--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভিন্ন কাৰকৰ বাবে   ২০২৪ৰ লোকসভা নিৰ্বাচনৰ  দ্বিতীয় পৰ্যায়ত ২০১৯ৰ তুলনাত  ৩ শতাংশ কমিল ভোটদানৰ হাৰ৷  শুকুৰবাৰে লোকসভা নিৰ্বাচন ২০২৪ৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়৷  দ্বিতীয় পৰ্যায়ত এইবেলি ভোটদানৰ হাৰ ২০১৯ৰ লোকসভা নিৰ্বাচনতকৈ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ এইবেলি  দ্বিতীয় পৰ্যায়ৰ ভোটদান হাৰ হৈছে  ৬৪.২ শতাংশ৷  নিৰ্বাচন আয়োগে  দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ  "শান্তিপূৰ্ণ" বুলি অভিহিত  কৰিছে। দ্বিতীয় পৰ্যায়ত ৮.০৮  কোটি পুৰুষ, ৭.৮কোটি মহিলা আৰু ৫,৯২৯গৰাকী  তৃতীয় লিংগসহ ১৫.৮৮ কোটিৰো অধিক ভোটাৰ ভোটদানৰ বাবে যোগ্য আছিল। 

অসমৰ শিলচৰ সমষ্টিৰ দুটা ভোটকেন্দ্ৰৰ ভোটাৰে উন্নয়ন নোহোৱাৰ অভিযোগত  ভোটদান কৰাৰ পৰা বিৰত থাকে। বাংগালুৰুৰ বিভিন্ন ভোটকেন্দ্ৰতো প্ৰায় আধা ভোটাৰে ভোটদান নকৰিলে। বাংগালুৰুৰ চেণ্ট্ৰেলত ভোটদানৰ হাৰ আছিল ৫২.৮১ শতাংশ, বাংগালুৰুৰ উত্তৰত - ৫৪.৪২ শতাংশ আৰু বাংগালুৰুৰ দক্ষিণত ৫৩.১৫ শতাংশ ভোটদান হৈছে। জিলা তথ্য কাৰ্যালয়ে প্ৰকাশ কৰা ভোটদানৰ পৰিসংখ্যা অনুসৰি, গৌতম বুদ্ধ নগৰ সমষ্টিত ২০১৯ ৰ নিৰ্বাচনত ৬০.৪৭ শতাংশৰ পৰা ৫৩.৩০ শতাংশ ভোটদানৰহাৰ  হ্ৰাস পাইছে৷ 

বিহাৰত  গৰমৰ বাবে  ভোটাৰসকলক সুবিধা প্ৰদান কৰিবলৈ  বাংকা, মাধেপুৰা, খাগৰীয়া আৰু মুংগেৰ সমষ্টিৰ বহুতো ভোটকেন্দ্ৰত ভোটদানৰ সময় সন্ধিয়া ৬ বজালৈ বৃদ্ধি কৰা হৈছিল। দ্বিতীয় পৰ্যায়ত ছত্তীশগড়ৰ বস্তাৰ আৰু কাংকৰ সমষ্টিৰ ৪৬ খন গাঁৱৰ ভোটাৰে ভোটদান কৰে।  লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে তেওঁলোকে  নিজৰ গাঁৱৰ ভোটকেন্দ্ৰ ভোটদান কৰে। ৰাজস্থানত সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ২৫ খন লোকসভা আসনত  ৬১.৬০ শতাংশ ভোটদান হৈছিল। কোটা-বুন্দি সমষ্টিৰ গুঞ্জৰা ভোটকেন্দ্ৰত ভূৰী বাই নামৰ এগৰাকী ১০৮ বছৰীয়া মহিলাই ভোটদান কৰে। তেওঁক  পৰিয়ালৰ সদস্যসকলে হুইলচেয়াৰত ভোটকেন্দ্ৰলৈ লৈ আহিছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যৰ ৯৫ টা সমষ্টিত  ভোটদানৰ হাৰ আছিল ৬৭.৬ শতাংশ ৷ আনহাতে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ প্ৰায় ৩% হ্ৰাস পায় আৰু ৬৪.২ শতাংশ হয়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ