--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটাল ডেস্কঃএগৰাকী ২০ বছৰীয়া সম্ভাৱনাপূৰ্ণ অভিনেত্ৰী৷  নাম তুনিশা শৰ্মা৷  শনিবাৰে টিভি অভিনেত্ৰী তুনিশা  শৰ্মাই শ্বুটিঙৰ সময়তে মেকআপ ৰূমত ওলমি থকাৰ কথাই এতিয়া সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ তুনিশাৰ মৃত্যু ৰহস্য উদ্ঘাটন কৰিবলৈ গৈ  আৰক্ষীয়ে লাভ কৰিছে কেইবাটাও  গুৰুত্বপূৰ্ণ তথ্য ৷ অভিনেত্ৰী তুনিশাক আত্মহত্যাৰ  বাবে প্ৰৰোচিত কৰাৰ অভিযোগত সহ-অভিনেতা শ্বীজান খানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ তুনিশাৰ মৃত্যুৰ সৈতে লাভ জেহাদৰ সম্পৰ্কও বিচাৰি পাইছে বহুতে৷


তুনিশাৰ  সৈতে অভিনেতা শ্বীজান খানৰ সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে। তুনিশাৰ আত্মহত্যাৰ  পিছতে আৰক্ষীয়ে তেওঁৰ সহ-অভিনেতা শ্বীজান মহম্মদ খানক ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৩০৬ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি তুনিশাই  শ্বীজান খানৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছিল ৷ ইয়াৰ পিছতে আৰম্ভ হৈছিল অভিনেতাজনৰ সৈতে সংঘাত৷ সেই সংঘাতৰ পৰিণতিতে তুনিশাই আত্মহত্যা কৰা বুলি বহুতে সন্দেহ কৰিছে৷ অভিযোগ অনুসৰি  শ্বীজান খানে তুনিশাক আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰিছিল৷   

অভিনেত্ৰীগৰাকীয়ে টিভি ধাৰাবাহিক  আলী বাবাঃ দস্তান-ই-কাবুলৰ দৃশ্যগ্ৰহণ কৰি আছিল। শ্বুটিঙৰ মাজতে হঠাতে অন্তৰ্ধান হৈ পৰা তুনিশাৰ মৃতদেহ উদ্ধাৰ হয় মেক আপ ৰূমত৷ তুনিশাক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও  চিকিৎসকে তেওঁক  মৃত বুলি ঘোষণা কৰে। তুনিশাই কেটৰিনা কাইফ আৰু বিদ্যা বালানৰ দৰে তাৰকাৰ সৈতেও অভিনয় কৰিছিল৷এখন ছবিত তেওঁ  কেটৰিনা কাইফৰ সৰু কালৰ চৰিত্ৰত অভিনয় কৰিছিল।  


ইণ্টাৰনেট ৱালা লাভ, ইশ্ক সুভাল্লাহ, গায়েব, শ্বেৰ-ই-পাঞ্জাৱ: মহাৰাজা ৰঞ্জিত সিঙৰ দৰে টেলিভিছনৰ অনুষ্ঠান সমূহৰ জড়িয়তে তুনিশা সকলোৰে মাজত পৰিচিত হৈ পৰিছিল৷  ইপিনে আজি আৰক্ষীয়ে তুনিশাক আত্মহত্যা কৰিবলৈ বাধ্য কৰা বুলি অভিযোগ উঠা শ্বীজান মহম্মদ খানক আদালতত হাজিৰ কৰোৱাব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু