--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘এক দেশ, এক নিৰ্বাচন’ৰ দিশলৈ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। আজি প্ৰাক্তন ৰাষ্ট্রপতি ৰামনাথ কোবিন্দ নেতৃত্বাধীন কমিটীয়ে ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মুক অৰ্পণ কৰিলে ‘এক দেশ, এক নিৰ্বাচন’ সম্পৰ্কীয় প্ৰতিবেদন। দেশত একে সময়তে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনসমূহ অনুষ্ঠিত কৰাটোৱেই হৈছে এক দেশ, এক নিৰ্বাচন নীতি। এই নীতিৰ বাস্তৱিক গ্ৰহণযোগ্যতা অধ্যয়নৰ বাবে বিগত বৰ্ষৰ ২ ছেপ্টেম্বৰত গঠন কৰা হৈছিল ৰামনাথ কোবিন্দ কমিটী। ১৯১ দিন ধৰি বিস্তৃত অধ্যয়নৰ পাছত আজি কমিটীখনে ৰাষ্ট্রপতি মুৰ্মুক অৰ্পণ কৰে প্ৰতিবেদন।

প্ৰতিবেদনত একে সময়তে দেশত সকলো নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষত মতপ্ৰকাশ কৰা হয়। একেসময়তে নিৰ্বাচনসমূহ অনুষ্ঠিত হ’লে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা সবল হ’ব। ভিন্ন সময়ত নিৰ্বাচনসমূহ অনুষ্ঠিত হোৱাৰ বাবে খৰচ হয় বিপুল পৰিমাণৰ ধন। এক দেশ, এক নিৰ্বাচন নীতিয়ে ৰাজকোষৰ এনে ধনৰ ব্যয় যথেষ্ট হ্ৰাস কৰিব। প্ৰতিবেদনত এইধৰণে কেতবোৰ যুক্তি দাঙি ধৰে কমিটীখনে। লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ১০০ দিনৰ ভিতৰতে পৌৰ নিকায়সমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰো পৰামৰ্শ দিয়ে কমিটীখনে। কমিটীখনে প্ৰদান কৰা পৰামৰ্শসমূহ ৰূপায়ণ কৰিবলৈ কাৰ্যৰূপায়ণ গোট গঠন কৰাৰো পৰামৰ্শ আছে প্ৰতিবেদনখনত। 

এক দেশ, এক নিৰ্বাচন নীতিলৈ দেশৰ ৩২ ৰাজনৈতিক দলে সমৰ্থন আগবঢ়াইছে। আনহাতে ১৫টা দলে এই নীতিৰ বিৰোধিতা কৰিছে। কোবিন্দ কমিটীত এই তথ্য স্পষ্টভাৱে প্ৰকাশ পাইছে। বিজেপি তথা NDAৰ দলসমূহে সমৰ্থন আগবঢ়াইছে এক দেশ, এক নিৰ্বাচন নীতিলৈ। কংগ্ৰেছ, CPM-CPIৰ দৰে দলে স্পষ্টকৈ বিৰোধিতা কৰিছে এই নীতিৰ। 

গুৰুত্বপূৰ্ণ বিষয় এয়ে যে বিজেপিৰ এটা বিশেষ ইছ্যু হিচাপে পৰিগণিত হৈ আহিছে এক দেশ, এক নিৰ্বাচন নীতি। ২০১৪ চনৰ বিজেপিৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰত প্ৰতিশ্ৰুতি দিয়া হৈছিল এক দেশ, এক নিৰ্বাচনৰ। তেনে প্ৰতিশ্ৰুতি কাৰ্য ৰূপায়ণৰ দিশলৈ বৰ্তমান এঢাপ এঢাপকৈ  আগবাঢ়িছে কেন্দ্ৰৰ মোদী চৰকাৰ। 

২০২৯ত এক দেশ, এক নিৰ্বাচন নীতি বলৱৎ কৰাৰ পৰিকল্পনা মোদী চৰকাৰৰ। অৰ্থাৎ ২০২৯ৰ লোকসভা নিৰ্বাচনৰ সময়তে অনুষ্ঠিত কৰা হ’ব সকলো ৰাজ্যৰ বিধানসভা নিৰ্বাচন। 

ইফালে কংগ্ৰেছে আজি তীব্ৰ সমালোচনা কৰিছে এক দেশ, এক নিৰ্বাচনৰ। দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবেই এই নীতিৰ জৰিয়তে বিজেপিয়ে ষড়যন্ত্ৰ ৰচিছে বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। আজি শীৰ্ষ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ সৰৱ হৈ পৰে এক দেশ, এক নিৰ্বাচন নীতিৰ বিৰুদ্ধে। এই নীতিয়ে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা দুৰ্বল কৰি তুলিব বুলি মন্তব্য কৰে ৰমেশে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু