--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিজৰ প্ৰিয় অভিনেতাগৰাকীক ওচৰৰ পৰা চোৱাৰ সপোন প্ৰত্যেকজন অনুৰাগীৰ ৷ এই সপোনৰ পম খেদি এজন অনুৰাগীয়ে এদিন দুদিন নহয়, সুদীৰ্ঘ ৯৫ দিনৰ অপেক্ষাৰ অন্তত নিজৰ প্ৰিয় শিল্পীগৰাকীক লগ পায় ৷ বলীউডৰ কিং খান বুলি পৰিচিত শ্বাহৰূখ খানক হয়তো সমগ্ৰ বিশ্বই চিনি পায় ৷ যোৱা ২ নৱেম্বৰত শ্বাহৰুখ খানে ৫৯ সংখ্যক জন্মদিন উদযাপন কৰে ৷ শ্বাহৰুখ খানৰ ঘৰ মান্নাতৰ বাহিৰত শ্বাহৰুখ খানৰ এটা মাত্ৰ আভাস পাবলৈ হাহাকাৰ কৰে তেওঁৰ লক্ষাধিক অনুৰাগীয়ে । 

Shah Rukh Khan reveals he has finally quit smoking, but still feels  'breathless' | Bollywood - Hindustan Times


লক্ষাধিক অনুৰাগীৰ মাজত এজন অনুৰাগী,যাৰ নাম মহম্মদ আনছাৰী ৷ তেওঁ ঝাৰখণ্ডৰ বাসিন্দা ৷ ঝাৰখণ্ডৰ পৰা আহি মুম্বাইত শ্বাহৰুখ খানৰ মান্নাতৰ দুৱাৰদলিত দিনে-ৰাতি অপেক্ষা কৰে মহম্মদ আনছাৰীয়ে ৷ মাথো তেওঁক এবাৰ লগ পোৱাৰ আশাত ৷ অৱশেষত সুযোগ পালে তেওঁ । ৫৯ সংখ্যক জন্মদিনত শ্বাহৰুখ খান অনুৰাগীৰ সৈতে হোৱা এখন বৈঠকত শ্বাহৰুখ খানৰ এই অনুৰাগীজনকো আমন্ত্ৰণ জনোৱা হৈছিল । যেতিয়া শ্বাহৰুখে এই কথা জানিব পাৰিলে, তেতিয়া তেওঁ নিজেই মহম্মদ আনছাৰীক লগ কৰে আৰু তেওঁৰ লগত এখন ফটোও ক্লিক কৰিলে । অনুৰাগী মহম্মদ আনছাৰীয়ে শ্বাহৰুখ খানৰ লগত হাত মিলাই থকা এখন ফটো ছ’চিয়েল মিডিয়াত বৰ্তমান তীব্ৰ চৰ্চাত আছে।

95 दिन की तपस्या के बाद फैन को हुआ शाहरुख खान का दिव्य दर्शन, मन की मुराद  हुई पूरी- Navbharat Live (नवभारत) - Hindi News | shah rukh khan finally  meets shaikh

এক সাক্ষাৎকাৰত অনুৰাগী মহম্মদ আনছাৰীক যেতিয়া কোৱা হৈছিল যে শ্বাহৰুখ খানে তেওঁক লগ কৰিব, আনচাৰীয়ে কয়, “শ্বাহৰুখ খানে মোক নহয়, মইহে তেওঁক লগ কৰিম ।” আনহাতে, তিনি মাহৰ বাবে কেন্দ্ৰটো বন্ধ ৰখাৰ ফলত মহম্মদ আনছাৰী যথেষ্ট আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে । এই সন্দৰ্ভত মহম্মদ আনছাৰীয়ে কয়, “যদি মই শ্বাহৰুখ ছাৰক লগ নাপাওঁ, তেন্তে গাঁৱত মোৰ সন্মান নাথাকিব, কিন্তু শ্বাহৰুখ খানে তেওঁৰ অনুৰাগীক নিৰাশ নকৰিলে আৰু লগ পাই মোৰ সপোন পূৰণ কৰিলে ।”







FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু