--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছক শেষৰ ৬টা বলত ২১ ৰানৰ প্ৰয়োজন হৈছিল। মহেন্দ্ৰ সিং ধোণীয়ে একেৰাহে দুটা ছয় মাৰে। কিন্তু সন্দীপ শৰ্মাই চেন্নাইক শেষৰ বলত পৰাস্ত কৰে। সন্দীপে ধোনীক ৰিংকু সিং হ’বলৈ নিদিলে। তাৰপাছৰে পৰা চৰ্চা চলি আছে এই বিষয়ে।

খেলৰ অন্তত সন্দীপে ধোনীক কেনেদৰে নিয়ন্ত্ৰণত ৰাখিছিল সেই কথা জনালে। সন্দীপে কয়- “মই মাত্ৰ য়ৰ্কাৰক সঠিকভাৱে ব্যৱহাৰ কৰাত মনোনিৱেশ কৰিছিলোঁ। নেট অতি ভাল ইয়ৰ্কাৰ বলিং কৰিছিলো। আৰম্ভণিতে ধোনীৰ ভৰিৰ গোৰোহাত এটা য়ৰ্কাৰ দি ভুল কৰিছিলোঁ। গতিকে উইকেটটোক ডাইৰেক্ট টাৰ্গেট কৰি এটা য়ৰ্কাৰ দিবলৈ চেষ্টা কৰিলোঁ। সেইটোৱেই কাম কৰিলে।"

সন্দীপে কয়, ‘মহি ভাই ক্ৰীজত থকাৰ সময়ত বলৰ এংগেল সলনি কৰিব বিচাৰিছিলো, যাতে তেওঁ বুজি নাপায়। অফ ষ্টাম্পৰ বাহিৰত বলিং কৰি সফলতা লাভ কৰিলোঁ।"

জাডেজাৰ বিৰুদ্ধে বলিং কৰাৰ সন্দৰ্ভত সন্দীপে কয়, ''মই তেওঁৰ বাউণ্ডেৰীৰ বাহিৰত বলিং কৰিব বিচাৰিছিলো। যাতে বেটখন ব্যৱহাৰ কৰিব নোৱাৰে।"

ইয়াৰ পূৰ্বে ২০০৮ চনত ৰাজস্থানে শেষবাৰৰ বাবে চেন্নাইত পৰাস্ত কৰিছিল। ইয়াৰ পিছত চেন্নাইত একেৰাহে ছখন খেলত পৰাস্ত হয় দলটো। চেন্নাইত ৰাজস্থানৰ এয়া দ্বিতীয়টো জয়। এই ক্ষেত্ৰত দল দুটাই মুঠ ছয়বাৰ খেলিছে। এই জয়ত ৰাজস্থানে পইণ্ট টেবুলত শীৰ্ষস্থান দখল কৰে। তেওঁলোকৰ ৰান ৰেটও বহুত ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে