ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা’ত যোগ দিলে কমল হাছানে। নতুন দিল্লীত গান্ধীৰ স’তে খোজ মিলায় দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰজনে।
যাত্ৰাটোত অংশ লৈ লাল কিল্লাত এটা ভাষণো প্ৰদান কৰে হাছানে। কয়- ''বহু মানুহে সুধিছে যে মই কিয় যাত্ৰাত অংশ লৈছো। মই ইয়ালৈ এজন ভাৰতীয় হিচাপে আহিছো।’’
''মোৰ দেউতা এজন কংগ্ৰেছী আছিল। মোৰ বিভিন্ন আদৰ্শ আছে আৰু মই এটা ৰাজনৈতিক দলো আৰম্ভ কৰিছো। কিন্তু যেতিয়া দেশৰ কথা আহি পৰে, সকলো ৰাজনৈতিক পথ ধূসৰ হৈ পৰে।’’- হাছানে কয়।
''মই এখন আইনাৰ সমুখত ৰওঁ আৰু নিজকে কওঁ- এই সময়ছোৱাই হৈছে সেই সময়, যিসময়ত দেশে মোক অতিকৈ বিচাৰে। তেতিয়াই মোৰ ভিতৰৰ পৰা এটা কণ্ঠ শুনা পাওঁ- 'কমল, ভাৰতক টুকুৰা টুকুৰ কৰাত সহায় নকৰিব, এক কৰা’।’’- অভিনেতাজনে কয়।
উল্লেখ্য যে কংগ্ৰেছৰ এই যাত্ৰাই দেশজুৰি মুঠ ৩০০০ কিলোমিটাৰ ইতিমধ্যে সামৰি লৈছে। পাৰ কৰিছে ১২খন ৰাজ্য। কমল হাছানৰ উপৰিও ইয়াৰ পূৰ্বে ৰিয়া সেন, পূজা ভাটৰ দৰে চেলিব্ৰেটিয়েও যাত্ৰাটোত যোগ দিছে।