--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনয়ক লৈ নহয়, বিতৰ্কিত মন্তব্যৰ বাবে সদায় বাতৰিৰ শিৰোনামত থাকে কংগনাই ৰানাৱট। আনৰ সমালোচনাৰে বিতৰ্ক বিয়পাই যেন ভাল পায় কংগনাই।কিন্তু এইবাৰ বেলেগক নহয় কংগনাই নিজকে নিজে সমালোচনা কৰিছে। জীৱনৰ এটা অন্ধকাৰ দিশৰ বিষয়ে এইবাৰ অনুৰাগীক জনাইছে কংগনাই নিজে। নিজৰ জীৱনৰ সৈতে সংপৃক্ত এক গোপন ৰহস্য প্ৰকাশ কৰিছে তেওঁ। ন’ স্মকিং ডে’ উপলক্ষে অভিনেত্ৰীগৰাকীয়ে কয় যে, ‘মই এসময়ত চেইন স্মোকাৰ আছিলো। নিক’টিন নাপালেই ছটফটাই ফুৰিছিলো। এটাৰ পাছত আনটো চিগাৰেট সেৱন নকৰিলে থাকিব পৰা নাছিলো।’পৰৱৰ্তী সময়ত অৱশ্যে, যোগাসনৰ জৰিয়তে এই বদ অভ্যাস সলনি কৰে কংগনাই।'লামহে' ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত চিগাৰেটৰ প্ৰেমত পৰা বুলি সদৰী কৰিছে কংগনাই। এই ছবিখনৰ পৰাই চিগাৰেটৰ প্ৰতি আসক্তি বৃদ্ধি পাইছিল কংগনাৰ। এক সাক্ষাৎকাৰত কংগনাই কয়, ‘মোৰ বয়স তেতিয়া ১৯ বছৰ। 'লামহে'ৰ শ্বুটিঙৰ পাছত নিজকে নিয়ন্ত্ৰণ কৰিবলৈ আৰু চাপ হ্ৰাস কৰিবলৈ ধূমপান কৰিবলৈ লৈছিলো। এসময়ত, মই চিগাৰেটৰ প্ৰতি অত্যন্ত আসক্ত হৈ পৰিছিলো। মই কেনেকৈ এনে এটা বদঅভ্যাসৰ প্ৰতি অভ্যস্ত হৈ পৰিছিলো তাকে ভাবি হতবাক হৈ পৰিছিলো। ছবিখনৰ দৃশ্যগ্ৰহণ বাবে ৬-৭ মাহ সময় লাগিছিল। কেতিয়াবা মোৰ বন্ধুসকল আহিছিল, মই তেওঁলোকৰ পৰা চিগাৰেট লৈছিলো। তাৰ পাছত মই লাহে লাহে চিগাৰেটৰ পেকেট এটা মোৰ লগত ৰাখিবলৈ আৰম্ভ কৰিলোঁ। তাৰ পাছত, মই লাহে লাহে দিনে ১০ৰ পৰা ১২টা চিগাৰেট খাইছিলো।’ স্বাভাৱিকতে আনৰ সমালোচনাত মুখৰ হৈ থকা কংগনাৰ মুখত এইবাৰ নিজৰ কীৰ্তিৰ বিষয়ে এনেদৰে মুকলিকৈ প্ৰকাশ কৰা দেখি হতবাক হৈ পৰিছে সকলো। সম্প্ৰতি কংগনাৰ এই মন্তব্য ছ’চিয়েল মিডিয়াতো ব্যাপকভাৱে চৰ্চিত হৈ পৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু