰ পৰিচালক  বিবেক অগ্নিহোত্ৰীয়ে টুইটাৰত লিখিছে, "বংগৰ মুখ্যমন্ত্ৰীয়ে  'দ্য কাশ্মীৰ ফাইলছ' আৰু ২০২৪ চনত মুক্তি পাব লগীয়া 'দ্য দিল্লী ফাইলছ' সম্পৰ্কে মিছা কথা কৈছে। তেওঁ অপমানজনক মন্তব্য কৰিছে। সেয়েহে, অভিষেক আগৰৱালা আৰু পল্লৱী যোশীৰ সৈতে, মই যুটীয়াভাৱে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ আইনী জাননী প্ৰেৰণ কৰিছো। অৱশ্যে, এতিয়ালৈকে ৰাজ্যখনৰ পৰা কোনো সঁহাৰি পোৱা নাই।’’










FOLLOW US F
POPULAR
FEATURE
TRENDY
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন