--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজোৰ জোতাৰ মূল্য ১৮ কোটি টকালৈ বৃদ্ধি পালে। ২৫ বছৰীয়া জোতাযোৰ এতিয়া চৰ্চালৈ আহিছে। কিয় ইমান দামী হৈ পৰিছে জোতাযোৰ?

জোতাযোৰৰ মালিকৰ নাম মাইকেল জৰ্ডান। আমেৰিকাৰ কিংম্বদন্তি বাস্কেটবল খেলুৱৈগৰাকীয়ে ১৯৯৮ চনত কেৰিয়াৰৰ শেষবাৰৰ বাবে এই জোতা পিন্ধিছিল। সেই জোতাযোৰৰ এতিয়া নিলাম হৈছে।

১৯৯৮ চনত জৰ্ডানে চিকাগো বুলছৰ হৈ খেলিছিল। ৰঙা আৰু ক’লা ৰঙৰ জোতা পিন্ধি খেলিছিল। দ্বিতীয়খন খেলত জৰ্ডানে এই জোতাযোৰ পিন্ধিছিল। সেইখনেই আছিল জৰ্ডানৰ শেষ মেচ।

কেৰিয়াৰত মুঠ তেওঁ ৬টা এনবিএ চেম্পিয়নশ্বিপ লাভ কৰে। যিজোৰ জোতা নিলাম হৈছে, সেই জোতাযোৰ পিন্ধি খেলোতে জৰ্ডানে ৩৭ পইণ্ট স্কোৰ কৰিছিল। মেচখনত বুলছে ৯৩-৮৮ গ’লত জয়লাভ কৰিছিল।

জনা যায় যে আগতে ইমান বেছি দামত কাৰো জোতা নিলাম হোৱা নাছিল। ২০২১ চনত কানিয়ে ৱেষ্টৰ স্নিকাৰৰ দাম প্ৰায় ১৫ কোটি টকালৈ বৃদ্ধি পাইছিল। সেই দাম জৰ্ডানৰ জোতাই পিছলৈ ঠেলি দিলে।

ইয়াৰ পূৰ্বে ১৯৯৮ চনৰ ছিজনৰ জৰ্ডানৰ প্ৰথমখন গেম জাৰ্চি যোৱা বছৰ নিলাম হৈছিল। সেই জাৰ্চিৰ দাম আছিল প্ৰায় ৮৩ কোটি টকা।

১৯৬৩ চনত জন্মগ্ৰহণ কৰিছিল ৬ফুট ৬ইঞ্চিৰ জৰ্ডানে। ছবাৰ এনবিএ চেম্পিয়নশ্বিপ আৰু ছবাৰ এনবিএ ফাইনেলৰ এমভিপি জৰ্ডানেও দুবাৰকৈ অলিম্পিকত সোণৰ পদক লাভ কৰে। চিকাগো বুলছৰ উপৰিও জৰ্ডানে ৱাশ্বিংটন উইজাৰ্ডছৰ হৈও খেলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে