--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ চনৰ বুডাপেষ্টত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত দেশৰ প্ৰথমটো স্বৰ্ণ পদক দখল কৰি ভাৰতৰ ইতিহাসত পুনৰবাৰ নিজৰ নাম খোদিত কৰিছে নীৰজ চোপ্ৰাই। খেলপথাৰত তেওঁৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে অনুৰাগীসকলে তেওঁৰ খাদ্যাভ্যাসকে ধৰি অফ-ফিল্ড জীৱনৰ প্ৰতি সমানেই আকৰ্ষিত হৈছে। শেহতীয়াকৈ ই এছ পি এনৰ সৈতে পুনৰ চৰ্চিত হোৱা এক সাক্ষাৎকাৰত খেলুৱৈজনে তেওঁৰ ৰান্ধনীৰ পছন্দ আৰু খাদ্যৰ পছন্দৰ বিষয়ে তথ্যৰ ভাগবতৰা কৰিছিল।

অনুষ্ঠানটিত জনপ্ৰিয় ভাৰতীয় খাদ্য ‘গোল গাপ্পা’ৰ প্ৰতি চোপ্ৰাৰ দুৰ্বলতাৰ কথা প্ৰকাশ কৰিছিল। তেওঁ বুজাই দিয়ে যে, "মই ভাবো গোল গাপ্পা খালে কোনো ক্ষতি নহয়। বেছিভাগেই পানী আৰু পেট- বেছিভাগেই পানীৰে ভৰি পৰে। পাপৰি যথেষ্ট ডাঙৰ যদিও আটাৰ পৰিমাণ অতি কম। বেছিভাগেই পানীয়েই হয়।" কিছু পৰিমাণে মছলা আছে কিন্তু তাৰ কথা সুকীয়া।" 

তেওঁ শ্বেয়াৰ কৰে যে, "মেচৰ দিনত মই বেছি চৰ্বিযুক্ত কোনো বস্তু খাবলৈ ভাল নাপাওঁ। মই চালাড বা ফলৰ দৰে বস্তু খাই ভাল পাওঁ। মই গ্ৰীল কৰা চিকেন ব্ৰেষ্ট আৰু কণীৰ দৰে বস্তুও খাই ভাল পাওঁ।মই সপ্তাহৰ যিকোনো সময়তে ৰুটি আৰু অমলেট খাব পাৰো। মই হয়তো সকলোতকৈ বেছিকৈ সেইটো খাওঁ।" বহুতৰে দৰে খেলুৱৈজনেও মাজে মাজে মিঠায়ো খায়, বিশেষকৈ চাট মিল খোৱাৰ দিনত। সাধাৰণতে তেওঁ চেনিযুক্ত খাদ্যৰ পৰা বিৰত থাকিলেও তেওঁৰ বিজয় উদযাপনত মাজে মাজে কিবা এটা মিঠা বস্তুৰ প্ৰয়োজন হয়। তেওঁৰ পছন্দ ঘৰতে বনোৱা চুৰ্মা, ৰুটি, চেনি, ঘিউৰ পৰা তৈয়াৰী ভাৰতীয় পৰম্পৰাগত মিঠাই আদি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু