--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতীয় আৰক্ষী নহয়, অষ্ট্ৰেলিয়া আৰক্ষীয়ে বিচাৰি চলাথ কৰিছে এজন ভাৰতীয়ক৷ এইজন ভাৰতীয়ৰ নাম ৰাজৱিন্দৰ। জন্মসূত্ৰে তেওঁ পঞ্জাৱৰ নাগৰিক৷ 
পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ বাসিন্দা ৰাজৱিন্দৰৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াত হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ আছে। কুইন্সলেণ্ড আৰক্ষীয়ে জনোৱা অনুসৰি, ৰাজৱিন্দৰে সাগৰৰ পাৰত কুকুৰ এটাৰ সৈতে  খোজ কাঢ়ি থকা এগৰাকী ২৪ বছৰীয়া যুৱতীক হত্যা কৰে আৰু তাৰ পৰা পলাই ভাৰতলৈ আহে।অৱশেষত উপায়ন্তৰ হৈ  আৰক্ষীয়ে তেওঁৰ বিষয়ে তথ্য দিয়া যিকোনো লোকৰ বাবে ৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

প্ৰকৃততে, হত্যাকাণ্ডটো অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত সংঘটিত হৈছিল। ২৪ বছৰীয়া টয়াহ কৰ্ডিংলীয়ে ২০১৮ চনত কুইন্সলেণ্ডৰ সমুদ্ৰ তীৰত তেওঁৰ  কুকুৰটোৰ সৈতে  খোজ কাঢ়ি আছিল। এই সময়ছোৱাত, ৰাজবিন্দৰ সিং নামৰ ব্যক্তিজনে তেওঁক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটোৰ চাৰি বছৰ পাৰ হৈ গ'ল, কিন্তু অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে অভিযুক্তজনৰ বিষয়ে কোনো সূত্ৰ বিচাৰি পোৱা নাই। সেয়েহে, এতিয়া আৰক্ষীয়ে অভিযুক্তজনৰ ওপৰত কোটি টকাৰ পুৰস্কাৰ  ঘোষণা কৰিছে।

আৰক্ষীয়ে আশা কৰিছে যে  ৰাজৱিন্দৰ সিঙৰ বিষয়ে যিসকল  লোকৰ ওচৰত তথ্য আছে তেওঁলোকে  কুইন্সলেণ্ড আৰক্ষীৰ সৈতে যোগাযোগ কৰিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৩৮ বছৰীয়া ৰাজৱিন্দৰে কুইন্সলেণ্ডত মেইল নাৰ্ছ হিচাপে কাম কৰিছিল। টয়াহ কৰ্ডিংলিৰ হত্যাৰ দুদিন পিছত, তেওঁ অষ্ট্ৰেলিয়াৰ পৰা পলাই যায়। পলাই যাওঁতে, তেওঁ আনকি তেওঁৰ পত্নী আৰু তিনি সন্তানৰ বিষয়ে চিন্তা কৰা নাছিল আৰু তেওঁলোকক  অষ্ট্ৰেলিয়াত এৰি গৈছিল।

আৰক্ষীৰ হাতত থকা তথ্য অনুসৰি  ২২ অক্টোবৰত হত্যাৰ এদিন পিছত ৰাজৱিন্দৰ চিডনীলৈ গৈ তাৰ পৰা ভাৰতলৈ উৰা মাৰিছিল। ভাৰতত তেওঁৰ আগমনও নিশ্চিত কৰা হৈছে। 

অষ্ট্ৰেলিয়াৰ আৰক্ষীয়েও পুৰস্কাৰঘোষণাৰ সৈতে এক আৱেগিক আবেদন কৰিছে। আৰক্ষীয়ে কৈছে যে অভিযুক্ত ৰাজৱিন্দৰে এটা অতি জঘন্য অপৰাধ কৰিছে। এটা অপৰাধ যিয়ে এটা পৰিয়াল মষিমূৰ কৰি পেলাইছিল। অষ্ট্ৰেলিয়াৰ ইতিহাসত এইটো প্ৰথম বাৰৰ বাবে যে এটা ঘটনাত অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ বাবে এক মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক