--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু গুজৰাট সন্ত্ৰাসবাদী বিৰোধী দলে আজি এক যুটীয়া অভিযান চলাই গুজৰাটত ভাৰতীয় জলসীমাৰ ভিতৰত এখন পাকিস্তানী নাও জব্দ কৰে। জব্দকৃত নাওখনৰ পৰা অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিছে প্ৰায় ৪০ কিলোগ্ৰাম ওজনৰ ড্ৰাগছ। এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনিৰ মূল্য আন্ত:ৰাষ্ট্ৰীয় বজাৰত প্ৰায় ২০০ কোটি টকা বুলি অনুমান কৰা হৈছে।

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ দুখন অভিযানকাৰী নাৱেৰে অভিযানকাৰী দলটোৱে গুজৰাটৰ জাখৌ উপকূলৰ পৰা ৩৩ নটিকেল মাইল দূৰত পাকিস্তানী নাও ‘আল তৈয়াচা’ জব্দ কৰে। লগতে নাৱত থকা ছয়গৰাকী ক্ৰু সদস্যক আটক কৰে দলটোৱে। অনুসন্ধানৰ বাবে ইতিমধ্যে ধৃত ব্যক্তিকেইগৰাকীক জাখৌলৈ লৈ অনা হৈছে।

উল্লেখ্য যে বিগত সময়চোৱাত গুজৰাটত কেইবাবাৰো বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত গুজৰাট ক্ৰমে দেশৰ ভিতৰত ড্ৰাগছ সৰবৰাহৰ প্ৰধান কেন্দ্ৰত পৰিণত হোৱাৰ দিশে ক্ৰমাৎ অগ্ৰসৰ হৈছে বুলি চৰ্চা চলিছে।

বিগত কিছুদিন ধৰি ৰাজ্যখনত ইটোৰ পিছত সিটোকৈ ড্ৰাগছ সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে। বিগত বৰ্ষৰ অক্টোবৰ মাহত ৰাজ্যখনত থকা দেশৰ ধনৱন্ত পুঁজিপতি আদানিৰ মুন্দ্ৰা বন্দৰৰ পৰা ২,৯৮৮ কিলোগ্ৰাম হেৰোইন ভৰ্তি কণ্টেইনাৰ জব্দ কৰা হৈছিল।এই হেৰোইনখিনিৰ মূল্য প্ৰায় ২১,০০০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছিল। গুজৰাট উপকূলৰ ওচৰত এয়াই আছিল আটাইতকৈ ডাঙৰ ড্ৰাগছ উদ্ধাৰৰ ঘটনা।
 
ইয়াৰ পিছতো মুন্দ্ৰাত কেইবাবাৰো ড্ৰাগছ ধৰা পৰিছে।কিছুদিন পূৰ্বে মুম্বাই এণ্টি নাৰ্কোটিক্স চেলৰ ৱৰ্লি গোটেও গুজৰাটৰ ভাৰুচ জিলাৰ অংকলেশ্বৰ অঞ্চলত এটা ঔষধ নিৰ্মাণ কাৰখানাৰ পৰা জব্দ কৰিছিল ৫১৩ কিলোগ্ৰাম মেফেড্ৰোন। জব্দ কৰা এই ড্ৰাগছখিনি মুঠ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ১,০২৬ কোটি টকা হ’ব বুলি কোৱা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু