--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাঁচখন ৰাজ্যৰ চলিত বিধানসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছে প্ৰক্ষেপ কৰা প্ৰাৰ্থীৰ ১২ শতাংশতকৈও কম মহিলা। সংসদৰ দ্বাৰা সদ্যগৃহীত মহিলা সংৰক্ষণ বিধেয়কত নিৰ্ধাৰিত ৩৩.৩৩ শতাংশৰ উচ্চাভিলাষী লক্ষ্যতকৈও এই পৰিসংখ্যা যথেষ্ট কম৷

‘হিন্দুস্তান টাইমছ’ৰ এক প্ৰতিবেদন অনুসৰি, ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰাম— এই পাঁচখন ৰাজ্যৰ ৬৭৯খন আসনৰ ভিতৰত বিজেপিয়ে ৬৪৩খন আৰু কংগ্ৰেছে ৬৬৬খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। ইয়াৰ ভিতৰত বিজেপিয়ে মাত্ৰ ৮০গৰাকী মহিলা প্ৰাৰ্থী আৰু কংগ্ৰেছে ৭৪গৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

২৩০জনীয়া মধ্য প্ৰদেশ বিধানসভাত বিজেপিয়ে ২৮গৰাকী মহিলা আৰু কংগ্ৰেছে ৩০গৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ২০১৮ চনত,সংখ্যাটো আছিল ক্ৰমান্বয়ে ২৪ আৰু ২৭। নিৰ্বাচন ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব।

২০০জনীয়া ৰাজস্থান বিধানসভাৰ নিৰ্বাচন ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব। বিজেপি আৰু কংগ্ৰেছে ক্ৰমান্বয়ে ২০ আৰু ২৮ গৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ ২০১৮ চনত এই সংখ্যা আছিল ২৩ আৰু ২৭।

৭ আৰু ১৭ নৱেম্বৰত ছত্তীশগড়ত দুটা পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে ১৪ গৰাকী মহিলা প্ৰাৰ্থী আৰু কংগ্ৰেছে ৩ গৰাকী প্ৰাৰ্থী ঘোষণা কৰে।

তেলেংগানাত বিজেপিয়ে ১৪গৰাকী মহিলা প্ৰাৰ্থী আৰু কংগ্ৰেছে ১১গৰাকী প্ৰাৰ্থী ঘোষণা কৰিছে। ৩০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। একেদৰে, ৪০জনীয়া মিজোৰাম বিধানসভাৰ নিৰ্বাচন ৭ নৱেম্বৰত অনুষ্ঠিত হৈছিল। কংগ্ৰেছে দুগৰাকী মহিলা প্ৰাৰ্থী আৰু বিজেপিয়ে চাৰিগৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ