--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদীত উত্তাল হ’ল গুৱাহাটী মহানগৰ। কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ উপস্থিতিত মহানগৰীত চলি থকা কংগ্ৰেছৰ তিনিদিনীয়া প্ৰশিক্ষণৰ মাজতে আজি কংগ্ৰেছে ৰূপায়ন কৰে দিছপুৰ ঘেৰাও কাৰ্যসূচী। কলাক্ষেত্ৰৰ পৰা ৰাজ্যৰ প্ৰধান বিৰোধী দলটোৱে এই কাৰ্যসূচী গ্ৰহণ কৰে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা বেণুগোপালসহ বহু কেইগৰাকী শীৰ্ষ নেতাই এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। চৰকাৰৰ ব্যৰ্থতা, অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধি তথা ব্যাপক দুৰ্নীতি ৰ অভিযোগেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে।

কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত বাধা আৰোপ কৰাৰ বাবে চৰকাৰে ব্যাপক হাৰত আৰক্ষী আৰু নিৰাপত্তাবাহিনীৰ লোক নিয়োগ কৰা পৰিলক্ষিত হয়। আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীৰ বাধাৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী দলটোৱে। জনতা ভৱনলৈ অহাৰ বাটত কংগ্ৰেছ নেতা-কৰ্মীক আটক কৰি প্ৰতিবাদ ব্যৰ্থ কৰাৰ চেষ্টা চলায় আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে।


উল্লেখ্য যে, এই প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বে দুই কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সাংসদ বৰদলৈয়ে কংগ্ৰেছৰ স্থিতি আৰু দলটোৰ ভেটি সম্পৰ্কত মন্তব্য কৰি কয়, ‘কংগ্ৰেছ দলৰ DNA অসমৰ মানুহৰ লগত সদায় সংপৃক্ত হৈ আছে। আমাৰ বটবৃক্ষৰ শিপা পাতলৈকে আছে। কংগ্ৰেছ দল জনসাধাৰণৰ ধ্যান-ধাৰণাৰ সৈতে সদায় জড়িত আছে।’ কংগ্ৰেছ সম্পৰ্কত এই মন্তব্য কৰিছে দলটোৰ জ্যেষ্ঠ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

দেশৰ ৰাজনীতিত কংগ্ৰেছৰ কংগ্ৰেছ দলৰ ভূমিকা তথা স্থিতিৰ কথা ব্যক্ত কৰি সাংসদ বৰদলৈয়ে কয়, এইটো দল কেতিয়াও ডাইন’চৰৰ দৰে বিলুপ্ত হৈ নাযায়৷ আমাৰ DNA খুব ষ্ট্ৰং৷ আমদানি হোৱা নতুন তেজে কংগ্ৰেছক সদায় শক্তিশালী কৰি ৰাখিব বুলিও তেওঁ মন্তব্য কৰে৷ দলটোৰ বিভিন্ন পদক্ষেপ তথা ভৱিষ্যৎ সম্পৰ্কীয় কাৰ্যব্যৱস্থা সম্পৰ্কত মন্তব্য কৰি তেওঁ কয়, কংগ্ৰেছৰ সদায় কঠোৰ আৰু গতিশীল সিদ্ধান্ত লোৱাৰ সাহস আছে৷ কংগ্ৰেছে আকৌ অতি শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিব৷ কংগ্ৰেছে পিছলৈ ঘূৰি চাই নতুন পথৰ সন্ধান কৰি লয়৷ দলীয় অনুশাসন মানি নচলাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ আহ্বান জনায়৷ বিজেপিয়ে দলটোক বিচলিত কৰিবৰ বাবে চেষ্টা কৰি আছে বুলি অভিযোগ কৰে বৰদলৈয়ে৷


আনহাতে দলটোৰ আন এগৰাকী সাংসদ গৌৰৱ গগৈয়ে দেশৰ সাম্প্ৰতিক সামাজিক-ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত মন্তব্য কৰি কয় যে, বৰ্তমান দেশত ধনী-দুখীয়াৰ মাজত পাৰ্থক্য বাঢ়ি যোৱা দেখা পাইছোঁ৷ সংবাদ মাধ্যমৰ ভূমিকা সন্দৰ্ভত মন্তব্য কৰি তেওঁ অভিযোগ কৰে যে, সকলো সংবাদ মাধ্যমত কেৱল মোদীৰ কথাহে প্ৰচাৰ হয়৷ দেশৰ দুখীয়া মানুহৰ ওপৰত হেঁচা বৃদ্ধি পাইছে বুলি মত পোষণ কৰি তেওঁ অসহিষ্ণুতাৰো অভিযোগ আনে।

যিসকলে চৰকাৰৰ বিৰুদ্ধে মাত মাতিছে তেওঁলোকক জে’ললৈ পঠিয়াই দিয়া বুলি তেওঁ অভিযোগ কৰে। মোদীৰ বহু চৰ্চিত ‘অচ্ছে দিন: ভাৰতৰ মাত্ৰ ৫-৬জন লোকৰ বাবেহে আহিছে বুলিও অভিযোগ কৰে গৌৰৱ গগৈয়ে৷ দেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ৰাইজ সজাগ হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে, আমি কংগ্ৰেছৰ কৰ্মীসকলক প্ৰতিখন গাঁৱৰ পৰিয়ালৰ ঘৰলৈ লৈ যাম৷

দেশৰ প্ৰাক্তন ন্যায়াধীষ ৰঞ্জন গগৈয়ে তেওঁৰ আত্মজীৱনীত তৰুণ গগৈৰ সন্দৰ্ভত লিখা কথাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱে কয়, জীৱিতকালত কিয় সেইবোৰ কথা তেওঁ নক’লে? ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈৰ ভূমিকাক লৈও সমালোচনা কৰে গৌৰৱ গগৈয়ে৷ বিজেপি চৰকাৰৰ দিনত জাতি-মাটি-ভেটি বিপদাপন্ন হোৱা তথা নানা দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ