--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিদ্ৰোহী কৃষকৰ বজ্ৰগৰ্জনত কঁপি উঠিল দিল্লীৰ ৰামলীলা ময়দান। মোদী চৰকাৰৰ কৃষকবিৰোধী নীতিৰ বিৰুদ্ধে ৰামলীলা ময়দানত সাব্যস্ত হ’ল তীব্ৰ প্ৰতিবাদ। সংযুক্ত কিষাণ মৰ্চাৰ নেতৃত্বত দিল্লীত কৃষকে অনুষ্ঠিত কৰিলে মহাপঞ্চায়ত। 

সহস্ৰাধিক কৃষকৰ প্ৰতিবাদত কঁপিল ৰাজধানী দিল্লী। পঞ্জাব আৰু হাৰিয়ানাৰ প্ৰায় ৫০ হাজাৰৰো অধিক কৃষকে অংশ লয় মহাপঞ্চায়তত। দেশৰ প্ৰায় ৩৭ টাকৈ কৃষক সংগঠনৰ প্ৰতিনিধিয়ে অংশ লৈছে আজিৰ এই প্ৰতিবাদত। খাদ্য শস্যৰ ন্যূনতম সমৰ্থন মূল্যৰ ক্ষেত্ৰত আইন বলৱৎ কৰাৰ দাবী প্ৰতিবাদী কৃষকৰ। 

স্বামীনাথন আয়োগৰ পৰামৰ্শৱলী শীঘ্ৰেই কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদী কৃষকে। লগতে কৃষক তথা কৃষিকৰ্মৰে জড়িত ব্যক্তিক পেঞ্চন প্ৰদানৰো দাবী প্ৰতিবাদী কৃষকৰ। দেশত প্ৰতিদিনে কৃষকে আত্মহত্যাৰ পথ বাচি লোৱাৰ পাছতো চৰকাৰে ঋণ মাফ নকৰাক লৈ সৰব হৈ পৰে কৃষকসকল। 

আজিৰ মহাপঞ্চায়ততে কৃষকৰ দাবী সম্বলিত সংকল্প পত্ৰ ঘোষণা কৰে কৃষক সংগঠনসমূহে। মোদী চৰকাৰে কৃষকৰ দাবী মানি নল’লে আন্দোলন তীব্ৰতৰ হোৱাৰ হুংকৰা প্ৰদান কৰে প্ৰতিবাদী কৃষকে। মোদী চৰকাৰক পুঁজিপতিৰ সমৰ্থক তথা সাম্প্ৰদায়িক আখ্যা প্ৰতিবাদী কৃষকৰ। বিগত মাহতো দেশৰ কৃষক সংগঠনে গ্ৰহণ কৰিছিল দিল্লী চলো কাৰ্যসূচী। ব্যৰ্থ হৈছিল কেন্দ্ৰীয় চৰকাৰৰে কৃষক সংগঠনৰ কেইবালানি আলোচনা। পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ কৃষকৰ ওপৰত জপিয়াই পৰিছিল আৰক্ষী বাহিনী। 

আজিও কৃষকৰ মহাপঞ্চায়তৰ পূৰ্বে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় দিল্লীত। 

ইপিনে, প্ৰতিবাদস্থলীৰ পৰাই কেন্দ্ৰীয় চৰকাৰক হুংকাৰ কৃষক নেতা ৰাকেশ টিকাইটৰ। আজি মহাপঞ্চায়তৰ জৰিয়তে চৰকাৰক এই বাৰ্তা দিব খোৱা হৈছে যে দেশৰ কৃষকসকল একত্ৰিত হৈ আছে। চৰকাৰে আলোচনাৰ মাধ্যমেৰে কৃষকৰ সমস্যাসমূহ সমাধান কৰা উচিত। নহ’লে আগন্তুক  সময়ত অধিক তীব্ৰতৰ হ’ব কৃষকৰ আন্দোলন। প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক এই হুংকাৰ কৃষক নেতাগৰাকীৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ