--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভিন্ন কাৰকৰ বাবে   ২০২৪ৰ লোকসভা নিৰ্বাচনৰ  দ্বিতীয় পৰ্যায়ত ২০১৯ৰ তুলনাত  ৩ শতাংশ কমিল ভোটদানৰ হাৰ৷  শুকুৰবাৰে লোকসভা নিৰ্বাচন ২০২৪ৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়৷  দ্বিতীয় পৰ্যায়ত এইবেলি ভোটদানৰ হাৰ ২০১৯ৰ লোকসভা নিৰ্বাচনতকৈ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ এইবেলি  দ্বিতীয় পৰ্যায়ৰ ভোটদান হাৰ হৈছে  ৬৪.২ শতাংশ৷  নিৰ্বাচন আয়োগে  দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ  "শান্তিপূৰ্ণ" বুলি অভিহিত  কৰিছে। দ্বিতীয় পৰ্যায়ত ৮.০৮  কোটি পুৰুষ, ৭.৮কোটি মহিলা আৰু ৫,৯২৯গৰাকী  তৃতীয় লিংগসহ ১৫.৮৮ কোটিৰো অধিক ভোটাৰ ভোটদানৰ বাবে যোগ্য আছিল। 

অসমৰ শিলচৰ সমষ্টিৰ দুটা ভোটকেন্দ্ৰৰ ভোটাৰে উন্নয়ন নোহোৱাৰ অভিযোগত  ভোটদান কৰাৰ পৰা বিৰত থাকে। বাংগালুৰুৰ বিভিন্ন ভোটকেন্দ্ৰতো প্ৰায় আধা ভোটাৰে ভোটদান নকৰিলে। বাংগালুৰুৰ চেণ্ট্ৰেলত ভোটদানৰ হাৰ আছিল ৫২.৮১ শতাংশ, বাংগালুৰুৰ উত্তৰত - ৫৪.৪২ শতাংশ আৰু বাংগালুৰুৰ দক্ষিণত ৫৩.১৫ শতাংশ ভোটদান হৈছে। জিলা তথ্য কাৰ্যালয়ে প্ৰকাশ কৰা ভোটদানৰ পৰিসংখ্যা অনুসৰি, গৌতম বুদ্ধ নগৰ সমষ্টিত ২০১৯ ৰ নিৰ্বাচনত ৬০.৪৭ শতাংশৰ পৰা ৫৩.৩০ শতাংশ ভোটদানৰহাৰ  হ্ৰাস পাইছে৷ 

বিহাৰত  গৰমৰ বাবে  ভোটাৰসকলক সুবিধা প্ৰদান কৰিবলৈ  বাংকা, মাধেপুৰা, খাগৰীয়া আৰু মুংগেৰ সমষ্টিৰ বহুতো ভোটকেন্দ্ৰত ভোটদানৰ সময় সন্ধিয়া ৬ বজালৈ বৃদ্ধি কৰা হৈছিল। দ্বিতীয় পৰ্যায়ত ছত্তীশগড়ৰ বস্তাৰ আৰু কাংকৰ সমষ্টিৰ ৪৬ খন গাঁৱৰ ভোটাৰে ভোটদান কৰে।  লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে তেওঁলোকে  নিজৰ গাঁৱৰ ভোটকেন্দ্ৰ ভোটদান কৰে। ৰাজস্থানত সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ২৫ খন লোকসভা আসনত  ৬১.৬০ শতাংশ ভোটদান হৈছিল। কোটা-বুন্দি সমষ্টিৰ গুঞ্জৰা ভোটকেন্দ্ৰত ভূৰী বাই নামৰ এগৰাকী ১০৮ বছৰীয়া মহিলাই ভোটদান কৰে। তেওঁক  পৰিয়ালৰ সদস্যসকলে হুইলচেয়াৰত ভোটকেন্দ্ৰলৈ লৈ আহিছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যৰ ৯৫ টা সমষ্টিত  ভোটদানৰ হাৰ আছিল ৬৭.৬ শতাংশ ৷ আনহাতে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ প্ৰায় ৩% হ্ৰাস পায় আৰু ৬৪.২ শতাংশ হয়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু