--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাঁচখন ৰাজ্যৰ চলিত বিধানসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছে প্ৰক্ষেপ কৰা প্ৰাৰ্থীৰ ১২ শতাংশতকৈও কম মহিলা। সংসদৰ দ্বাৰা সদ্যগৃহীত মহিলা সংৰক্ষণ বিধেয়কত নিৰ্ধাৰিত ৩৩.৩৩ শতাংশৰ উচ্চাভিলাষী লক্ষ্যতকৈও এই পৰিসংখ্যা যথেষ্ট কম৷

‘হিন্দুস্তান টাইমছ’ৰ এক প্ৰতিবেদন অনুসৰি, ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰাম— এই পাঁচখন ৰাজ্যৰ ৬৭৯খন আসনৰ ভিতৰত বিজেপিয়ে ৬৪৩খন আৰু কংগ্ৰেছে ৬৬৬খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। ইয়াৰ ভিতৰত বিজেপিয়ে মাত্ৰ ৮০গৰাকী মহিলা প্ৰাৰ্থী আৰু কংগ্ৰেছে ৭৪গৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

২৩০জনীয়া মধ্য প্ৰদেশ বিধানসভাত বিজেপিয়ে ২৮গৰাকী মহিলা আৰু কংগ্ৰেছে ৩০গৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ২০১৮ চনত,সংখ্যাটো আছিল ক্ৰমান্বয়ে ২৪ আৰু ২৭। নিৰ্বাচন ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব।

২০০জনীয়া ৰাজস্থান বিধানসভাৰ নিৰ্বাচন ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব। বিজেপি আৰু কংগ্ৰেছে ক্ৰমান্বয়ে ২০ আৰু ২৮ গৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ ২০১৮ চনত এই সংখ্যা আছিল ২৩ আৰু ২৭।

৭ আৰু ১৭ নৱেম্বৰত ছত্তীশগড়ত দুটা পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে ১৪ গৰাকী মহিলা প্ৰাৰ্থী আৰু কংগ্ৰেছে ৩ গৰাকী প্ৰাৰ্থী ঘোষণা কৰে।

তেলেংগানাত বিজেপিয়ে ১৪গৰাকী মহিলা প্ৰাৰ্থী আৰু কংগ্ৰেছে ১১গৰাকী প্ৰাৰ্থী ঘোষণা কৰিছে। ৩০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। একেদৰে, ৪০জনীয়া মিজোৰাম বিধানসভাৰ নিৰ্বাচন ৭ নৱেম্বৰত অনুষ্ঠিত হৈছিল। কংগ্ৰেছে দুগৰাকী মহিলা প্ৰাৰ্থী আৰু বিজেপিয়ে চাৰিগৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক