--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ শ্ৰদ্ধাৰ হত্যাকাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে লক্ষ্ণৌতো সংঘটিত হৈছে লাভ জেহাদৰ ভয়ংকৰ ঘটনা। লক্ষ্ণৌৰ ডুবাগাত ইছলাম ধৰ্ম গ্ৰহণ নকৰা বাবে হিন্দু প্ৰেমিকাক হত্যা কৰিলে মুছলমান প্ৰেমিকে। ইছলাম ধৰ্ম গ্ৰহণ নকৰা বাবে প্ৰেমিকাক চতুৰ্থ মহলাৰ পৰা গতিয়াই পেলাই দিলে প্ৰেমিকজনে। গুৰুতৰভাৱে আহত যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। য'ত কিছু সময়ৰ পিছত তেওঁৰ মৃত্যু হয়। এতিয়া পলাতক হৈ আছে অভিযুক্ত। ভুক্তভোগী পৰিয়ালৰ এজাহাৰত হত্যা আৰু বলপূৰ্বক ধৰ্মান্তৰকৰণৰ গোচৰ ৰুজু কৰা হৈছে।

নিধি গুপ্তা(১৯)ৰ চুফিয়ানৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। মৃত যুৱতীগৰাকীৰ মাতৃয়ে জনোৱা মতে, চুফিয়ানে যোৱা কেইবাদিনো ধৰি নিধিক হাৰাশাস্তি কৰি আহিছে। চুফিয়ানে ছোৱালীজনীক বলপূৰ্বকভাৱে বিয়া কৰাবলৈ হেঁচা প্ৰয়োগ কৰিছিল। চুফিয়ানে তাইক ধৰ্মান্তৰিত কৰি মুছলমান ৰীতি-নীতি অনুসৰি বিয়া কৰাব বিচাৰিছিল। ইয়াৰ বাবে তেওঁ বহু দিন ধৰি নিধিক হেঁচা প্ৰয়োগ কৰি আছিল আৰু নিধিয়ে ইয়াৰ বিৰোধিতা কৰিছিল। 
lucknow news sufiyan threw girlfriend nidhi from the fourth floor,  death-धर्म बदलने का बनाता था दबाव, विरोध करने पर सूफियान ने प्रेमिका निधि  को चौथी मंजिल से फेंका
মাতৃয়ে লগতে কয় যে চুফিয়ানে মোৰ ছোৱালীজনীক প্ৰতিদিনে মানসিকভাৱে অত্যাচাৰ কৰিছিল। বহু দিন ধৰি চুফিয়ানে মোৰ ছোৱালীজনীৰ পিছা কৰিছিল। কালি আমি অভিযোগ লৈ তেওঁৰ ঘৰলৈ গৈছিলো। এই সময়ছোৱাত আমাৰ দুয়োটা পৰিয়ালৰ মাজত তৰ্ক হৈছিল। ইয়াৰ পাছতে নিধি আকু চুফিয়ান ঘৰৰ চাদৰ ওপৰলৈ গৈছিল। তেতিয়াই নিধিক চতুৰ্থ মহলাৰ পৰা গতিয়াই দিছিল চুফিয়ানে। 

सूफियान ने निधि को चौथी मंजिल से फेंका, मतांतरण का बना रहा था दबाव; लड़की  के परिवार की मौजूदगी में हुई घटना - young man killed girl by pushing her  off roof
নিধিৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুৃজু কৰিছে লক্ষ্ণৌ আৰক্ষীয়ে। ইতিমধ্যে ঘৰত তলা লগাই পলায়ন কৰিছে অভিযুক্তৰ পৰিয়াল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
বেলুচ যুঁজাৰুৰ বৃহৎ সামৰিক অভিযান
পথাৰত ছিঁৰাল ফাট! পানীৰ অভাৱত ভূঁই ৰুব নোৱাৰি চিন্তিত কৃষক