--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজোৰ জোতাৰ মূল্য ১৮ কোটি টকালৈ বৃদ্ধি পালে। ২৫ বছৰীয়া জোতাযোৰ এতিয়া চৰ্চালৈ আহিছে। কিয় ইমান দামী হৈ পৰিছে জোতাযোৰ?

জোতাযোৰৰ মালিকৰ নাম মাইকেল জৰ্ডান। আমেৰিকাৰ কিংম্বদন্তি বাস্কেটবল খেলুৱৈগৰাকীয়ে ১৯৯৮ চনত কেৰিয়াৰৰ শেষবাৰৰ বাবে এই জোতা পিন্ধিছিল। সেই জোতাযোৰৰ এতিয়া নিলাম হৈছে।

১৯৯৮ চনত জৰ্ডানে চিকাগো বুলছৰ হৈ খেলিছিল। ৰঙা আৰু ক’লা ৰঙৰ জোতা পিন্ধি খেলিছিল। দ্বিতীয়খন খেলত জৰ্ডানে এই জোতাযোৰ পিন্ধিছিল। সেইখনেই আছিল জৰ্ডানৰ শেষ মেচ।

কেৰিয়াৰত মুঠ তেওঁ ৬টা এনবিএ চেম্পিয়নশ্বিপ লাভ কৰে। যিজোৰ জোতা নিলাম হৈছে, সেই জোতাযোৰ পিন্ধি খেলোতে জৰ্ডানে ৩৭ পইণ্ট স্কোৰ কৰিছিল। মেচখনত বুলছে ৯৩-৮৮ গ’লত জয়লাভ কৰিছিল।

জনা যায় যে আগতে ইমান বেছি দামত কাৰো জোতা নিলাম হোৱা নাছিল। ২০২১ চনত কানিয়ে ৱেষ্টৰ স্নিকাৰৰ দাম প্ৰায় ১৫ কোটি টকালৈ বৃদ্ধি পাইছিল। সেই দাম জৰ্ডানৰ জোতাই পিছলৈ ঠেলি দিলে।

ইয়াৰ পূৰ্বে ১৯৯৮ চনৰ ছিজনৰ জৰ্ডানৰ প্ৰথমখন গেম জাৰ্চি যোৱা বছৰ নিলাম হৈছিল। সেই জাৰ্চিৰ দাম আছিল প্ৰায় ৮৩ কোটি টকা।

১৯৬৩ চনত জন্মগ্ৰহণ কৰিছিল ৬ফুট ৬ইঞ্চিৰ জৰ্ডানে। ছবাৰ এনবিএ চেম্পিয়নশ্বিপ আৰু ছবাৰ এনবিএ ফাইনেলৰ এমভিপি জৰ্ডানেও দুবাৰকৈ অলিম্পিকত সোণৰ পদক লাভ কৰে। চিকাগো বুলছৰ উপৰিও জৰ্ডানে ৱাশ্বিংটন উইজাৰ্ডছৰ হৈও খেলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন