--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতীয় আৰক্ষী নহয়, অষ্ট্ৰেলিয়া আৰক্ষীয়ে বিচাৰি চলাথ কৰিছে এজন ভাৰতীয়ক৷ এইজন ভাৰতীয়ৰ নাম ৰাজৱিন্দৰ। জন্মসূত্ৰে তেওঁ পঞ্জাৱৰ নাগৰিক৷ 
পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ বাসিন্দা ৰাজৱিন্দৰৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াত হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ আছে। কুইন্সলেণ্ড আৰক্ষীয়ে জনোৱা অনুসৰি, ৰাজৱিন্দৰে সাগৰৰ পাৰত কুকুৰ এটাৰ সৈতে  খোজ কাঢ়ি থকা এগৰাকী ২৪ বছৰীয়া যুৱতীক হত্যা কৰে আৰু তাৰ পৰা পলাই ভাৰতলৈ আহে।অৱশেষত উপায়ন্তৰ হৈ  আৰক্ষীয়ে তেওঁৰ বিষয়ে তথ্য দিয়া যিকোনো লোকৰ বাবে ৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

প্ৰকৃততে, হত্যাকাণ্ডটো অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত সংঘটিত হৈছিল। ২৪ বছৰীয়া টয়াহ কৰ্ডিংলীয়ে ২০১৮ চনত কুইন্সলেণ্ডৰ সমুদ্ৰ তীৰত তেওঁৰ  কুকুৰটোৰ সৈতে  খোজ কাঢ়ি আছিল। এই সময়ছোৱাত, ৰাজবিন্দৰ সিং নামৰ ব্যক্তিজনে তেওঁক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটোৰ চাৰি বছৰ পাৰ হৈ গ'ল, কিন্তু অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে অভিযুক্তজনৰ বিষয়ে কোনো সূত্ৰ বিচাৰি পোৱা নাই। সেয়েহে, এতিয়া আৰক্ষীয়ে অভিযুক্তজনৰ ওপৰত কোটি টকাৰ পুৰস্কাৰ  ঘোষণা কৰিছে।

আৰক্ষীয়ে আশা কৰিছে যে  ৰাজৱিন্দৰ সিঙৰ বিষয়ে যিসকল  লোকৰ ওচৰত তথ্য আছে তেওঁলোকে  কুইন্সলেণ্ড আৰক্ষীৰ সৈতে যোগাযোগ কৰিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৩৮ বছৰীয়া ৰাজৱিন্দৰে কুইন্সলেণ্ডত মেইল নাৰ্ছ হিচাপে কাম কৰিছিল। টয়াহ কৰ্ডিংলিৰ হত্যাৰ দুদিন পিছত, তেওঁ অষ্ট্ৰেলিয়াৰ পৰা পলাই যায়। পলাই যাওঁতে, তেওঁ আনকি তেওঁৰ পত্নী আৰু তিনি সন্তানৰ বিষয়ে চিন্তা কৰা নাছিল আৰু তেওঁলোকক  অষ্ট্ৰেলিয়াত এৰি গৈছিল।

আৰক্ষীৰ হাতত থকা তথ্য অনুসৰি  ২২ অক্টোবৰত হত্যাৰ এদিন পিছত ৰাজৱিন্দৰ চিডনীলৈ গৈ তাৰ পৰা ভাৰতলৈ উৰা মাৰিছিল। ভাৰতত তেওঁৰ আগমনও নিশ্চিত কৰা হৈছে। 

অষ্ট্ৰেলিয়াৰ আৰক্ষীয়েও পুৰস্কাৰঘোষণাৰ সৈতে এক আৱেগিক আবেদন কৰিছে। আৰক্ষীয়ে কৈছে যে অভিযুক্ত ৰাজৱিন্দৰে এটা অতি জঘন্য অপৰাধ কৰিছে। এটা অপৰাধ যিয়ে এটা পৰিয়াল মষিমূৰ কৰি পেলাইছিল। অষ্ট্ৰেলিয়াৰ ইতিহাসত এইটো প্ৰথম বাৰৰ বাবে যে এটা ঘটনাত অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ বাবে এক মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা