--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে পুৱা দিল্লী বিমানবন্দৰত এক আসন্ন দুৰ্ঘটনা ৰোধ কৰা হয়।ঘটনা অনুসৰি এখন বিমান অৱতৰণ প্ৰক্ৰিয়াত থকাৰ সময়তে ভিষ্টাৰা এয়াৰলাইন্সৰ এখন বিমান উৰণৰ অনুমতি দিয়া হয়।দুয়োখন বিমানৰ সংঘৰ্ষ হোৱাৰ পূৰ্বে এ টি চিৰ নিৰ্দেশ অনুসৰি বিমানখন বাতিল কৰা হয়। এই তথ্য ইতিমধ্যে সংবাদ সংস্থা এএনআইয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে।

এএনআইৰ মতে, দিল্লীৰ পৰা বাগডোগ্ৰালৈ যোৱা ইউকে৭২৫ বিমান সদ্য উদ্বোধন কৰা নতুন ৰাণৱেৰ পৰা উৰা মাৰিছিল। একে সময়তে আহমেদাবাদৰ পৰা দিল্লী অভিমুখী ভিষ্টাৰাৰ বিমানে কাষৰ ৰাণৱেত অৱতৰণ কৰাৰ পাছত একেটা ৰাণৱেৰ শেষৰ ফালে আগবাঢ়িছিল।

বিমানখনৰ উৰণ বাতিল হোৱাৰ পাছতে দিল্লী-বাগডোগ্ৰা বিমানখন ততাতৈয়াকৈ পাৰ্কিং এলেকালৈ উভতি যায়।বিমানখনত ইন্ধন ভৰোৱা হৈছিল যাতে পাইলটে বাগডোগ্ৰাত বেয়া বতৰৰ সন্মুখীন হ’লে দিল্লীলৈ উভতি যাব পৰাকৈ বিমানখনত যথেষ্ট ইন্ধন থাকে।

বিমানবন্দৰৰ বিষয়াসকলৰ মতে, যদিহে সঠিক সময়ত বিমানখন বন্ধ কৰা নহ’লহেঁতেন তেন্তে এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হ’লহেঁতেন।উল্লেখযোগ্য যে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (SOP) অনুসৰি উৰণ আৰু অৱতৰণ প্ৰক্ৰিয়াৰ সময়ত কোনো বিমান বা বাহনৰ চলাচলৰ অনুমতি দিয়া নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ