--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদীত উত্তাল হ’ল গুৱাহাটী মহানগৰ। কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ উপস্থিতিত মহানগৰীত চলি থকা কংগ্ৰেছৰ তিনিদিনীয়া প্ৰশিক্ষণৰ মাজতে আজি কংগ্ৰেছে ৰূপায়ন কৰে দিছপুৰ ঘেৰাও কাৰ্যসূচী। কলাক্ষেত্ৰৰ পৰা ৰাজ্যৰ প্ৰধান বিৰোধী দলটোৱে এই কাৰ্যসূচী গ্ৰহণ কৰে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা বেণুগোপালসহ বহু কেইগৰাকী শীৰ্ষ নেতাই এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। চৰকাৰৰ ব্যৰ্থতা, অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধি তথা ব্যাপক দুৰ্নীতি ৰ অভিযোগেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে।

কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত বাধা আৰোপ কৰাৰ বাবে চৰকাৰে ব্যাপক হাৰত আৰক্ষী আৰু নিৰাপত্তাবাহিনীৰ লোক নিয়োগ কৰা পৰিলক্ষিত হয়। আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীৰ বাধাৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী দলটোৱে। জনতা ভৱনলৈ অহাৰ বাটত কংগ্ৰেছ নেতা-কৰ্মীক আটক কৰি প্ৰতিবাদ ব্যৰ্থ কৰাৰ চেষ্টা চলায় আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে।


উল্লেখ্য যে, এই প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বে দুই কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সাংসদ বৰদলৈয়ে কংগ্ৰেছৰ স্থিতি আৰু দলটোৰ ভেটি সম্পৰ্কত মন্তব্য কৰি কয়, ‘কংগ্ৰেছ দলৰ DNA অসমৰ মানুহৰ লগত সদায় সংপৃক্ত হৈ আছে। আমাৰ বটবৃক্ষৰ শিপা পাতলৈকে আছে। কংগ্ৰেছ দল জনসাধাৰণৰ ধ্যান-ধাৰণাৰ সৈতে সদায় জড়িত আছে।’ কংগ্ৰেছ সম্পৰ্কত এই মন্তব্য কৰিছে দলটোৰ জ্যেষ্ঠ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

দেশৰ ৰাজনীতিত কংগ্ৰেছৰ কংগ্ৰেছ দলৰ ভূমিকা তথা স্থিতিৰ কথা ব্যক্ত কৰি সাংসদ বৰদলৈয়ে কয়, এইটো দল কেতিয়াও ডাইন’চৰৰ দৰে বিলুপ্ত হৈ নাযায়৷ আমাৰ DNA খুব ষ্ট্ৰং৷ আমদানি হোৱা নতুন তেজে কংগ্ৰেছক সদায় শক্তিশালী কৰি ৰাখিব বুলিও তেওঁ মন্তব্য কৰে৷ দলটোৰ বিভিন্ন পদক্ষেপ তথা ভৱিষ্যৎ সম্পৰ্কীয় কাৰ্যব্যৱস্থা সম্পৰ্কত মন্তব্য কৰি তেওঁ কয়, কংগ্ৰেছৰ সদায় কঠোৰ আৰু গতিশীল সিদ্ধান্ত লোৱাৰ সাহস আছে৷ কংগ্ৰেছে আকৌ অতি শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিব৷ কংগ্ৰেছে পিছলৈ ঘূৰি চাই নতুন পথৰ সন্ধান কৰি লয়৷ দলীয় অনুশাসন মানি নচলাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ আহ্বান জনায়৷ বিজেপিয়ে দলটোক বিচলিত কৰিবৰ বাবে চেষ্টা কৰি আছে বুলি অভিযোগ কৰে বৰদলৈয়ে৷


আনহাতে দলটোৰ আন এগৰাকী সাংসদ গৌৰৱ গগৈয়ে দেশৰ সাম্প্ৰতিক সামাজিক-ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত মন্তব্য কৰি কয় যে, বৰ্তমান দেশত ধনী-দুখীয়াৰ মাজত পাৰ্থক্য বাঢ়ি যোৱা দেখা পাইছোঁ৷ সংবাদ মাধ্যমৰ ভূমিকা সন্দৰ্ভত মন্তব্য কৰি তেওঁ অভিযোগ কৰে যে, সকলো সংবাদ মাধ্যমত কেৱল মোদীৰ কথাহে প্ৰচাৰ হয়৷ দেশৰ দুখীয়া মানুহৰ ওপৰত হেঁচা বৃদ্ধি পাইছে বুলি মত পোষণ কৰি তেওঁ অসহিষ্ণুতাৰো অভিযোগ আনে।

যিসকলে চৰকাৰৰ বিৰুদ্ধে মাত মাতিছে তেওঁলোকক জে’ললৈ পঠিয়াই দিয়া বুলি তেওঁ অভিযোগ কৰে। মোদীৰ বহু চৰ্চিত ‘অচ্ছে দিন: ভাৰতৰ মাত্ৰ ৫-৬জন লোকৰ বাবেহে আহিছে বুলিও অভিযোগ কৰে গৌৰৱ গগৈয়ে৷ দেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ৰাইজ সজাগ হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে, আমি কংগ্ৰেছৰ কৰ্মীসকলক প্ৰতিখন গাঁৱৰ পৰিয়ালৰ ঘৰলৈ লৈ যাম৷

দেশৰ প্ৰাক্তন ন্যায়াধীষ ৰঞ্জন গগৈয়ে তেওঁৰ আত্মজীৱনীত তৰুণ গগৈৰ সন্দৰ্ভত লিখা কথাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱে কয়, জীৱিতকালত কিয় সেইবোৰ কথা তেওঁ নক’লে? ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈৰ ভূমিকাক লৈও সমালোচনা কৰে গৌৰৱ গগৈয়ে৷ বিজেপি চৰকাৰৰ দিনত জাতি-মাটি-ভেটি বিপদাপন্ন হোৱা তথা নানা দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু