--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত কংগ্ৰেছে অকলে ১৭ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। কিন্তু আচৰিত কথাটো হ’ল ৰাজ্য খনত এইবেলি কোনো মুছলমান প্ৰাৰ্থী নাই।  নিৰ্বাচনত এজনো মুছলমান প্ৰাৰ্থী নিদিয়াৰ বাবে মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা মহম্মদ আৰিফ খান ওৰফে নাছিমে দলৰ ভিতৰতে  বিদ্ৰোহ আৰম্ভ কৰিছে। নাছিম মহাৰাষ্ট্ৰৰ প্ৰভাৱশালী সংখ্যালঘু নেতা। তেওঁ এজন ৰাজ্যিক মন্ত্ৰীও আছিল। তেওঁ লোকসভা নিৰ্বাচন ২০২৪ ৰ  দলৰ প্ৰচাৰ সমিতিৰো সদস্য । কিন্তু কোনো মুছলমান প্ৰাৰ্থীক টিকট নিদিয়াৰ বাবে নাছিমে প্ৰচাৰ সমিতিৰ পৰা পদত্যাগ কৰিছে।

নাছিমে কয়"কংগ্ৰেছে মুছলমানৰ ভোট বিচাৰে কিন্তু মুছলমান প্ৰাৰ্থী দিব  নিবিচাৰে’’। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ লিখা এখন পত্ৰত তেওঁ কয় , "মহাৰাষ্ট্ৰত ৪৮ খন আসন। অৱশ্যে, মহা বিকাশ আঘাদীয়ে এই ৪৮  খন আসনত এজনো মুছলমান প্ৰাৰ্থী প্ৰদান কৰা নাই। মই ভাবিছিলো  ৪৮ জনৰ ভিতৰত কমেও এজন মুছলমান প্ৰাৰ্থী থাকিব।কিন্তু তেনে কৰা নহ’ল।
  
মহাৰাষ্ট্ৰত, কংগ্ৰেছে শিৱসেনাৰ সৈতে হাত মিলোৱাৰ কথাকলৈ   ইতিমধ্যে সংখ্যালঘুসকলৰ মাজত ক্ষোভৰ সৃষ্টি  হৈছে। এইবেলি সমগ্ৰ মহাৰাষ্ট্ৰত কংগ্ৰেছ বা কংগ্ৰেছ মিত্ৰজোঁটে এজনো মুছলমান প্ৰাৰ্থী প্ৰদান কৰা নাই। এই কথাই  দলটোৰ সংখ্যালঘু কৰ্মীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছে। আনহাতে, প্ৰকাশ আম্বেদকাৰৰ বঞ্চিত বহুজন বিকাশ আঘাদীয়ে বহু মুছলমানক নিজৰ  শিবিৰলৈ অনাৰ চেষ্টা কৰি আছে। কংগ্ৰেছে আশংকা কৰিছে যে যদি এয়া  অব্যাহত থাকে, ভিবিএ-য়ে মহাৰাষ্ট্ৰত দলটোৰ সংখ্যালঘু ভোট বেংকক বিভক্ত কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু