--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে দ্ৰুত উন্নয়নৰ দোহাই দি প্ৰকৃতিৰ অবাধ ধ্বংসত নামি পৰা এক সুলভ দৃশ্য হৈছে। মানুহৰ এই ধ্বংসৰ হাতোৰাৰ পৰা সাৰি যোৱা নাই অৰণ্য-বনানিৰ লগতে পাহাৰসমূহো।বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে দ্ৰুত উন্নয়নৰ দোহাই দি প্ৰকৃতিৰ অবাধ ধ্বংসত নামি পৰা এক সুলভ দৃশ্য হৈছে। মানুহৰ এই ধ্বংসৰ হাতোৰাৰ পৰা সাৰি যোৱা নাই অৰণ্য-বনানিৰ লগতে পাহাৰসমূহো। প্ৰকৃতিৰ এনে ধ্বংসযজ্ঞৰে মানৱ সমাজে কেৱল বনজ জীৱ তথা সম্পদৰেই বিপদত পেলোৱা নাই, নিজকেই ক্ৰমাৎ ঠেলি দিছে এক ভয়াৱহ ভৱিষ্যতৰ ফালে। 

পাৰিপাৰ্শ্বিক অৱস্থাটোৰ এনে দ্ৰুতগতিত ধ্বংসৰে উন্নয়নৰ মান বঢ়োৱাৰ প্ৰতিযোগিতামূলক দৌৰত সকলো নামি পৰাৰ সময়তে ভাৰতৰ দাক্ষিণাত্যৰ ৰাজ্য তেলাংগানাৰ এগৰাকী সাংসদে এক বিশেষ কৰ্মৰ জৰিয়তে বাতৰিৰ শিৰোনাম দখল কৰিছে।

তেলেংগানাৰ শাসনাধিষ্ঠ তেলেংগানা ৰাষ্ট্ৰ সমিতি দলৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ যোগিনাপল্লী সন্তোষ কুমাৰে প্ৰকৃতিৰ প্ৰতি থাকিবলগীয়া দায়বদ্ধতাৰ এক নিদৰ্শন দাঙি ধৰি বিশেষভাৱে প্ৰশংসিত হৈ পৰিছে। ৰাজ্যখনৰ পিল্লামাৰী নামেৰে জনাজাত এজোপা ৮০০ বছৰ পুৰণি বটগছ সংৰক্ষণৰ বাবে ২ কোটি টকাৰ পুঁজি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে সাংসদ গৰাকীয়ে।

সমষ্টি উন্নয়নৰ বাবে নিৰ্ধাৰিত সাংসদ পুঁজিৰ পৰা গছজোপাৰ সংৰক্ষণৰ বাবে এই অনুদান আগবঢ়াইছে সাংসদগৰাকীয়ে। এনে এক মহৎ উদ্দেশ্যৰ বাবে পুঁজি যোগানৰ কথা ঘোষণা কৰি সাংসদগৰাকীয়ে কয় যে এই বিশেষ গছজোপাৰ সৈতে এক বিস্তৃত ঐতিহাসিক সম্পৰ্ক আছে। সেয়েহে গছজোপাক সংৰক্ষণ কৰাৰ বাবে জনসাধাৰণ দায়বদ্ধ হোৱা উচিত।

পিল্লামাৰী সংৰক্ষণৰ বাবে সাংসদগৰাকীয়ে চলোৱা এই প্ৰচেষ্টাক প্ৰশংসা কৰি গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ নামৰ সংস্থাটোৱে ৰাজ্যৰ পৰ্যটন মন্ত্ৰী শ্ৰীনিবাস গৌড়ক অভিনন্দন জনাইছে। উল্লেখ্য যে এই বটগছ জোপা চেলাইন ড্ৰিপ পদ্ধতিৰে সংৰক্ষণ কৰা হৈছে। এক বৃহৎ ঠাইখণ্ড ৮০০ বছৰ পুৰণি এই বিশাল গছজোপাৰ শিপাৰো উন্নত মানদণ্ডৰ ব্যৱস্থাৰে যত্ন লোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ