--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশলৈ যাত্ৰা কৰা প্ৰথম ভাৰতীয় হিচাপে এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰা ৰাকেশ শৰ্মা এতিয়া ক’ত আছে? ১৯৮৪  চনত  প্ৰথম ভাৰতীয় মহাকাশচাৰী হিচাবে ৰাকেশ শৰ্মাই মহাকাশলৈ গৈছিল।  ভাৰতীয় বায়ু সেনাৰ এইগৰাকী  প্ৰাক্তন পাইলটে  ভাৰতৰ মহাকাশ অন্বেষণৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে। 

কেতিয়াবা ভাবিছে নে  তেওঁ এতিয়া ক'ত আছে? ২০২৩ চনৰ জুলাই মাহত ইণ্টাৰনেটত ৰাকেশ শৰ্মাৰ এখন আলোকচিত্ৰ প্ৰকাশ পাইছিল।  তামিলনাডুৰ এখন গাঁৱত তেওঁৰ সাধাৰণ  জীৱন-যাপনৰ কথা তেতিয়াই পোহৰলৈ আহে।   খবৰ অনুসৰি ৰাকেশ শৰ্মা আৰু তেওঁৰ পত্নী মধুয়ে কুনুৰত এক সাধাৰণ পৰিবেশত অতি সাধাৰণ ভাবে বাস কৰি আছে। কেতিয়াও কোনো কথাকলৈ অহংকাৰ নকৰা ৰাকেশ শৰ্মাৰ খবৰো এতিয়া আনে নোলোৱা হৈছে। সেয়ে তামিলনাডুৰ গাঁৱখনতে তেওঁ সাধাৰভাবে জীৱন কটাই আছে।  ২০২১  চনত শৰ্মাই বাংগালুৰু স্থিত কোম্পানী কেডিলা লেবৰ  অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

 মহাকাশচাৰী বাছনি কাৰ্যসূচীৰ তত্বাৱধানত থকা ইছৰোৰ ৰাষ্ট্ৰীয় গগনযান অভিযানৰো  উপদেষ্টা পৰিষদৰ মুখ্য ব্যক্তি আছিল শৰ্মা৷ ভাৰতীয় সামৰিক বাহিনীৰ প্ৰাক্তন পাইলট আৰু মহাকাশচাৰী ৰাকেশ শৰ্মাই ১৯৮৪ চনত মহাকাশলৈ যোৱা  প্ৰথম ভাৰতীয় হিচাপে ইতিহাসত তেওঁৰ নাম লিপিবদ্ধ কৰিছিল৷ এই স্মৰণীয় সাফল্যৰ আগতে তেওঁ ১৯৭০ চনত ভাৰতীয় বায়ু সেনাত পাইলট হিচাপে যোগদান কৰিছিল।  যদিও বহু ভাৰতীয়ই বিগত দশকবোৰত মহাকাশলৈ যাত্ৰা  কৰিছে, তেওঁলোক  ভাৰতৰ  স্থায়ী বাসিন্দা নাছিল। 

প্ৰায় এক দশকৰ পিছত ১৯৮২ চনত শৰ্মাই  ছোভিয়েট-ভাৰতীয় মহাকাশ অভিযানৰ মহাকাশচাৰী হিচাপে অন্তৰ্ভুক্ত হৈছিল। ১৯৮৪ চনৰ ৩ এপ্ৰিলত ৰাকেশ শৰ্মাই  দুজন ছোভিয়েট মহাকাশচাৰীৰ সৈতে চয়ুজ টি-১১ ত মহাকাশলৈ যাত্ৰা কৰিছিল।মহাকাশত তেওঁ খোজো কাঢ়িছিল।  ভাৰতৰ মহাকাশ গৱেষণাত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা থকা স্বত্বেও  তেওঁৰ অৱদানৰ সৈতে সামঞ্জস্য ৰাখি তেওঁক আজিও  স্বীকৃতিপৰদান কৰা হোৱা নাই। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ মোনা বিলত মৃত অৱস্থাত উদ্ধাৰ ৬টা ম'হ
ধনখড়ৰ উত্তৰসুৰী কোন হ'ব ?
ভাৰত-আমেৰিকা সম্বন্ধৰ নতুন মোৰ
শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে নলবাৰীৰ এগৰাকী শিক্ষকে
টি চি এছৰ কৰ্মচাৰী চাটাইৰ সিদ্ধান্তৰ পাছতেই আন এক তথ্য প্রযুক্তি কোম্পানীয়ে আনিলে আশাৰ বতৰা
ঘাইপথত হঠাতে ব্ৰেক মৰাটো অমনোযোগিতাৰ পৰিচায়ক! পথ দুর্ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ মন্তব্য