--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এইবাৰ আইনী জাননী প্ৰেৰণ কৰিলে বলীউডৰ ছবি পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে।   অগ্নিহোত্ৰীয়ে পৰিচালনা কৰা 'দ্য কাশ্মীৰ ফাইলছ' সন্দৰ্ভত কৰা মন্তব্যৰ বাবেই পৰিচালকগৰাকীয়ে মমতা বেনাৰ্জীলৈ এনেদৰে আইনী জাননী প্ৰেৰণ কৰিছে।

 পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে বংগৰ মুখ্যমন্ত্ৰীলৈ এখন আইনী জাননী প্ৰেৰণ কৰিছে।ৰিচালকগৰাকীয়ে এই প্ৰসংগত কয়   "আমাৰ ছবি 'দ্য কাশ্মীৰ ফাইলছ'ক অপমান কৰা হৈছে। মমতা বেনাৰ্জীয়ে সম্পূৰ্ণ মিছা আৰু অপমানজনক মন্তব্য কৰিছে।’’ উল্লেখ্য অভিষেক আগৰৱাল আৰু পল্লৱী যোশীৰ সৈতে মিলি বিবেক অগ্নিহোত্ৰীয়ে বংগৰ মুখ্যমন্ত্ৰীলৈ জাননীখন প্ৰেৰণ কৰিছে।  উল্লেখ্য সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে 'দ্য কেৰালা ষ্ট'ৰী'ৰ বিষয়টো উত্থাপন কৰিছিল। তেওঁ ৰাজ্যখনত ছবিখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছিল।

মমতাই লগতে অভিযোগ কৰিছিল  যে ই ঘৃণা বিয়পাই দিব। সেই সময়তে   কাশ্মীৰ ফাইল আৰু বিবেক অগ্নিহোত্ৰীক মমতাই তেওঁৰ পৰৱৰ্তী ছবি দ্য দিল্লী ফাইলছৰ বিষয়তো  মন্তব্য কৰিছিল। মমতাই কৈছিল "এই কাশ্মীৰ ফাইলবোৰ কি? এনে ছবি কিছুমান মানুহক অসন্মান কৰিবলৈ প্ৰস্তুত কৰা হয়। এই কেৰালা কাহিনীটো কি? সেই ছবি খনো বিকৃত তথ্যৰে ভৰা। " শেহতীয়াকৈ একাংশ তাৰকাই কিছুমান  বংগলৈ আহি  বেংগল ফাইলছ নামৰ এখন ছবি  নিৰ্মাণৰ কাম আৰম্ভ কৰিছে বুলিও মমতাই কৈছিল।   মমতাৰ এনে মন্তব্যৰ পিছতে  বিবেক অগ্নিহোত্ৰীয়ে মমাৰ বিৰুদ্ধে  সোচ্চাৰ হৈ পৰিছে।

কাশ্মীৰ ফাইলছৰ পৰিচালক  বিবেক অগ্নিহোত্ৰীয়ে টুইটাৰত লিখিছে, "বংগৰ মুখ্যমন্ত্ৰীয়ে  'দ্য কাশ্মীৰ ফাইলছ' আৰু ২০২৪ চনত মুক্তি পাব লগীয়া 'দ্য দিল্লী ফাইলছ' সম্পৰ্কে মিছা কথা কৈছে। তেওঁ অপমানজনক মন্তব্য কৰিছে। সেয়েহে, অভিষেক আগৰৱালা আৰু পল্লৱী যোশীৰ সৈতে, মই যুটীয়াভাৱে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ আইনী জাননী প্ৰেৰণ কৰিছো। অৱশ্যে, এতিয়ালৈকে ৰাজ্যখনৰ পৰা কোনো সঁহাৰি পোৱা নাই।’’











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে