--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে দ্ৰুত উন্নয়নৰ দোহাই দি প্ৰকৃতিৰ অবাধ ধ্বংসত নামি পৰা এক সুলভ দৃশ্য হৈছে। মানুহৰ এই ধ্বংসৰ হাতোৰাৰ পৰা সাৰি যোৱা নাই অৰণ্য-বনানিৰ লগতে পাহাৰসমূহো।বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে দ্ৰুত উন্নয়নৰ দোহাই দি প্ৰকৃতিৰ অবাধ ধ্বংসত নামি পৰা এক সুলভ দৃশ্য হৈছে। মানুহৰ এই ধ্বংসৰ হাতোৰাৰ পৰা সাৰি যোৱা নাই অৰণ্য-বনানিৰ লগতে পাহাৰসমূহো। প্ৰকৃতিৰ এনে ধ্বংসযজ্ঞৰে মানৱ সমাজে কেৱল বনজ জীৱ তথা সম্পদৰেই বিপদত পেলোৱা নাই, নিজকেই ক্ৰমাৎ ঠেলি দিছে এক ভয়াৱহ ভৱিষ্যতৰ ফালে। 

পাৰিপাৰ্শ্বিক অৱস্থাটোৰ এনে দ্ৰুতগতিত ধ্বংসৰে উন্নয়নৰ মান বঢ়োৱাৰ প্ৰতিযোগিতামূলক দৌৰত সকলো নামি পৰাৰ সময়তে ভাৰতৰ দাক্ষিণাত্যৰ ৰাজ্য তেলাংগানাৰ এগৰাকী সাংসদে এক বিশেষ কৰ্মৰ জৰিয়তে বাতৰিৰ শিৰোনাম দখল কৰিছে।

তেলেংগানাৰ শাসনাধিষ্ঠ তেলেংগানা ৰাষ্ট্ৰ সমিতি দলৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ যোগিনাপল্লী সন্তোষ কুমাৰে প্ৰকৃতিৰ প্ৰতি থাকিবলগীয়া দায়বদ্ধতাৰ এক নিদৰ্শন দাঙি ধৰি বিশেষভাৱে প্ৰশংসিত হৈ পৰিছে। ৰাজ্যখনৰ পিল্লামাৰী নামেৰে জনাজাত এজোপা ৮০০ বছৰ পুৰণি বটগছ সংৰক্ষণৰ বাবে ২ কোটি টকাৰ পুঁজি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে সাংসদ গৰাকীয়ে।

সমষ্টি উন্নয়নৰ বাবে নিৰ্ধাৰিত সাংসদ পুঁজিৰ পৰা গছজোপাৰ সংৰক্ষণৰ বাবে এই অনুদান আগবঢ়াইছে সাংসদগৰাকীয়ে। এনে এক মহৎ উদ্দেশ্যৰ বাবে পুঁজি যোগানৰ কথা ঘোষণা কৰি সাংসদগৰাকীয়ে কয় যে এই বিশেষ গছজোপাৰ সৈতে এক বিস্তৃত ঐতিহাসিক সম্পৰ্ক আছে। সেয়েহে গছজোপাক সংৰক্ষণ কৰাৰ বাবে জনসাধাৰণ দায়বদ্ধ হোৱা উচিত।

পিল্লামাৰী সংৰক্ষণৰ বাবে সাংসদগৰাকীয়ে চলোৱা এই প্ৰচেষ্টাক প্ৰশংসা কৰি গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ নামৰ সংস্থাটোৱে ৰাজ্যৰ পৰ্যটন মন্ত্ৰী শ্ৰীনিবাস গৌড়ক অভিনন্দন জনাইছে। উল্লেখ্য যে এই বটগছ জোপা চেলাইন ড্ৰিপ পদ্ধতিৰে সংৰক্ষণ কৰা হৈছে। এক বৃহৎ ঠাইখণ্ড ৮০০ বছৰ পুৰণি এই বিশাল গছজোপাৰ শিপাৰো উন্নত মানদণ্ডৰ ব্যৱস্থাৰে যত্ন লোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু