--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে পুৱা দিল্লী বিমানবন্দৰত এক আসন্ন দুৰ্ঘটনা ৰোধ কৰা হয়।ঘটনা অনুসৰি এখন বিমান অৱতৰণ প্ৰক্ৰিয়াত থকাৰ সময়তে ভিষ্টাৰা এয়াৰলাইন্সৰ এখন বিমান উৰণৰ অনুমতি দিয়া হয়।দুয়োখন বিমানৰ সংঘৰ্ষ হোৱাৰ পূৰ্বে এ টি চিৰ নিৰ্দেশ অনুসৰি বিমানখন বাতিল কৰা হয়। এই তথ্য ইতিমধ্যে সংবাদ সংস্থা এএনআইয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে।

এএনআইৰ মতে, দিল্লীৰ পৰা বাগডোগ্ৰালৈ যোৱা ইউকে৭২৫ বিমান সদ্য উদ্বোধন কৰা নতুন ৰাণৱেৰ পৰা উৰা মাৰিছিল। একে সময়তে আহমেদাবাদৰ পৰা দিল্লী অভিমুখী ভিষ্টাৰাৰ বিমানে কাষৰ ৰাণৱেত অৱতৰণ কৰাৰ পাছত একেটা ৰাণৱেৰ শেষৰ ফালে আগবাঢ়িছিল।

বিমানখনৰ উৰণ বাতিল হোৱাৰ পাছতে দিল্লী-বাগডোগ্ৰা বিমানখন ততাতৈয়াকৈ পাৰ্কিং এলেকালৈ উভতি যায়।বিমানখনত ইন্ধন ভৰোৱা হৈছিল যাতে পাইলটে বাগডোগ্ৰাত বেয়া বতৰৰ সন্মুখীন হ’লে দিল্লীলৈ উভতি যাব পৰাকৈ বিমানখনত যথেষ্ট ইন্ধন থাকে।

বিমানবন্দৰৰ বিষয়াসকলৰ মতে, যদিহে সঠিক সময়ত বিমানখন বন্ধ কৰা নহ’লহেঁতেন তেন্তে এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হ’লহেঁতেন।উল্লেখযোগ্য যে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (SOP) অনুসৰি উৰণ আৰু অৱতৰণ প্ৰক্ৰিয়াৰ সময়ত কোনো বিমান বা বাহনৰ চলাচলৰ অনুমতি দিয়া নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস