--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনয়ক লৈ নহয়, বিতৰ্কিত মন্তব্যৰ বাবে সদায় বাতৰিৰ শিৰোনামত থাকে কংগনাই ৰানাৱট। আনৰ সমালোচনাৰে বিতৰ্ক বিয়পাই যেন ভাল পায় কংগনাই।কিন্তু এইবাৰ বেলেগক নহয় কংগনাই নিজকে নিজে সমালোচনা কৰিছে। জীৱনৰ এটা অন্ধকাৰ দিশৰ বিষয়ে এইবাৰ অনুৰাগীক জনাইছে কংগনাই নিজে। নিজৰ জীৱনৰ সৈতে সংপৃক্ত এক গোপন ৰহস্য প্ৰকাশ কৰিছে তেওঁ। ন’ স্মকিং ডে’ উপলক্ষে অভিনেত্ৰীগৰাকীয়ে কয় যে, ‘মই এসময়ত চেইন স্মোকাৰ আছিলো। নিক’টিন নাপালেই ছটফটাই ফুৰিছিলো। এটাৰ পাছত আনটো চিগাৰেট সেৱন নকৰিলে থাকিব পৰা নাছিলো।’পৰৱৰ্তী সময়ত অৱশ্যে, যোগাসনৰ জৰিয়তে এই বদ অভ্যাস সলনি কৰে কংগনাই।'লামহে' ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত চিগাৰেটৰ প্ৰেমত পৰা বুলি সদৰী কৰিছে কংগনাই। এই ছবিখনৰ পৰাই চিগাৰেটৰ প্ৰতি আসক্তি বৃদ্ধি পাইছিল কংগনাৰ। এক সাক্ষাৎকাৰত কংগনাই কয়, ‘মোৰ বয়স তেতিয়া ১৯ বছৰ। 'লামহে'ৰ শ্বুটিঙৰ পাছত নিজকে নিয়ন্ত্ৰণ কৰিবলৈ আৰু চাপ হ্ৰাস কৰিবলৈ ধূমপান কৰিবলৈ লৈছিলো। এসময়ত, মই চিগাৰেটৰ প্ৰতি অত্যন্ত আসক্ত হৈ পৰিছিলো। মই কেনেকৈ এনে এটা বদঅভ্যাসৰ প্ৰতি অভ্যস্ত হৈ পৰিছিলো তাকে ভাবি হতবাক হৈ পৰিছিলো। ছবিখনৰ দৃশ্যগ্ৰহণ বাবে ৬-৭ মাহ সময় লাগিছিল। কেতিয়াবা মোৰ বন্ধুসকল আহিছিল, মই তেওঁলোকৰ পৰা চিগাৰেট লৈছিলো। তাৰ পাছত মই লাহে লাহে চিগাৰেটৰ পেকেট এটা মোৰ লগত ৰাখিবলৈ আৰম্ভ কৰিলোঁ। তাৰ পাছত, মই লাহে লাহে দিনে ১০ৰ পৰা ১২টা চিগাৰেট খাইছিলো।’ স্বাভাৱিকতে আনৰ সমালোচনাত মুখৰ হৈ থকা কংগনাৰ মুখত এইবাৰ নিজৰ কীৰ্তিৰ বিষয়ে এনেদৰে মুকলিকৈ প্ৰকাশ কৰা দেখি হতবাক হৈ পৰিছে সকলো। সম্প্ৰতি কংগনাৰ এই মন্তব্য ছ’চিয়েল মিডিয়াতো ব্যাপকভাৱে চৰ্চিত হৈ পৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু