--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ তৃতীয় দিন৷সদনৰ ভিতৰে বাহিৰে চলিছে বিভিন্ন বিষয়ৰ চৰ্চা৷কিন্তু প্ৰকৃততে আলোচনা হোৱা বিষয়সমূহত আছেনে অসমবাসীয়ে সততে সমুখীন হোৱা সমস্যাসমূহৰ প্ৰসংগ!তাক লৈ সচেতন অসমীয়া সমাজৰ  মনত উদ্বেগ হৈছে বহু প্ৰশ্নৰ৷

ইপিনে গত দুদিনত বিধানসভাৰ মজিয়াত বিৰোধীৰ বিশেষকৈ কংগ্ৰেছৰ স্থিতি অতি দুৰ্বল হিচাপে চিহ্নিত হৈছে৷গণতন্ত্ৰত বিৰোধীৰ যি শক্তিশালী স্থিতিৰ কথা সততে শুনা বা পঢ়িবলৈ পোৱা যায় তাৰ সৈতে কংগ্ৰেছী বিধায়কৰ দূৰ-দূৰণিলৈ যে কোনো সম্পৰ্ক নাই সেয়া প্ৰতীয়মান হৈছে৷বিধানসভাৰ মজিয়াত কেছ ফৰ জব,বিদ্যুতৰ নিয়মীয়া যোগান,ভূমি কেলেংকাৰী সন্দৰ্ভত কংগ্ৰেছৰ এজন বিধায়কেও ল’ব পৰা নাই শক্তিশালী স্থিতি৷কিন্তু বিৰোধী বিধায়কসমূহৰ মাজৰে এজন বিধায়ক হৈ পৰিছে চৰকাৰৰ বাবে মূৰৰ কামোৰণি৷সদনৰ মজিয়াত বিৰোধীৰ নিশকতীয়া স্থিতিৰ মাজতে সিংহগৰ্জন দিছে ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে৷

কিন্তু অখিল গগৈৰ বিধানসভাৰ মজিয়াত ২৪ ঘন্টা বিজুলী যোগান,কেছ ফৰ জব,ভূমি কেলেংকাৰী অথবা উচ্ছেদ সম্পৰ্কীয় বিষয়ৰ স্থিতিক লৈ বিমোৰত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷অখিল গগৈয়ে উত্থাপন কৰা বিষয়সমূহৰ পোনপটীয়া উত্তৰ দিবলৈ যেন মুখ্যমন্ত্ৰীৰ চৰম অস্বস্তি!প্ৰয়োজনীয় বিষয়ৰ পৰা পলায়ন কৰি এজন মুখ্যমন্ত্ৰীয়ে এজন সন্মানীয় বিধায়কৰ লগত 'চুপতি' কৰা ঘটনাই সকলোৰে মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

আমি ইতিপূৰ্বেই দেশৰ ৰাজনীতিত বিজেপিৰ এটা গুণ প্ৰত্যক্ষ কৰিছোঁ যে-যেতিয়াই কোনো এজন নেতাই চৰকাৰৰ সমষ্ট মিথ্যা আৰু বিফলতা উজাগৰ কৰাৰ চেষ্টা কৰে তেওঁক সমাজৰ আগত হীন কৰিবলৈ চেষ্টা কৰা হয়৷বহুতে অভিযোগ কৰে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো পাপ্পু হিচাপে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত ভাজপাই ব্যাপক ধনবলৰ প্ৰয়োগ কৰিছিল কিন্তু সময়ৰ চক্ৰত সেই  সকলো প্ৰয়াস বৃথা হৈ পৰিল৷অনুৰূপধৰণে শেহতীয়াকৈ বিধানসভাত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিবলৈ যোৱাৰ পাছত অখিল গগৈক পিংপং আখ্যা দিয়া হয়৷এই ঘটনাৰ পাছত অখিল গগৈয়ে সামাজিক মাধ্যমত লিখিছে-"আপুনি মোক পিংপং বল বুলি তাচ্ছিল্য কৰিব পাৰে, ক’ব পাৰে ১২৫ বিধায়ক মনে মনে বহি আছে, আপোনাৰ হৈছে কি ? আপুনি মোৰ আত্মসন্মানত আঘাত কৰিব পাৰে, কিন্তু মই তোলা ৰাজহুৱা বিষয়বোৰ অস্বীকাৰ কৰিব নোৱাৰে।"এতিয়া অখিল গগৈ আৰু চৰকাৰৰ এই বিবাদে কোন দিশে গতি কৰে সেয়া ভৱিষ্যত সময়ত হ’ব লক্ষণীয় ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক