--°C
Loading...
Listen to Article
2 min read
80%
জিজিটেল ডেস্ক: বৰ্তমান সময়ত চিকিৎসা বিজ্ঞানে বহুখিনি অগ্ৰগতি লাভ কৰিছে, যাৰ ফলত ডাঙৰ ডাঙৰ ৰোগবোৰো সহজে আৰোগ্য হয়, কিন্তু কেতিয়াবা ইয়াৰ গুৰুতৰ পৰিণতিও হয়। শেহতীয়াকৈ এগৰাকী মহিলা চিকিৎসাৰ বাবে গৈছিল, কিন্তু চিকিৎসাৰ মাজতে তেওঁ সন্মুখীন হৈছিল অন্য এক নতুন সমস্যাৰ । চিকিৎসাৰ পাছত তেওঁৰ ছালখন জেঁঠীৰ দৰে হৈ পৰিল।

তথ্য অনুসৰি ব্ৰিটেইনত জেন ব’মেন নামৰ এগৰাকী মহিলা ,যাৰ বয়স ৫৯ বছৰ। কিছুদিনৰ আগতে তেওঁৰ ওজন কমি গৈছিল, যাৰ বাবে ছালখন ডাঙৰ অৰ্থাৎ ওলমি পৰিছিল। ইয়াৰ বাবেই তেওঁ ফাইব্ৰ’প্লাষ্ট প্লাজমা নামৰ অস্ত্ৰোপচাৰবিহীন চিকিৎসা কৰাৰ সিদ্ধান্ত লয়। তেওঁ অনুভৱ কৰিছিল যে এনে কৰিলে তেওঁৰ ছালখন ভাল হ’ব, কিন্তু এই চিকিৎসাই তেওঁক নতুন বিপদৰ সন্মূখীন কৰালে।

জেনৰ মতে, যেতিয়া তেওঁ চিকিৎসা আৰম্ভ কৰিছিল, তেতিয়া কোনো সমস্যা নাছিল, কিন্তু কিছু দিনৰ পাছত তেওঁৰ শৰীৰত অদ্ভুত পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰিছিল। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ ছাল সলনি হৈ আছে আৰু যাৰ বাবে তেওঁক জেঁঠীৰ দৰে দেখা পোৱা হৈছে। পৰিস্থিতি এনেকুৱা হৈ পৰিল যে তেওঁ ঘৰৰ পৰা ওলাই যোৱাতো অসুবিধাৰ সন্মূখীন হয়। বহু সময়ত তেওঁক চাবলৈ মানুহ আহিলে তেওঁ স্কাৰ্ফৰ সহায়ত ডিঙিৰ ছালখন লুকুৱাই ৰাখিছিল।

তেওঁ কয় ,"মোৰ ডিঙিৰ ওচৰৰ ছালখন ওলমি আছিল, কিন্তু ভাল দেখাৰ তাড়নাত মই  আৰু নষ্ট কৰি পেলালোঁ। সেই ওলমি থকা ছালখন মোৰ লগতে থকা ভাল আছিল।

এই চিকিৎসাত প্ৰায় ৫০০ ইউৰো খৰচ কৰা হৈছিল, যিটো ভাৰতীয় হিচাপত প্ৰায় ৪০ হাজাৰ হ’ব। তেওঁ কয় সেই চিকিৎসা বৰ কষ্টদায়ক আছিল, তেওঁৰ ছালখন এনেদৰে জ্বলি উঠিছিল যে সেই কষ্ট নৰক সদৃশ আছিল।

জেনৰ মতে, তেওঁ বিৰক্তি কমাবলৈ ক্ৰীম ব্যৱহাৰ কৰিছিল যদিও তাৰ পাছত ডিঙিৰ তলত বাদামী ৰঙৰ ৰঙা দাগ দেখা গৈছিল। বৰ্তমান তেওঁ অধিবক্তাৰ সৈতে কথা পাতি এই বিষয়ে অভিযোগ কৰিছে। যদিহে উক্ত ৰায় তেওঁলোকৰ পক্ষত আহে তেন্তে তেওঁলোকে লাভ কৰিব ক্ষতিপূৰণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু