ডিজিটেল ডেস্ক: এজন মহাঠগ-প্ৰতাৰক, প্ৰৱঞ্চকে নিদ্ৰাহৰণ কৰিছে স্মাৰ্ট অসম আৰক্ষীৰ৷ তিনিমাহে সন্ধান নাই পলাতক প্ৰৱঞ্চক মৃদুপৱন নেওগৰ৷ মৃদুপৱনক বিচাৰি ‘মৃদু অভিযান’ অসম আৰক্ষীৰ৷ অভিযুক্ত প্ৰতাৰকগৰাকীৰ আজিপৰ্যন্ত সন্ধান উলিওৱাত ব্যৰ্থ ডিজিপি ভাস্কৰজ্যোতি মহন্ত! আৰক্ষীৰ অনুসন্ধান আৰু সৰ্বত্ৰ চৰ্চাৰ মাজতেই ‘অদৃশ্য’ মৃদুপৱনে এইবাৰ কৰিছিল জামিন আৱেদন৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি অনুষ্ঠিত শুনানিত আদালতে মৃদুপৱনৰ জামিন আৱেদন নাকচ কৰিছে৷ ন্যায়ালয়ে কি সিদ্ধান্ত দিয়ে, সেই লৈ ক’বলগীয়া একো নাই৷ কিন্তু, অসম আৰক্ষীয়ে তিনিমাহেও মৃদুপৱন নেওগক বিচাৰি নোপোৱা বিষয়টোত এতিয়া আশ্চৰ্য প্ৰকাশ কৰিছে অসমবাসীয়ে৷
মৃদুপৱন নেওগৰ সন্ধান নোপোৱা আৰু আৰক্ষীৰ দুৰ্বল অভিযানে উন্মোচন কৰিছে বহু প্ৰশ্নৰ৷ ৰাজ্যত চৰকাৰ গঠন কৰিয়ে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছিল অপৰাধ নিৰ্মূলৰ কঠোৰ অভিযান৷ তেনে অভিযানৰ মাজে মাজে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি গৈছিল যে, চৰকাৰখনৰ দিনত কোনো এজন অপৰাধীয়ে সাৰি যাব নোৱাৰিব৷ কঠোৰ হ’ব চৰকাৰ, প্ৰশাসন৷ কিন্তু, মুখ্যমন্ত্ৰীগৰাকীৰ তেনে মন্তব্যক চৰম ভ্ৰুকূটি কৰি তিনিমাহধৰি সন্ধানহীন মৃদুপৱন৷ গোচৰ পঞ্জীয়ন কৰিও ব্যৱস্থা লোৱাৰ পৰা বিৰত আছে অসম আৰক্ষী৷
- কাৰ শক্তিৰে বলিয়ান প্ৰতাৰক মৃদুপৱন নেওগ? মৃদুপৱনৰ মূৰত আছে কাৰ আশীৰ্বাদৰ হাত?
বিগত ২৪ ছেপ্টেম্বৰৰ নিশা আৰক্ষীৰ সন্মুখতে গুৱাহাটীৰ কাহিলীপাৰাস্থিত বাসভৱনৰ খিৰিকীৰে পলায়ন কৰিছিল প্ৰৱঞ্চকজনে৷ অভিযানকাৰী দলটোৱে মৃদুপৱনৰ ফ্লেটত তালাচী চলাই এটা ৩.২ পিষ্টল, ২০ জাঁই সক্রিয় গুলী, এপিএছ, আইপিএছ বিষয়াৰ বেজ, ৮টা বিদেশী মুদ্রা, গৃহ-মন্ত্রালয়ৰ তিনিটা ষ্টাম্প পেড, অশোক স্তম্ভ থকা ভাৰত চৰকাৰৰ ফলক, এটা ছ’নী লেপটপ, এটা ডিএছএলআৰ কেমেৰা, অশোক স্তম্ভ থকা ভিজিটিং কার্ড, চেক বুক, বেংক পাছবুক, সোণৰ চেইনকে ধৰি বহু আপত্তিজনক নথি-পত্র জব্দ কৰিছিল৷ নিজকে কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ৰ বিষয়া বুলি পৰিচয় দি অসম আৰক্ষীৰ নিৰাপত্তা লৈ ফুৰা প্ৰতাৰক মৃদুপৱনক কোনে প্ৰদান কৰিছিল নিৰাপত্তাৰক্ষী? অসম আৰক্ষীৰ কোন উচ্চপদস্থ বিষয়াই সহায় কৰিছিল মৃদুপৱনক? মৃদুপৱন নেওগৰ সমান্তৰালভাৱে এই বিষয়টোও এতিয়া চৰ্চিত হৈছে৷ তদন্তৰ আওতালৈ আহিবনে প্ৰৱঞ্চক নেওগক সহায় কৰা আৰক্ষীৰ উচ্চপদস্থ বিষয়া?
নগাঁৱৰ এজন লোকক ত্ৰিশ লাখ টকাৰ প্ৰৱঞ্চনা কৰা প্ৰৱঞ্চকগৰাকীক বিচাৰি পোৱা নাই নগাঁও আৰক্ষীয়েও৷ স’ততে অপৰাধ নিৰ্মূল অভিযানত সন্মুখৰ পৰা নেতৃত্ব দিয়া নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰও যেন মৃদুপৱন নেওগৰ অভিযানৰ ক্ষেত্ৰত থমকি ৰৈছে! অবৈধ ধন সৰবৰাহ, নাৰী সৰবৰাহৰ উপৰি বিবাহিত মহিলাক জালত পেলাই ব্লেকমেইলিং কৰাৰ অভিযোগতো অভিযুক্ত মৃদুপৱন৷ এনে এজন অপৰাধ মানসিকতাৰ লোকৰ ক্ষেত্ৰত কিয় থমকি ৰৈছে অসম আৰক্ষী, সেয়া এক ডাঙৰ সাঁথৰ৷ মৃদুপৱন নেওগৰ প্ৰৱঞ্চনাৰ অধ্যায় মুকলি হোৱাৰ পাছতেই পোহৰলৈ আহিছিল প্ৰৱঞ্চকগৰাকীৰ বিজেপি আৰু আৰএছএছৰ নেতাৰ সৈতে থকা ঘনিষ্ঠতাৰ গোপন অধ্যায়৷
মৃদুপৱন নেওগৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা কেইবাগৰাকীও মন্ত্ৰীৰ সৈতে থকা অন্তৰংগ মুহূৰ্তৰ আলোকচিত্ৰ ইতিমধ্যে অসমবাসীয়ে প্ৰত্যক্ষ কৰিছে৷ আমি স্পষ্ট কৰি দিওঁ যে, মুখ্যমন্ত্ৰী অথবা কোনো মন্ত্ৰীৰ সৈতে কাৰোবাৰ আলোকচিত্ৰ থকা মানেই ব্যক্তিগৰাকী মুখ্যমন্ত্ৰী অথবা মন্ত্ৰীৰ সৈতে ঘনিষ্ঠ নহ’বও পাৰে৷ কিন্তু, অভিযুক্ত মৃদুপৱনৰ তিনিমাহজোৰা অজ্ঞাতবাস আৰু অসম আৰক্ষীৰ অভিযানৰ ব্যৰ্থতাই মৃদুপৱনৰ সৈতে বিজেপি নেতাৰ ঘনিষ্ঠতাৰ সংশয়ক প্ৰকট কৰি তুলিছে৷ মৃদুপৱনৰ বিজেপি নেতাৰ উপৰি আৰএছএছৰো উত্তৰ-পূব পৰ্যায়ৰ বিষয়ববীয়াৰ সৈতেও ঘনিষ্ঠতাৰ কথা সৰ্বজনবিদিত৷ এতিয়া প্ৰশ্ন হৈছে ৰাজনৈতিক ক্ষমতাৰে পলাই থাকিবলৈ সক্ষম হৈছে নেকি মহাঠগ মৃদুপৱন? মৃদুপৱনক বচাই ৰখাৰ স্বাৰ্থত অসম আৰক্ষীকো নিয়ন্ত্ৰণ কৰিছে নেকি ‘অদৃশ্য’ শক্তিয়ে?
উল্লেখযোগ্য যে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে ৯ অক্টোৱৰত মৃদুপৱন নেওগৰ অৱস্থিতি মধ্যপ্ৰদেশত ধৰা পৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰিছিল৷ কেইবাবাৰো মৃদুপৱন সন্দৰ্ভত মন্তব্য কৰিছিল আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে৷ ডিজিপিৰ সুৰতে সুৰ মিলাই কেইদিনমান পূৰ্বে আনন্দ মিশ্ৰয়ো মৃদুপৱনৰ লোকেশ্যন মধ্যপ্ৰদেশত পোৱা বুলি মন্তব্য কৰিছে৷ মহাঠগগৰাকী মধ্যপ্ৰদেশত থকা বুলি জানিও কিয় থমকিছে স্মাৰ্ট অসম আৰক্ষী? অসম আৰক্ষীৰ এনে হোঁহকা-পিছলা নীতি আৰু স’ততে অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত সক্ৰিয়তা দেখুওৱা মুখ্যমন্ত্ৰীগৰাকীয়ে মৃদুপৱনৰ ক্ষেত্ৰত দেখুওৱা নিৰ্লিপ্ততাই ইমানদিনে নুবুজা সাঁথৰৰ আঁত ভাঙিছে৷ একে সময়তে এজন প্ৰতাৰকে উন্মোচিত কৰিছে এখন চৰকাৰৰ স্বৰূপ৷ চৰকাৰৰ পক্ষপাতিত্বমূলক আচৰণ আৰু অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত ব্যক্তিবিশেষৰ প্ৰতি দেখুওৱা অহেতুক দৰদে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে৷