--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশলৈ যাত্ৰা কৰা প্ৰথম ভাৰতীয় হিচাপে এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰা ৰাকেশ শৰ্মা এতিয়া ক’ত আছে? ১৯৮৪  চনত  প্ৰথম ভাৰতীয় মহাকাশচাৰী হিচাবে ৰাকেশ শৰ্মাই মহাকাশলৈ গৈছিল।  ভাৰতীয় বায়ু সেনাৰ এইগৰাকী  প্ৰাক্তন পাইলটে  ভাৰতৰ মহাকাশ অন্বেষণৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে। 

কেতিয়াবা ভাবিছে নে  তেওঁ এতিয়া ক'ত আছে? ২০২৩ চনৰ জুলাই মাহত ইণ্টাৰনেটত ৰাকেশ শৰ্মাৰ এখন আলোকচিত্ৰ প্ৰকাশ পাইছিল।  তামিলনাডুৰ এখন গাঁৱত তেওঁৰ সাধাৰণ  জীৱন-যাপনৰ কথা তেতিয়াই পোহৰলৈ আহে।   খবৰ অনুসৰি ৰাকেশ শৰ্মা আৰু তেওঁৰ পত্নী মধুয়ে কুনুৰত এক সাধাৰণ পৰিবেশত অতি সাধাৰণ ভাবে বাস কৰি আছে। কেতিয়াও কোনো কথাকলৈ অহংকাৰ নকৰা ৰাকেশ শৰ্মাৰ খবৰো এতিয়া আনে নোলোৱা হৈছে। সেয়ে তামিলনাডুৰ গাঁৱখনতে তেওঁ সাধাৰভাবে জীৱন কটাই আছে।  ২০২১  চনত শৰ্মাই বাংগালুৰু স্থিত কোম্পানী কেডিলা লেবৰ  অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

 মহাকাশচাৰী বাছনি কাৰ্যসূচীৰ তত্বাৱধানত থকা ইছৰোৰ ৰাষ্ট্ৰীয় গগনযান অভিযানৰো  উপদেষ্টা পৰিষদৰ মুখ্য ব্যক্তি আছিল শৰ্মা৷ ভাৰতীয় সামৰিক বাহিনীৰ প্ৰাক্তন পাইলট আৰু মহাকাশচাৰী ৰাকেশ শৰ্মাই ১৯৮৪ চনত মহাকাশলৈ যোৱা  প্ৰথম ভাৰতীয় হিচাপে ইতিহাসত তেওঁৰ নাম লিপিবদ্ধ কৰিছিল৷ এই স্মৰণীয় সাফল্যৰ আগতে তেওঁ ১৯৭০ চনত ভাৰতীয় বায়ু সেনাত পাইলট হিচাপে যোগদান কৰিছিল।  যদিও বহু ভাৰতীয়ই বিগত দশকবোৰত মহাকাশলৈ যাত্ৰা  কৰিছে, তেওঁলোক  ভাৰতৰ  স্থায়ী বাসিন্দা নাছিল। 

প্ৰায় এক দশকৰ পিছত ১৯৮২ চনত শৰ্মাই  ছোভিয়েট-ভাৰতীয় মহাকাশ অভিযানৰ মহাকাশচাৰী হিচাপে অন্তৰ্ভুক্ত হৈছিল। ১৯৮৪ চনৰ ৩ এপ্ৰিলত ৰাকেশ শৰ্মাই  দুজন ছোভিয়েট মহাকাশচাৰীৰ সৈতে চয়ুজ টি-১১ ত মহাকাশলৈ যাত্ৰা কৰিছিল।মহাকাশত তেওঁ খোজো কাঢ়িছিল।  ভাৰতৰ মহাকাশ গৱেষণাত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা থকা স্বত্বেও  তেওঁৰ অৱদানৰ সৈতে সামঞ্জস্য ৰাখি তেওঁক আজিও  স্বীকৃতিপৰদান কৰা হোৱা নাই। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস