ডিজিটেল ডেস্কঃইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই চলাই থকা যুদ্ধ খনে এতিয়া মানৱীয় সংকটৰ সৃষ্টি কৰিছে। সাধাৰণ মানুহৰ নিৰাপত্তাৰ দিশটো সম্পূৰ্ণৰূপে উলংঘা কৰি ৰাছিয়াই শেহতীয়াকৈ ইউক্ৰেইনৰ জাপ্ৰজাই পাৰমাণৱিক প্ৰকল্পত ৰকেটেৰে আক্ৰমণ চলায়। ৰাছিয়াৰ ৰকেটৰ আঘাতত পাৰমাণৱিক প্ৰকল্পটোৰ বৃহৎ অংশ ধ্বংসপ্ৰাপ্ত হয়। ফলত পাৰমাণৱিক বিকিৰণৰ আশংকা কৰা হৈছে। যথেষ্ট ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। বিদ্যুৎ উৎপাদন কৰা প্ৰকল্পটোত আক্ৰমণৰ পিছতে বৃহৎ এলেকাত বিদ্যুতৰ যোগান বন্ধ হৈ পৰিছে।
ঘটনাটোত কমেও ১৩ জন সাধাৰণ নাগৰিক নিহত হৈছে। এই আক্ৰমণত কমেও ১১ জন লোক আহত হৈছিল। উল্লেখ্য ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰিছিল। মাৰ্চ মাহত পুটিনৰ বাহিনীয়ে জাপাৰজাই পাৰমাণৱিক প্ৰকল্প দখল কৰিছিল। পাৰমাণৱিক প্ৰকল্পটোৰ নিয়ন্ত্ৰণ মস্কোৰ হাতত আছে যদিও ই হৈছে ইউক্ৰেইনৰ শক্তি সংস্থা 'এনাৰগ'টম'ৰ দ্বাৰা পৰিচালিত এটা প্ৰকল্প।
পাৰমাণৱিক প্ৰকল্পৰ কৰ্মীসকলে কৈছে যে কিছুদিন আগতে সংঘটিত মিছাইল আক্ৰমণৰ ঠিক আগে আগে ৰাছিয়াৰ শ্ৰমিকসকলে অঞ্চলটোৰ পৰা পলায়ন কৰিছিল। তেওঁলোকে জানিছিল যে ৰাছিয়াই পাৰমানৱিক প্ৰকল্পটো আক্ৰমণ কৰি ধ্বংস কৰিব পাৰে। ইপিনে ইউক্ৰেইনে লগতে দাবী কৰিছে যে পুটিনৰ বাহিনীয়ে নিপাৰ নদীৰ ওচৰৰ জাপাৰজাই পাৰমাণৱিক প্ৰকল্পত অস্ত্ৰ জমা কৰিছিল। জাপাৰজাই প্ৰকল্পৰ মুৰব্বী ভেলেণ্টিন ৰেজনিচেঙ্কোৱে কয় যে প্ৰকল্পটোত মুঠ ৮০ টা ৰকেট মজুত কৰি ৰখা হৈছিল।
ৰাছিয়াই ইউক্ৰেইনৰ পাৰমাণৱিক প্ৰকল্পত ৰকেট নিক্ষেপ কৰাৰ ফলত মাৰ্গাৰেটচ চহৰতে সৰ্বাধিক সংখ্যক লোক হতাহত হৈছে। এই চহৰখন পাৰমাণৱিক প্ৰকল্পটোৰ ওচৰত আছে। ইফালে, ৰাছিয়াই কাজাখস্তানৰ পৰা ইৰাণৰ এটা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছে। ধাৰণা কৰা হৈছে যে ইউক্ৰেইনৰ ওপৰত নিৰীক্ষণৰ অব্যাহত ৰখাৰ বাবেই ৰাছিয়াই উক্ত কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপন কৰিছে।
জানিব পৰা মতে খাইনুৰৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা চয়ুজ ৰকেটত খাইয়াম নামৰ এই কৃত্ৰিম উপগ্ৰহটো পৃথিৱীৰ কক্ষপথলৈ পঠিওৱা হৈছে। বহুতে আশংকা কৰিছে যে জাপাৰজাই পাৰমাণৱিক প্ৰকল্পত ৰাছিয়াই কৰা আক্ৰমণৰ পৰিণতিত যিকোনো মুহূৰ্ততে হিৰোছিমা আৰু নাগাচাকিৰ দৰে ভয়ংকৰ দুৰ্যোগ হ'ব পাৰে।
ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ' গুট্ৰেছে ৰাছিয়াৰ আক্ৰমণক গৰিহণা দি কৈছে "পাৰমাণৱিক প্ৰকল্পৰ ওপৰত হোৱা আক্ৰমণ আত্মহননৰ সমান। ৰাছিয়াই এনে কাৰ্যৰ পৰা বিৰত থাকক" । এতিয়ালৈকে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ১২ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটা বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে।