--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটাল ডেস্কঃএগৰাকী ২০ বছৰীয়া সম্ভাৱনাপূৰ্ণ অভিনেত্ৰী৷  নাম তুনিশা শৰ্মা৷  শনিবাৰে টিভি অভিনেত্ৰী তুনিশা  শৰ্মাই শ্বুটিঙৰ সময়তে মেকআপ ৰূমত ওলমি থকাৰ কথাই এতিয়া সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ তুনিশা মৃত্যু ৰহস্য উদ্ঘাটন কৰিবলৈ গৈ  আৰক্ষীয়ে লাভ কৰিছে কেইবাটাও  গুৰুত্বপূৰ্ণ তথ্য ৷ অভিনেত্ৰী তুনিশাক আত্মহত্যাৰ  বাবে প্ৰৰোচিত কৰাৰ অভিযোগত সহ-অভিনেতা শ্বীজান খানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ তুনিশাৰ মৃত্যুৰ সৈতে লাভ জেহাদৰ সম্পৰ্কও বিচাৰি পাইছে বহুতে৷


তুনিশাৰ  সৈতে অভিনেতা শ্বীজান খানৰ সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে। তুনিশাৰ আত্মহত্যাৰ  পিছতে আৰক্ষীয়ে তেওঁৰ সহ-অভিনেতা শ্বীজান মহম্মদ খানক ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৩০৬ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি তুনিশাই  শ্বীজান খানৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছিল ৷ ইয়াৰ পিছতে আৰম্ভ হৈছিল অভিনেতাজনৰ সৈতে সংঘাত৷ সেই সংঘাতৰ পৰিণতিতে তুনিশাই আত্মহত্যা কৰা বুলি বহুতে সন্দেহ কৰিছে৷ অভিযোগ অনুসৰি  শ্বীজান খানে তুনিশাক আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰিছিল৷   

অভিনেত্ৰীগৰাকীয়ে টিভি ধাৰাবাহিক  আলী বাবাঃ দস্তান-ই-কাবুলৰ দৃশ্যগ্ৰহণ কৰি আছিল। শ্বুটিঙৰ মাজতে হঠাতে অন্তৰ্ধান হৈ পৰা তুনিশাৰ মৃতদেহ উদ্ধাৰ হয় মেক আপ ৰূমত৷ তুনিশাক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও  চিকিৎসকে তেওঁক  মৃত বুলি ঘোষণা কৰে। তুনিশাই কেটৰিনা কাইফ আৰু বিদ্যা বালানৰ দৰে তাৰকাৰ সৈতেও অভিনয় কৰিছিল৷এখন ছবিত তেওঁ  কেটৰিনা কাইফৰ সৰু কালৰ চৰিত্ৰত অভিনয় কৰিছিল।  


ইণ্টাৰনেট ৱালা লাভ, ইশ্ক সুভাল্লাহ, গায়েব, শ্বেৰ-ই-পাঞ্জাৱ: মহাৰাজা ৰঞ্জিত সিঙৰ দৰে টেলিভিছনৰ অনুষ্ঠান সমূহৰ জড়িয়তে তুনিশা সকলোৰে মাজত পৰিচিত হৈ পৰিছিল৷  ইপিনে আজি আৰক্ষীয়ে তুনিশাক আত্মহত্যা কৰিবলৈ বাধ্য কৰা বুলি অভিযোগ উঠা শ্বীজান মহম্মদ খানক আদালতত হাজিৰ কৰোৱাব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement