--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ তৃতীয় দিন৷সদনৰ ভিতৰে বাহিৰে চলিছে বিভিন্ন বিষয়ৰ চৰ্চা৷কিন্তু প্ৰকৃততে আলোচনা হোৱা বিষয়সমূহত আছেনে অসমবাসীয়ে সততে সমুখীন হোৱা সমস্যাসমূহৰ প্ৰসংগ!তাক লৈ সচেতন অসমীয়া সমাজৰ  মনত উদ্বেগ হৈছে বহু প্ৰশ্নৰ৷

ইপিনে গত দুদিনত বিধানসভাৰ মজিয়াত বিৰোধীৰ বিশেষকৈ কংগ্ৰেছৰ স্থিতি অতি দুৰ্বল হিচাপে চিহ্নিত হৈছে৷গণতন্ত্ৰত বিৰোধীৰ যি শক্তিশালী স্থিতিৰ কথা সততে শুনা বা পঢ়িবলৈ পোৱা যায় তাৰ সৈতে কংগ্ৰেছী বিধায়কৰ দূৰ-দূৰণিলৈ যে কোনো সম্পৰ্ক নাই সেয়া প্ৰতীয়মান হৈছে৷বিধানসভাৰ মজিয়াত কেছ ফৰ জব,বিদ্যুতৰ নিয়মীয়া যোগান,ভূমি কেলেংকাৰী সন্দৰ্ভত কংগ্ৰেছৰ এজন বিধায়কেও ল’ব পৰা নাই শক্তিশালী স্থিতি৷কিন্তু বিৰোধী বিধায়কসমূহৰ মাজৰে এজন বিধায়ক হৈ পৰিছে চৰকাৰৰ বাবে মূৰৰ কামোৰণি৷সদনৰ মজিয়াত বিৰোধীৰ নিশকতীয়া স্থিতিৰ মাজতে সিংহগৰ্জন দিছে ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে৷

কিন্তু অখিল গগৈৰ বিধানসভাৰ মজিয়াত ২৪ ঘন্টা বিজুলী যোগান,কেছ ফৰ জব,ভূমি কেলেংকাৰী অথবা উচ্ছেদ সম্পৰ্কীয় বিষয়ৰ স্থিতিক লৈ বিমোৰত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷অখিল গগৈয়ে উত্থাপন কৰা বিষয়সমূহৰ পোনপটীয়া উত্তৰ দিবলৈ যেন মুখ্যমন্ত্ৰীৰ চৰম অস্বস্তি!প্ৰয়োজনীয় বিষয়ৰ পৰা পলায়ন কৰি এজন মুখ্যমন্ত্ৰীয়ে এজন সন্মানীয় বিধায়কৰ লগত 'চুপতি' কৰা ঘটনাই সকলোৰে মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

আমি ইতিপূৰ্বেই দেশৰ ৰাজনীতিত বিজেপিৰ এটা গুণ প্ৰত্যক্ষ কৰিছোঁ যে-যেতিয়াই কোনো এজন নেতাই চৰকাৰৰ সমষ্ট মিথ্যা আৰু বিফলতা উজাগৰ কৰাৰ চেষ্টা কৰে তেওঁক সমাজৰ আগত হীন কৰিবলৈ চেষ্টা কৰা হয়৷বহুতে অভিযোগ কৰে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো পাপ্পু হিচাপে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত ভাজপাই ব্যাপক ধনবলৰ প্ৰয়োগ কৰিছিল কিন্তু সময়ৰ চক্ৰত সেই  সকলো প্ৰয়াস বৃথা হৈ পৰিল৷অনুৰূপধৰণে শেহতীয়াকৈ বিধানসভাত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিবলৈ যোৱাৰ পাছত অখিল গগৈক পিংপং আখ্যা দিয়া হয়৷এই ঘটনাৰ পাছত অখিল গগৈয়ে সামাজিক মাধ্যমত লিখিছে-"আপুনি মোক পিংপং বল বুলি তাচ্ছিল্য কৰিব পাৰে, ক’ব পাৰে ১২৫ বিধায়ক মনে মনে বহি আছে, আপোনাৰ হৈছে কি ? আপুনি মোৰ আত্মসন্মানত আঘাত কৰিব পাৰে, কিন্তু মই তোলা ৰাজহুৱা বিষয়বোৰ অস্বীকাৰ কৰিব নোৱাৰে।"এতিয়া অখিল গগৈ আৰু চৰকাৰৰ এই বিবাদে কোন দিশে গতি কৰে সেয়া ভৱিষ্যত সময়ত হ’ব লক্ষণীয় ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু