ডিজিটেল ডেস্কঃ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হোৱাৰ পাছত ভগৱান ৰাম ঘৰলৈ উভতি আহিবলৈ ৫০০ বছৰ সময় লাগিছিল। সেইদিনা হিন্দুসকলৰ কেনে লাগিছিল? সোমবাৰে আমাৰো সেই একে অনুভৱ হৈছিল।
২২ জানুৱাৰীত অযোধ্যাত ৰামলালাৰ মন্দিৰ উদ্বোধন হোৱাৰ দিনা সকলো হিন্দু লোকে যি অনুভৱ কৰিছিল, সেই একেই অনুভৱ আমি সোমবাৰে অনুভৱ কৰিছিলোঁ। এই মন্তব্য পাকিস্তানৰ পৰা আহি ভাৰতত বাস কৰা এজন হিন্দু শৰণাৰ্থীৰ। পাকিস্তান সীমান্তৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ নিলগৰ যোধপুৰত বাস কৰা দেহৰাজ ভীলে এনেদৰে ব্যক্ত কৰে মনৰ অনুভৱ। কথাখিনি কওঁতে তেওঁ আৱেগিক হৈ পৰে।
দেহৰাজ ভীলে কয় যে ‘‘আমি যি অনুভৱ কৰিছোঁ সেয়া ভাষাৰে বুজাব নোৱাৰোঁ। ‘কা’ কাৰ্যকৰী হোৱাৰ ৪৮ ঘণ্টাৰো অধিক সময় পাৰ হৈ গ’ল, কিন্তু তাৰ আনন্দ উদযাপন আমাৰ এতিয়াও শেষ হোৱা নাই। ‘কা’ এতিয়া বাস্তৱত পৰিণত হৈছে। ২০১৩ চনৰ আগলৈকে আমাৰ জীৱন দুৰ্বিষহ আছিল।’’ তেওঁ পাকিস্তানৰ সিং প্ৰদেশৰ পৰা তীৰ্থযাত্ৰীৰ ভিছা লৈ ভাৰতলৈ আহিছিল আৰু কেতিয়াও পাকিস্তানলৈ ঘূৰি নোযোৱাৰ সংকল্প লৈছিল।
মঙলবাৰে নিশা ১০ বজালৈকে মিঠাই বিতৰণত ব্যস্ত আছিল দেহৰাজ ভীল। ৰাজস্থানত এটা এন জি অ’ আছে, যাৰ নাম ‘সেনা ন্যায় উত্থান’। এই বেচৰকাৰী সংস্থাটোৱে পাকিস্তানৰ পৰা পলায়ন কৰা নিপীড়িত সংখ্যালঘুসকলৰ পুনৰ্বাসনৰ কাম কৰে। দেহৰাজ ভীল, তেওঁৰ পৰিয়াল আৰু তেওঁৰ দৰে বহু লোকৰ বাবে অবিৰতভাৱে কাম কৰি আছে বেচৰকাৰী সংস্থাটোৱে।
‘কা’ কাৰ্যকৰী হোৱাৰ পাছত দেহৰাজৰ লগতে তেওঁৰ দৰে বহু পৰিয়ালে ভাৰতীয় নাগৰিকত্বৰ বাবে যোগ্যতা অৰ্জন কৰিব। ‘কা’ৰ কৃপাত আফগানিস্তান, বাংলাদেশ বা পাকিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মীয় নিৰ্যাতনৰ ভয়ত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা লোকসকলে সহজেই ভাৰতীয় নাগৰিক হ’ব পাৰিব।
পাকিস্তানত সংখ্যালঘু লোকৰ ওপৰত হোৱা অত্যাচাৰৰ পৰিস্থিতিৰ বিষয়ে কওঁতে দেহৰাজ ভীলে কয় যে ‘‘মোৰ জন্মৰ আগৰ পৰাই মোৰ পৰিয়ালৰ ওপৰত অত্যাচাৰৰ যুগ আৰম্ভ হৈছিল। এই সময়ছোৱাত ভাৰতে ১৯৭১ চনৰ যুদ্ধত পাকিস্তানক পৰাস্ত কৰিছিল। মোৰ দেউতা বনিয়া পৰিয়ালৰ চৌহদৰ এটা জুপুৰিত বাস কৰা বণিয়া পৰিয়ালৰ সম্পত্তিৰ তত্ত্বাৱধায়ক আছিল।’’
দেহৰাজে লগতে কয় যে ১৯৭১ চনৰ যুদ্ধৰ পাছত পাকিস্তানত হিন্দুৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছিল। তেওঁলোকে যি স্থানত আছিল সেই স্থান ত্যাগ কৰিবলৈ হেঁচা দিছিল আনকি তেওঁৰ এজন ভাতৃ হত্যাৰো বলি হৈছিল।
দেহৰাজে জনোৱা মতে, ২০১১ চনত তেওঁৰ ভাতৃক হত্যা কৰা হৈছিল। পেছাত তেওঁ আছিল এজন টেক্সি চালক। ঘটনাৰ দিনা ঘৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত ৰাতিপুৱা চাৰি বজাত ৪-৫ জন যাত্ৰীক ভাতৃয়ে লৈ গৈছিল। তাত ভাড়া বিচৰাত টেক্সিত বহি থকা যাত্ৰীসকলে তেওঁক হত্যা কৰে।
৪৬ বছৰীয়া দেহৰাজে কয় যে সেইদিনা আমি উপলব্ধি কৰিলোঁ যে ‘‘এতিয়া আমি পাকিস্তানত এদিনো জীয়াই থাকিব নোৱাৰো। ইয়াৰ পাছত আমি সকলোৱে তীৰ্থযাত্ৰী ভিছাত ভাৰতলৈ আহিছিলোঁ। ইয়ালৈ অহাৰ পাছত মই মোৰ পত্নী আৰু ঘৰৰ মহিলাসকলৰ গহনা বিক্ৰী কৰিলোঁ, যাতে আমি নতুন আৰম্ভণি কৰিব পাৰো।’’
পাকিস্তান আৰু বাংলাদেশত সংখ্যালঘুৰ অৱস্থা কি?
২০২২ চনত ফ্ৰিডম হাউছে পাকিস্তানৰ ধৰ্মীয় স্বাধীনতাক ৪ৰ ভিতৰত ১ৰ দুৰ্বল ৰেটিং দিছিল, ইয়াৰ ওপৰত আলোকপাত কৰিছিল যে হিন্দুসকলৰ মহিলাসকল বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু বিবাহৰ লক্ষ্য হৈ আহিছে। পাকিস্তানত হিন্দু মহিলাৰ বলপূৰ্বক ধৰ্মান্তৰকৰণ, ধৰ্ষণ আৰু বলপূৰ্বক বিবাহে আন্তঃৰাষ্ট্ৰীয় শিৰোনাম দখল কৰিছে।
২০১৯ চনত ১৬ বছৰীয়া অনুষা কুমাৰীক অপহৰণ কৰা, একে বছৰতে হিন্দু কন্যা ৰীনা আৰু ৰবীনাৰ বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু ২০১৪ চনত সিন্ধৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিকী ছাত্ৰী জ্যোতি কুমাৰীক অপহৰণ কৰা ঘটনা হিন্দু অত্যাচাৰৰ জলন্ত উদাহৰণ। ২০১০ চনৰ জুলাই মাহত কৰাচীৰ ১৫০ জন বাসিন্দাই প্ৰায় ৬০ জন হিন্দুক আক্ৰমণ কৰিছিল যাক ৰাষ্ট্ৰসংঘয়েও কঠোৰ সমালোচনা কৰিছিল।
দেহৰাজ ভীলে কয় যে ‘‘পাকিস্তানত কাৰো ওপৰত কোনো আস্থা ৰাখিব নোৱাৰি। সন্ধিয়া ৬ বজাৰ পিছত কোনো হিন্দুৱে বাইক চলাব নোৱাৰে। যদি কোনো হিন্দুৱে দোকান আদি দিয়ে তেন্তে পাকিস্তানত বেছিভাগ মানুহেই ধন দিবলৈ অস্বীকাৰ কৰে বা হিন্দুৰ দোকানত প্ৰৱেশ নকৰে।’’
ভাৰতীয় নাগৰিক হৈ শান্তিৰে জীৱন কটাব পাৰিব বুলি জানি এতিয়া স্বস্তিৰ নিঃশ্বাস পেলাইছে দেহৰাজ ভীলৰ লগতে পৰিয়ালে। ‘কা’ কাৰ্যকৰী কৰাত এতিয়া আনন্দতে চকুলো টুকিছে হিন্দু শৰণাৰ্থীয়ে।