--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগনা ৰাণাৱটৰ অনুষ্ঠান 'লক আপ'ৰ পৰা বাহিৰ হৈছে ৰাজনৈতিক বিশ্লেষক তেহচিন পুনাৱালা। তেহচিন পুনাৱালা হৈছে প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভদ্ৰাৰ ভনী জোঁৱাই। 'লক আপ'ৰ পৰা বাহিৰ হোৱাৰ পূৰ্বে তেহচিন পুনাৱালাই এনে এক নিজৰ গোপন কাহিনী প্ৰকাশ কৰিছে যিয়ে অনুষ্ঠানটোৰ প্ৰতিযোগীসকলৰ লগতে দৰ্শকসকলক হতবাক কৰি তুলিছে। লক আপ'ত প্ৰকাশ গোপন কাহিনী দেশৰ এজন শীৰ্ষ উদ্যোগপতিৰ পত্নীৰ সৈতে যৌন সম্ভোগ কৰাৰ প্ৰস্তাৱ পাইছিল তেহচিন পুনাৱালাই। তেহচিনক এই প্ৰস্তাৱ উদ্যোগপতিগৰাকীয়ে নিজে দিছিল। তেহচিনে কয় যে "মোক ভাৰতৰ এজন শীৰ্ষ উদ্যোগপতিয়ে তেওঁৰ পত্নীৰ সৈতে শুবলৈ এটা প্ৰস্তাৱ দিছিল। সেই প্ৰস্তাৱৰ ভিত্তিত তেওঁ এটা সপ্তাহৰ বাবে মোৰ গোটেই নাইটক্লাবটো বুক কৰিছিল। উদ্যোগপতিগৰাকীয়ে মোক তেওঁৰ পত্নীৰ সৈতে যৌন সম্ভোগ কৰা চাব বিচাৰিছিল। মই এই প্ৰস্তাৱ সম্পূৰ্ণৰূপে উপভোগ কৰিছিলো। উদ্যোগপতিজনে এই সকলোবোৰ ওচৰতে বহি চাই আছিল। লক আপ'ত প্ৰকাশ গোপন কাহিনী মই এই কাম কৰি অলপো অনুতপ্ত নহয়, কিয়নো মই একো ভুল কৰা নাই। উদ্যোগপতিগৰাকীয়ে তেওঁৰ পত্নীক মোৰ সম্পত্তিৰ দৰে ব্যৱহাৰ কৰাটো বিচাৰিছিল আৰু তেওঁ সেই অভিজ্ঞতা চাব আৰু উপভোগ কৰিব বিচাৰিছিল। তেহচিন পুনাৱালাই অৱশ্যে উদ্যোগপতিগৰাকীৰ নাম প্ৰকাশ নকৰিলে। তেহচিনে এই গোপন কাহিনী প্ৰকাশ কৰাৰ পাছত কংগনা ৰাণাৱটে তেওঁক সুধিছিল, 'আপোনাৰ পত্নীয়ে এই কথা জানে নে?' [caption id="attachment_137516" align="aligncenter" width="300"]লক আপ'ত প্ৰকাশ গোপন কাহিনী পত্নী মণিকাৰ সৈতে তেহচিন[/caption] তেহচিনে কৈছিল যে বিয়াৰ পূৰ্বে পত্নীৰ সৈতে ডেটিং কৰি থাকোতে আৰম্ভণিতেই তেওঁ এই ঘটনাটোৰ বিষয়ে জনাইছিল। উল্লেখ্য এই কাহিনী কোৱাৰ পাছতেই 'লক আপ'ৰ পৰা বাহিৰ হয় তেহচিন পুনাৱালা। 'লক আপ' নামৰ এই ৰিয়েলিটী শ্ব’টোত কংগনাক আয়োজক হিচাপে দেখিবলৈ পোৱা গৈছে। অনুষ্ঠানটোৰ প্ৰযোজনা একতা কাপুৰৰ। 'লক আপ' ২৭ ফেব্ৰুৱাৰীৰ পৰা অল্টবালাজী অ’টিটি প্লেটফৰ্মত সম্প্ৰচাৰিত হৈছে। আৰু পঢ়কঃ পোহনীয়া কুকুৰক ৫ কোটি টকাৰ হীৰাৰ চেইন উপহাৰ! সুৰক্ষাৰ বাবে দেহৰক্ষী নিয়োগ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু