--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিদ্ৰোহী কৃষকৰ বজ্ৰগৰ্জনত কঁপি উঠিল দিল্লীৰ ৰামলীলা ময়দান। মোদী চৰকাৰৰ কৃষকবিৰোধী নীতিৰ বিৰুদ্ধে ৰামলীলা ময়দানত সাব্যস্ত হ’ল তীব্ৰ প্ৰতিবাদ। সংযুক্ত কিষাণ মৰ্চাৰ নেতৃত্বত দিল্লীত কৃষকে অনুষ্ঠিত কৰিলে মহাপঞ্চায়ত। 

সহস্ৰাধিক কৃষকৰ প্ৰতিবাদত কঁপিল ৰাজধানী দিল্লী। পঞ্জাব আৰু হাৰিয়ানাৰ প্ৰায় ৫০ হাজাৰৰো অধিক কৃষকে অংশ লয় মহাপঞ্চায়তত। দেশৰ প্ৰায় ৩৭ টাকৈ কৃষক সংগঠনৰ প্ৰতিনিধিয়ে অংশ লৈছে আজিৰ এই প্ৰতিবাদত। খাদ্য শস্যৰ ন্যূনতম সমৰ্থন মূল্যৰ ক্ষেত্ৰত আইন বলৱৎ কৰাৰ দাবী প্ৰতিবাদী কৃষকৰ। 

স্বামীনাথন আয়োগৰ পৰামৰ্শৱলী শীঘ্ৰেই কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদী কৃষকে। লগতে কৃষক তথা কৃষিকৰ্মৰে জড়িত ব্যক্তিক পেঞ্চন প্ৰদানৰো দাবী প্ৰতিবাদী কৃষকৰ। দেশত প্ৰতিদিনে কৃষকে আত্মহত্যাৰ পথ বাচি লোৱাৰ পাছতো চৰকাৰে ঋণ মাফ নকৰাক লৈ সৰব হৈ পৰে কৃষকসকল। 

আজিৰ মহাপঞ্চায়ততে কৃষকৰ দাবী সম্বলিত সংকল্প পত্ৰ ঘোষণা কৰে কৃষক সংগঠনসমূহে। মোদী চৰকাৰে কৃষকৰ দাবী মানি নল’লে আন্দোলন তীব্ৰতৰ হোৱাৰ হুংকৰা প্ৰদান কৰে প্ৰতিবাদী কৃষকে। মোদী চৰকাৰক পুঁজিপতিৰ সমৰ্থক তথা সাম্প্ৰদায়িক আখ্যা প্ৰতিবাদী কৃষকৰ। বিগত মাহতো দেশৰ কৃষক সংগঠনে গ্ৰহণ কৰিছিল দিল্লী চলো কাৰ্যসূচী। ব্যৰ্থ হৈছিল কেন্দ্ৰীয় চৰকাৰৰে কৃষক সংগঠনৰ কেইবালানি আলোচনা। পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ কৃষকৰ ওপৰত জপিয়াই পৰিছিল আৰক্ষী বাহিনী। 

আজিও কৃষকৰ মহাপঞ্চায়তৰ পূৰ্বে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় দিল্লীত। 

ইপিনে, প্ৰতিবাদস্থলীৰ পৰাই কেন্দ্ৰীয় চৰকাৰক হুংকাৰ কৃষক নেতা ৰাকেশ টিকাইটৰ। আজি মহাপঞ্চায়তৰ জৰিয়তে চৰকাৰক এই বাৰ্তা দিব খোৱা হৈছে যে দেশৰ কৃষকসকল একত্ৰিত হৈ আছে। চৰকাৰে আলোচনাৰ মাধ্যমেৰে কৃষকৰ সমস্যাসমূহ সমাধান কৰা উচিত। নহ’লে আগন্তুক  সময়ত অধিক তীব্ৰতৰ হ’ব কৃষকৰ আন্দোলন। প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক এই হুংকাৰ কৃষক নেতাগৰাকীৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু