--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছক শেষৰ ৬টা বলত ২১ ৰানৰ প্ৰয়োজন হৈছিল। মহেন্দ্ৰ সিং ধোণীয়ে একেৰাহে দুটা ছয় মাৰে। কিন্তু সন্দীপ শৰ্মাই চেন্নাইক শেষৰ বলত পৰাস্ত কৰে। সন্দীপে ধোনীক ৰিংকু সিং হ’বলৈ নিদিলে। তাৰপাছৰে পৰা চৰ্চা চলি আছে এই বিষয়ে।

খেলৰ অন্তত সন্দীপে ধোনীক কেনেদৰে নিয়ন্ত্ৰণত ৰাখিছিল সেই কথা জনালে। সন্দীপে কয়- “মই মাত্ৰ য়ৰ্কাৰক সঠিকভাৱে ব্যৱহাৰ কৰাত মনোনিৱেশ কৰিছিলোঁ। নেট অতি ভাল ইয়ৰ্কাৰ বলিং কৰিছিলো। আৰম্ভণিতে ধোনীৰ ভৰিৰ গোৰোহাত এটা য়ৰ্কাৰ দি ভুল কৰিছিলোঁ। গতিকে উইকেটটোক ডাইৰেক্ট টাৰ্গেট কৰি এটা য়ৰ্কাৰ দিবলৈ চেষ্টা কৰিলোঁ। সেইটোৱেই কাম কৰিলে।"

সন্দীপে কয়, ‘মহি ভাই ক্ৰীজত থকাৰ সময়ত বলৰ এংগেল সলনি কৰিব বিচাৰিছিলো, যাতে তেওঁ বুজি নাপায়। অফ ষ্টাম্পৰ বাহিৰত বলিং কৰি সফলতা লাভ কৰিলোঁ।"

জাডেজাৰ বিৰুদ্ধে বলিং কৰাৰ সন্দৰ্ভত সন্দীপে কয়, ''মই তেওঁৰ বাউণ্ডেৰীৰ বাহিৰত বলিং কৰিব বিচাৰিছিলো। যাতে বেটখন ব্যৱহাৰ কৰিব নোৱাৰে।"

ইয়াৰ পূৰ্বে ২০০৮ চনত ৰাজস্থানে শেষবাৰৰ বাবে চেন্নাইত পৰাস্ত কৰিছিল। ইয়াৰ পিছত চেন্নাইত একেৰাহে ছখন খেলত পৰাস্ত হয় দলটো। চেন্নাইত ৰাজস্থানৰ এয়া দ্বিতীয়টো জয়। এই ক্ষেত্ৰত দল দুটাই মুঠ ছয়বাৰ খেলিছে। এই জয়ত ৰাজস্থানে পইণ্ট টেবুলত শীৰ্ষস্থান দখল কৰে। তেওঁলোকৰ ৰান ৰেটও বহুত ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ