--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিলে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই৷ নিৰ্বাচনমুখী মধ্যপ্ৰদেশৰ পৰাই দেশজুৰি বিজেপিবিৰোধী অভিযান আৰম্ভ কৰিব ইণ্ডিয়াই৷ 

২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় পৰ্যায়৷ আৰু অক্টোবৰৰ প্ৰথমটো সপ্তাহৰ পৰাই দেশজুৰি ইণ্ডিয়াই আৰম্ভ কৰিব মহাসমাৱেশ৷ কাৰ্যতঃ বিজেপিৰ বিৰুদ্ধে ৰণশিঙা বজালে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই৷ অক্টোবৰৰ প্ৰথম সপ্তাহত মধ্য প্ৰদেশৰ ভূপালত ইণ্ডিয়া মিত্ৰজোঁটে প্ৰথমখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিব বুলি আজি ঘোষণা কৰিছে। 

বুধবাৰে ইণ্ডিয়া ব্লকৰ সমন্বয় সমিতিয়ে অনুষ্ঠিত কৰা প্ৰথমখন বৈঠকত এই সিদ্ধান্ত ৰাজহুৱা কৰিছে৷ ইণ্ডিয়া মিত্ৰজোঁটৰ দ্বাৰা জাৰি কৰা এক যুটীয়া বিবৃতি অনুসৰি, ৰাজহুৱা সভাত দামবৃদ্ধি, নিবনুৱা সমস্যা আৰু বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিষয়তেই প্ৰাধান্য দিয়া হ’ব।

বিৰোধী দলৰ ১৪জনীয়া পেনেলৰ বৈঠক দিল্লীত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) মুৰব্বী শাৰদ পাৱাৰৰ বাসগৃহত অনুষ্ঠিত হয়৷ সমন্বয় সমিতিয়ে আগন্তুক ২০২৪চনৰ লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বাটোৱাৰাকে ধৰি বিভিন্ন বিষয়ক লৈও আলোচনা কৰে। 

সমিতিখনে বিগত নিৰ্বাচনত দলসমূহৰ প্ৰদৰ্শন আৰু প্ৰতিখন ৰাজ্যৰ সৰ্ববৃহৎ দলৰ শক্তিৰ ওপৰত আধাৰ কৰি আসন ভাগ-বতৰাৰ সূত্ৰ নিৰ্ধাৰণ কৰিবলৈ সদস্য দলসমূহৰ মাজত আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। মূলত: ইয়াৰ উদ্দেশ্য হৈছে লোকসভা আসনত বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে যুটীয়া বিৰোধী প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো নিশ্চিত কৰা। আনহাতে, ইণ্ডিয়াৰ অংশীদাৰী দলসমূহে বিহাৰত জাতিগত লোকপিয়লৰ সমস্যাটো সমাধান কৰিবলৈ সন্মত হৈছে।

২৬টা বিৰোধী দলৰ দ্বাৰা গঠিত ইণ্ডিয়া ব্লকৰ লক্ষ্য হৈছে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটক (এন ডি এ) ঐক্যবদ্ধভাৱে প্ৰত্যাহ্বান জনোৱা। উল্লেখ্য যে, এই সমন্বয় সমিতিয়ে বিৰোধী মিত্ৰজোঁটৰ শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে কাম কৰে। 

বিৰোধীদলৰ ইণ্ডিয়া ব্লকৰ সমন্বয় তথা নিৰ্বাচনী ৰণনীতি সমিতিত ১৪গৰাকী সদস্য আছে৷ তাৰ ভিতৰত: কেচি বেণুগোপাল (কংগ্ৰেছ), টি আৰ বালু (ডিএমকে), হেমন্ত সোৰেন (জেএমএম), সঞ্জয় ৰাউত (শিৱসেনা-ইউবিটি), তেজস্বী যাদৱ (আৰজেডি), ৰাঘৱ চাদ্ধা (আপ), জাভেদ আলী খান (এছপি), লালন সিং (জেডি-ইউ), ডি ৰাজা (চিপিআই), ওমৰ আব্দুল্লাহ (নেচনেল কনফাৰেন্স), মেহবুবা মুফতি (পিডিপি), অভিষেক বেনাৰ্জী (টিএমচি), আৰু চিপিআই-এমৰ এজন সদস্য। উল্লেখযোগ্য যে, প্ৰৱৰ্তন সঞ্চালকালয়ে আজি হাজিৰ হ’বলৈ মাতি নিয়া অভিষেক বেনাৰ্জী সমন্বয় সমিতিৰ আজিৰ বৈঠকখনত উপস্থিত নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ