--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিলে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই৷ নিৰ্বাচনমুখী মধ্যপ্ৰদেশৰ পৰাই দেশজুৰি বিজেপিবিৰোধী অভিযান আৰম্ভ কৰিব ইণ্ডিয়াই৷ 

২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় পৰ্যায়৷ আৰু অক্টোবৰৰ প্ৰথমটো সপ্তাহৰ পৰাই দেশজুৰি ইণ্ডিয়াই আৰম্ভ কৰিব মহাসমাৱেশ৷ কাৰ্যতঃ বিজেপিৰ বিৰুদ্ধে ৰণশিঙা বজালে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই৷ অক্টোবৰৰ প্ৰথম সপ্তাহত মধ্য প্ৰদেশৰ ভূপালত ইণ্ডিয়া মিত্ৰজোঁটে প্ৰথমখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিব বুলি আজি ঘোষণা কৰিছে। 

বুধবাৰে ইণ্ডিয়া ব্লকৰ সমন্বয় সমিতিয়ে অনুষ্ঠিত কৰা প্ৰথমখন বৈঠকত এই সিদ্ধান্ত ৰাজহুৱা কৰিছে৷ ইণ্ডিয়া মিত্ৰজোঁটৰ দ্বাৰা জাৰি কৰা এক যুটীয়া বিবৃতি অনুসৰি, ৰাজহুৱা সভাত দামবৃদ্ধি, নিবনুৱা সমস্যা আৰু বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিষয়তেই প্ৰাধান্য দিয়া হ’ব।

বিৰোধী দলৰ ১৪জনীয়া পেনেলৰ বৈঠক দিল্লীত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) মুৰব্বী শাৰদ পাৱাৰৰ বাসগৃহত অনুষ্ঠিত হয়৷ সমন্বয় সমিতিয়ে আগন্তুক ২০২৪চনৰ লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বাটোৱাৰাকে ধৰি বিভিন্ন বিষয়ক লৈও আলোচনা কৰে। 

সমিতিখনে বিগত নিৰ্বাচনত দলসমূহৰ প্ৰদৰ্শন আৰু প্ৰতিখন ৰাজ্যৰ সৰ্ববৃহৎ দলৰ শক্তিৰ ওপৰত আধাৰ কৰি আসন ভাগ-বতৰাৰ সূত্ৰ নিৰ্ধাৰণ কৰিবলৈ সদস্য দলসমূহৰ মাজত আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। মূলত: ইয়াৰ উদ্দেশ্য হৈছে লোকসভা আসনত বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে যুটীয়া বিৰোধী প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো নিশ্চিত কৰা। আনহাতে, ইণ্ডিয়াৰ অংশীদাৰী দলসমূহে বিহাৰত জাতিগত লোকপিয়লৰ সমস্যাটো সমাধান কৰিবলৈ সন্মত হৈছে।

২৬টা বিৰোধী দলৰ দ্বাৰা গঠিত ইণ্ডিয়া ব্লকৰ লক্ষ্য হৈছে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটক (এন ডি এ) ঐক্যবদ্ধভাৱে প্ৰত্যাহ্বান জনোৱা। উল্লেখ্য যে, এই সমন্বয় সমিতিয়ে বিৰোধী মিত্ৰজোঁটৰ শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে কাম কৰে। 

বিৰোধীদলৰ ইণ্ডিয়া ব্লকৰ সমন্বয় তথা নিৰ্বাচনী ৰণনীতি সমিতিত ১৪গৰাকী সদস্য আছে৷ তাৰ ভিতৰত: কেচি বেণুগোপাল (কংগ্ৰেছ), টি আৰ বালু (ডিএমকে), হেমন্ত সোৰেন (জেএমএম), সঞ্জয় ৰাউত (শিৱসেনা-ইউবিটি), তেজস্বী যাদৱ (আৰজেডি), ৰাঘৱ চাদ্ধা (আপ), জাভেদ আলী খান (এছপি), লালন সিং (জেডি-ইউ), ডি ৰাজা (চিপিআই), ওমৰ আব্দুল্লাহ (নেচনেল কনফাৰেন্স), মেহবুবা মুফতি (পিডিপি), অভিষেক বেনাৰ্জী (টিএমচি), আৰু চিপিআই-এমৰ এজন সদস্য। উল্লেখযোগ্য যে, প্ৰৱৰ্তন সঞ্চালকালয়ে আজি হাজিৰ হ’বলৈ মাতি নিয়া অভিষেক বেনাৰ্জী সমন্বয় সমিতিৰ আজিৰ বৈঠকখনত উপস্থিত নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু