--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত কংগ্ৰেছে অকলে ১৭ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। কিন্তু আচৰিত কথাটো হ’ল ৰাজ্য খনত এইবেলি কোনো মুছলমান প্ৰাৰ্থী নাই।  নিৰ্বাচনত এজনো মুছলমান প্ৰাৰ্থী নিদিয়াৰ বাবে মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা মহম্মদ আৰিফ খান ওৰফে নাছিমে দলৰ ভিতৰতে  বিদ্ৰোহ আৰম্ভ কৰিছে। নাছিম মহাৰাষ্ট্ৰৰ প্ৰভাৱশালী সংখ্যালঘু নেতা। তেওঁ এজন ৰাজ্যিক মন্ত্ৰীও আছিল। তেওঁ লোকসভা নিৰ্বাচন ২০২৪ ৰ  দলৰ প্ৰচাৰ সমিতিৰো সদস্য । কিন্তু কোনো মুছলমান প্ৰাৰ্থীক টিকট নিদিয়াৰ বাবে নাছিমে প্ৰচাৰ সমিতিৰ পৰা পদত্যাগ কৰিছে।

নাছিমে কয়"কংগ্ৰেছে মুছলমানৰ ভোট বিচাৰে কিন্তু মুছলমান প্ৰাৰ্থী দিব  নিবিচাৰে’’। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ লিখা এখন পত্ৰত তেওঁ কয় , "মহাৰাষ্ট্ৰত ৪৮ খন আসন। অৱশ্যে, মহা বিকাশ আঘাদীয়ে এই ৪৮  খন আসনত এজনো মুছলমান প্ৰাৰ্থী প্ৰদান কৰা নাই। মই ভাবিছিলো  ৪৮ জনৰ ভিতৰত কমেও এজন মুছলমান প্ৰাৰ্থী থাকিব।কিন্তু তেনে কৰা নহ’ল।
  
মহাৰাষ্ট্ৰত, কংগ্ৰেছে শিৱসেনাৰ সৈতে হাত মিলোৱাৰ কথাকলৈ   ইতিমধ্যে সংখ্যালঘুসকলৰ মাজত ক্ষোভৰ সৃষ্টি  হৈছে। এইবেলি সমগ্ৰ মহাৰাষ্ট্ৰত কংগ্ৰেছ বা কংগ্ৰেছ মিত্ৰজোঁটে এজনো মুছলমান প্ৰাৰ্থী প্ৰদান কৰা নাই। এই কথাই  দলটোৰ সংখ্যালঘু কৰ্মীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছে। আনহাতে, প্ৰকাশ আম্বেদকাৰৰ বঞ্চিত বহুজন বিকাশ আঘাদীয়ে বহু মুছলমানক নিজৰ  শিবিৰলৈ অনাৰ চেষ্টা কৰি আছে। কংগ্ৰেছে আশংকা কৰিছে যে যদি এয়া  অব্যাহত থাকে, ভিবিএ-য়ে মহাৰাষ্ট্ৰত দলটোৰ সংখ্যালঘু ভোট বেংকক বিভক্ত কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ