--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু গুজৰাট সন্ত্ৰাসবাদী বিৰোধী দলে আজি এক যুটীয়া অভিযান চলাই গুজৰাটত ভাৰতীয় জলসীমাৰ ভিতৰত এখন পাকিস্তানী নাও জব্দ কৰে। জব্দকৃত নাওখনৰ পৰা অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিছে প্ৰায় ৪০ কিলোগ্ৰাম ওজনৰ ড্ৰাগছ। এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনিৰ মূল্য আন্ত:ৰাষ্ট্ৰীয় বজাৰত প্ৰায় ২০০ কোটি টকা বুলি অনুমান কৰা হৈছে।

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ দুখন অভিযানকাৰী নাৱেৰে অভিযানকাৰী দলটোৱে গুজৰাটৰ জাখৌ উপকূলৰ পৰা ৩৩ নটিকেল মাইল দূৰত পাকিস্তানী নাও ‘আল তৈয়াচা’ জব্দ কৰে। লগতে নাৱত থকা ছয়গৰাকী ক্ৰু সদস্যক আটক কৰে দলটোৱে। অনুসন্ধানৰ বাবে ইতিমধ্যে ধৃত ব্যক্তিকেইগৰাকীক জাখৌলৈ লৈ অনা হৈছে।

উল্লেখ্য যে বিগত সময়চোৱাত গুজৰাটত কেইবাবাৰো বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত গুজৰাট ক্ৰমে দেশৰ ভিতৰত ড্ৰাগছ সৰবৰাহৰ প্ৰধান কেন্দ্ৰত পৰিণত হোৱাৰ দিশে ক্ৰমাৎ অগ্ৰসৰ হৈছে বুলি চৰ্চা চলিছে।

বিগত কিছুদিন ধৰি ৰাজ্যখনত ইটোৰ পিছত সিটোকৈ ড্ৰাগছ সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে। বিগত বৰ্ষৰ অক্টোবৰ মাহত ৰাজ্যখনত থকা দেশৰ ধনৱন্ত পুঁজিপতি আদানিৰ মুন্দ্ৰা বন্দৰৰ পৰা ২,৯৮৮ কিলোগ্ৰাম হেৰোইন ভৰ্তি কণ্টেইনাৰ জব্দ কৰা হৈছিল।এই হেৰোইনখিনিৰ মূল্য প্ৰায় ২১,০০০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছিল। গুজৰাট উপকূলৰ ওচৰত এয়াই আছিল আটাইতকৈ ডাঙৰ ড্ৰাগছ উদ্ধাৰৰ ঘটনা।
 
ইয়াৰ পিছতো মুন্দ্ৰাত কেইবাবাৰো ড্ৰাগছ ধৰা পৰিছে।কিছুদিন পূৰ্বে মুম্বাই এণ্টি নাৰ্কোটিক্স চেলৰ ৱৰ্লি গোটেও গুজৰাটৰ ভাৰুচ জিলাৰ অংকলেশ্বৰ অঞ্চলত এটা ঔষধ নিৰ্মাণ কাৰখানাৰ পৰা জব্দ কৰিছিল ৫১৩ কিলোগ্ৰাম মেফেড্ৰোন। জব্দ কৰা এই ড্ৰাগছখিনি মুঠ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ১,০২৬ কোটি টকা হ’ব বুলি কোৱা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ