--°C
Loading...
Listen to Article
2 min read
80%
জিজিটেল ডেস্ক: বৰ্তমান সময়ত চিকিৎসা বিজ্ঞানে বহুখিনি অগ্ৰগতি লাভ কৰিছে, যাৰ ফলত ডাঙৰ ডাঙৰ ৰোগবোৰো সহজে আৰোগ্য হয়, কিন্তু কেতিয়াবা ইয়াৰ গুৰুতৰ পৰিণতিও হয়। শেহতীয়াকৈ এগৰাকী মহিলা চিকিৎসাৰ বাবে গৈছিল, কিন্তু চিকিৎসাৰ মাজতে তেওঁ সন্মুখীন হৈছিল অন্য এক নতুন সমস্যাৰ । চিকিৎসাৰ পাছত তেওঁৰ ছালখন জেঁঠীৰ দৰে হৈ পৰিল।

তথ্য অনুসৰি ব্ৰিটেইনত জেন ব’মেন নামৰ এগৰাকী মহিলা ,যাৰ বয়স ৫৯ বছৰ। কিছুদিনৰ আগতে তেওঁৰ ওজন কমি গৈছিল, যাৰ বাবে ছালখন ডাঙৰ অৰ্থাৎ ওলমি পৰিছিল। ইয়াৰ বাবেই তেওঁ ফাইব্ৰ’প্লাষ্ট প্লাজমা নামৰ অস্ত্ৰোপচাৰবিহীন চিকিৎসা কৰাৰ সিদ্ধান্ত লয়। তেওঁ অনুভৱ কৰিছিল যে এনে কৰিলে তেওঁৰ ছালখন ভাল হ’ব, কিন্তু এই চিকিৎসাই তেওঁক নতুন বিপদৰ সন্মূখীন কৰালে।

জেনৰ মতে, যেতিয়া তেওঁ চিকিৎসা আৰম্ভ কৰিছিল, তেতিয়া কোনো সমস্যা নাছিল, কিন্তু কিছু দিনৰ পাছত তেওঁৰ শৰীৰত অদ্ভুত পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰিছিল। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ ছাল সলনি হৈ আছে আৰু যাৰ বাবে তেওঁক জেঁঠীৰ দৰে দেখা পোৱা হৈছে। পৰিস্থিতি এনেকুৱা হৈ পৰিল যে তেওঁ ঘৰৰ পৰা ওলাই যোৱাতো অসুবিধাৰ সন্মূখীন হয়। বহু সময়ত তেওঁক চাবলৈ মানুহ আহিলে তেওঁ স্কাৰ্ফৰ সহায়ত ডিঙিৰ ছালখন লুকুৱাই ৰাখিছিল।

তেওঁ কয় ,"মোৰ ডিঙিৰ ওচৰৰ ছালখন ওলমি আছিল, কিন্তু ভাল দেখাৰ তাড়নাত মই  আৰু নষ্ট কৰি পেলালোঁ। সেই ওলমি থকা ছালখন মোৰ লগতে থকা ভাল আছিল।

এই চিকিৎসাত প্ৰায় ৫০০ ইউৰো খৰচ কৰা হৈছিল, যিটো ভাৰতীয় হিচাপত প্ৰায় ৪০ হাজাৰ হ’ব। তেওঁ কয় সেই চিকিৎসা বৰ কষ্টদায়ক আছিল, তেওঁৰ ছালখন এনেদৰে জ্বলি উঠিছিল যে সেই কষ্ট নৰক সদৃশ আছিল।

জেনৰ মতে, তেওঁ বিৰক্তি কমাবলৈ ক্ৰীম ব্যৱহাৰ কৰিছিল যদিও তাৰ পাছত ডিঙিৰ তলত বাদামী ৰঙৰ ৰঙা দাগ দেখা গৈছিল। বৰ্তমান তেওঁ অধিবক্তাৰ সৈতে কথা পাতি এই বিষয়ে অভিযোগ কৰিছে। যদিহে উক্ত ৰায় তেওঁলোকৰ পক্ষত আহে তেন্তে তেওঁলোকে লাভ কৰিব ক্ষতিপূৰণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক