--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই চলাই থকা যুদ্ধ খনে এতিয়া মানৱীয় সংকটৰ সৃষ্টি কৰিছে। সাধাৰণ মানুহৰ নিৰাপত্তাৰ দিশটো সম্পূৰ্ণৰূপে উলংঘা কৰি ৰাছিয়াই শেহতীয়াকৈ ইউক্ৰেইনৰ জাপ্ৰজাই পাৰমাণৱিক প্ৰকল্পত ৰকেটেৰে আক্ৰমণ চলায়।  ৰাছিয়াৰ ৰকেটৰ আঘাতত পাৰমাণৱিক প্ৰকল্পটোৰ বৃহৎ অংশ ধ্বংসপ্ৰাপ্ত হয়। ফলত পাৰমাণৱিক বিকিৰণৰ আশংকা কৰা হৈছে। যথেষ্ট ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। বিদ্যুৎ উৎপাদন কৰা প্ৰকল্পটোত আক্ৰমণৰ পিছতে বৃহৎ এলেকাত বিদ্যুতৰ যোগান বন্ধ হৈ পৰিছে।

ঘটনাটোত কমেও ১৩ জন সাধাৰণ নাগৰিক নিহত হৈছে। এই আক্ৰমণত কমেও ১১ জন লোক আহত হৈছিল।  উল্লেখ্য ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰিছিল।  মাৰ্চ মাহত পুটিনৰ বাহিনীয়ে জাপাৰজাই পাৰমাণৱিক প্ৰকল্প দখল কৰিছিল।  পাৰমাণৱিক প্ৰকল্পটোৰ নিয়ন্ত্ৰণ মস্কোৰ হাতত আছে যদিও  ই হৈছে  ইউক্ৰেইনৰ শক্তি সংস্থা 'এনাৰগ'টম'ৰ দ্বাৰা পৰিচালিত এটা প্ৰকল্প।

পাৰমাণৱিক প্ৰকল্পৰ কৰ্মীসকলে কৈছে যে কিছুদিন আগতে সংঘটিত মিছাইল আক্ৰমণৰ ঠিক আগে আগে  ৰাছিয়াৰ শ্ৰমিকসকলে অঞ্চলটোৰ পৰা পলায়ন কৰিছিল। তেওঁলোকে জানিছিল যে ৰাছিয়াই পাৰমানৱিক প্ৰকল্পটো আক্ৰমণ কৰি ধ্বংস কৰিব পাৰে। ইপিনে  ইউক্ৰেইনে লগতে দাবী কৰিছে যে পুটিনৰ বাহিনীয়ে নিপাৰ নদীৰ ওচৰৰ জাপাৰজাই পাৰমাণৱিক প্ৰকল্পত অস্ত্ৰ জমা কৰিছিল। জাপাৰজাই প্ৰকল্পৰ  মুৰব্বী ভেলেণ্টিন ৰেজনিচেঙ্কোৱে কয়  যে প্ৰকল্পটোত মুঠ ৮০ টা ৰকেট মজুত কৰি ৰখা হৈছিল। 
ৰাছিয়াই ইউক্ৰেইনৰ  পাৰমাণৱিক প্ৰকল্পত ৰকেট নিক্ষেপ কৰাৰ ফলত  মাৰ্গাৰেটচ চহৰতে সৰ্বাধিক সংখ্যক লোক হতাহত হৈছে। এই চহৰখন পাৰমাণৱিক প্ৰকল্পটোৰ ওচৰত আছে।  ইফালে, ৰাছিয়াই কাজাখস্তানৰ পৰা ইৰাণৰ এটা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছে। ধাৰণা কৰা হৈছে যে  ইউক্ৰেইনৰ ওপৰত নিৰীক্ষণৰ অব্যাহত ৰখাৰ বাবেই ৰাছিয়াই উক্ত কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপন কৰিছে। 

জানিব পৰা মতে  খাইনুৰৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা চয়ুজ ৰকেটত খাইয়াম নামৰ এই কৃত্ৰিম উপগ্ৰহটো পৃথিৱীৰ কক্ষপথলৈ পঠিওৱা হৈছে। বহুতে আশংকা কৰিছে  যে জাপাৰজাই পাৰমাণৱিক প্ৰকল্পত ৰাছিয়াই কৰা   আক্ৰমণৰ পৰিণতিত  যিকোনো মুহূৰ্ততে  হিৰোছিমা আৰু নাগাচাকিৰ দৰে ভয়ংকৰ দুৰ্যোগ হ'ব পাৰে।

ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ' গুট্ৰেছে ৰাছিয়াৰ আক্ৰমণক গৰিহণা দি কৈছে  "পাৰমাণৱিক প্ৰকল্পৰ ওপৰত হোৱা আক্ৰমণ আত্মহননৰ সমান। ৰাছিয়াই এনে কাৰ্যৰ পৰা বিৰত থাকক" । এতিয়ালৈকে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ১২ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটা বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু