--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘এক দেশ, এক নিৰ্বাচন’ৰ দিশলৈ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। আজি প্ৰাক্তন ৰাষ্ট্রপতি ৰামনাথ কোবিন্দ নেতৃত্বাধীন কমিটীয়ে ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মুক অৰ্পণ কৰিলে ‘এক দেশ, এক নিৰ্বাচন’ সম্পৰ্কীয় প্ৰতিবেদন। দেশত একে সময়তে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনসমূহ অনুষ্ঠিত কৰাটোৱেই হৈছে এক দেশ, এক নিৰ্বাচন নীতি। এই নীতিৰ বাস্তৱিক গ্ৰহণযোগ্যতা অধ্যয়নৰ বাবে বিগত বৰ্ষৰ ২ ছেপ্টেম্বৰত গঠন কৰা হৈছিল ৰামনাথ কোবিন্দ কমিটী। ১৯১ দিন ধৰি বিস্তৃত অধ্যয়নৰ পাছত আজি কমিটীখনে ৰাষ্ট্রপতি মুৰ্মুক অৰ্পণ কৰে প্ৰতিবেদন।

প্ৰতিবেদনত একে সময়তে দেশত সকলো নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষত মতপ্ৰকাশ কৰা হয়। একেসময়তে নিৰ্বাচনসমূহ অনুষ্ঠিত হ’লে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা সবল হ’ব। ভিন্ন সময়ত নিৰ্বাচনসমূহ অনুষ্ঠিত হোৱাৰ বাবে খৰচ হয় বিপুল পৰিমাণৰ ধন। এক দেশ, এক নিৰ্বাচন নীতিয়ে ৰাজকোষৰ এনে ধনৰ ব্যয় যথেষ্ট হ্ৰাস কৰিব। প্ৰতিবেদনত এইধৰণে কেতবোৰ যুক্তি দাঙি ধৰে কমিটীখনে। লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ১০০ দিনৰ ভিতৰতে পৌৰ নিকায়সমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰো পৰামৰ্শ দিয়ে কমিটীখনে। কমিটীখনে প্ৰদান কৰা পৰামৰ্শসমূহ ৰূপায়ণ কৰিবলৈ কাৰ্যৰূপায়ণ গোট গঠন কৰাৰো পৰামৰ্শ আছে প্ৰতিবেদনখনত। 

এক দেশ, এক নিৰ্বাচন নীতিলৈ দেশৰ ৩২ ৰাজনৈতিক দলে সমৰ্থন আগবঢ়াইছে। আনহাতে ১৫টা দলে এই নীতিৰ বিৰোধিতা কৰিছে। কোবিন্দ কমিটীত এই তথ্য স্পষ্টভাৱে প্ৰকাশ পাইছে। বিজেপি তথা NDAৰ দলসমূহে সমৰ্থন আগবঢ়াইছে এক দেশ, এক নিৰ্বাচন নীতিলৈ। কংগ্ৰেছ, CPM-CPIৰ দৰে দলে স্পষ্টকৈ বিৰোধিতা কৰিছে এই নীতিৰ। 

গুৰুত্বপূৰ্ণ বিষয় এয়ে যে বিজেপিৰ এটা বিশেষ ইছ্যু হিচাপে পৰিগণিত হৈ আহিছে এক দেশ, এক নিৰ্বাচন নীতি। ২০১৪ চনৰ বিজেপিৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰত প্ৰতিশ্ৰুতি দিয়া হৈছিল এক দেশ, এক নিৰ্বাচনৰ। তেনে প্ৰতিশ্ৰুতি কাৰ্য ৰূপায়ণৰ দিশলৈ বৰ্তমান এঢাপ এঢাপকৈ  আগবাঢ়িছে কেন্দ্ৰৰ মোদী চৰকাৰ। 

২০২৯ত এক দেশ, এক নিৰ্বাচন নীতি বলৱৎ কৰাৰ পৰিকল্পনা মোদী চৰকাৰৰ। অৰ্থাৎ ২০২৯ৰ লোকসভা নিৰ্বাচনৰ সময়তে অনুষ্ঠিত কৰা হ’ব সকলো ৰাজ্যৰ বিধানসভা নিৰ্বাচন। 

ইফালে কংগ্ৰেছে আজি তীব্ৰ সমালোচনা কৰিছে এক দেশ, এক নিৰ্বাচনৰ। দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবেই এই নীতিৰ জৰিয়তে বিজেপিয়ে ষড়যন্ত্ৰ ৰচিছে বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। আজি শীৰ্ষ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ সৰৱ হৈ পৰে এক দেশ, এক নিৰ্বাচন নীতিৰ বিৰুদ্ধে। এই নীতিয়ে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা দুৰ্বল কৰি তুলিব বুলি মন্তব্য কৰে ৰমেশে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী