--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিজৰ প্ৰিয় অভিনেতাগৰাকীক ওচৰৰ পৰা চোৱাৰ সপোন প্ৰত্যেকজন অনুৰাগীৰ ৷ এই সপোনৰ পম খেদি এজন অনুৰাগীয়ে এদিন দুদিন নহয়, সুদীৰ্ঘ ৯৫ দিনৰ অপেক্ষাৰ অন্তত নিজৰ প্ৰিয় শিল্পীগৰাকীক লগ পায় ৷ বলীউডৰ কিং খান বুলি পৰিচিত শ্বাহৰূখ খানক হয়তো সমগ্ৰ বিশ্বই চিনি পায় ৷ যোৱা ২ নৱেম্বৰত শ্বাহৰুখ খানে ৫৯ সংখ্যক জন্মদিন উদযাপন কৰে ৷ শ্বাহৰুখ খানৰ ঘৰ মান্নাতৰ বাহিৰত শ্বাহৰুখ খানৰ এটা মাত্ৰ আভাস পাবলৈ হাহাকাৰ কৰে তেওঁৰ লক্ষাধিক অনুৰাগীয়ে । 

Shah Rukh Khan reveals he has finally quit smoking, but still feels  'breathless' | Bollywood - Hindustan Times


লক্ষাধিক অনুৰাগীৰ মাজত এজন অনুৰাগী,যাৰ নাম মহম্মদ আনছাৰী ৷ তেওঁ ঝাৰখণ্ডৰ বাসিন্দা ৷ ঝাৰখণ্ডৰ পৰা আহি মুম্বাইত শ্বাহৰুখ খানৰ মান্নাতৰ দুৱাৰদলিত দিনে-ৰাতি অপেক্ষা কৰে মহম্মদ আনছাৰীয়ে ৷ মাথো তেওঁক এবাৰ লগ পোৱাৰ আশাত ৷ অৱশেষত সুযোগ পালে তেওঁ । ৫৯ সংখ্যক জন্মদিনত শ্বাহৰুখ খান অনুৰাগীৰ সৈতে হোৱা এখন বৈঠকত শ্বাহৰুখ খানৰ এই অনুৰাগীজনকো আমন্ত্ৰণ জনোৱা হৈছিল । যেতিয়া শ্বাহৰুখে এই কথা জানিব পাৰিলে, তেতিয়া তেওঁ নিজেই মহম্মদ আনছাৰীক লগ কৰে আৰু তেওঁৰ লগত এখন ফটোও ক্লিক কৰিলে । অনুৰাগী মহম্মদ আনছাৰীয়ে শ্বাহৰুখ খানৰ লগত হাত মিলাই থকা এখন ফটো ছ’চিয়েল মিডিয়াত বৰ্তমান তীব্ৰ চৰ্চাত আছে।

95 दिन की तपस्या के बाद फैन को हुआ शाहरुख खान का दिव्य दर्शन, मन की मुराद  हुई पूरी- Navbharat Live (नवभारत) - Hindi News | shah rukh khan finally  meets shaikh

এক সাক্ষাৎকাৰত অনুৰাগী মহম্মদ আনছাৰীক যেতিয়া কোৱা হৈছিল যে শ্বাহৰুখ খানে তেওঁক লগ কৰিব, আনচাৰীয়ে কয়, “শ্বাহৰুখ খানে মোক নহয়, মইহে তেওঁক লগ কৰিম ।” আনহাতে, তিনি মাহৰ বাবে কেন্দ্ৰটো বন্ধ ৰখাৰ ফলত মহম্মদ আনছাৰী যথেষ্ট আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে । এই সন্দৰ্ভত মহম্মদ আনছাৰীয়ে কয়, “যদি মই শ্বাহৰুখ ছাৰক লগ নাপাওঁ, তেন্তে গাঁৱত মোৰ সন্মান নাথাকিব, কিন্তু শ্বাহৰুখ খানে তেওঁৰ অনুৰাগীক নিৰাশ নকৰিলে আৰু লগ পাই মোৰ সপোন পূৰণ কৰিলে ।”







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু