--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয়সকলৰ বাবে আকৌ এক নতুন সুযোগ। প্ৰধানমন্ত্ৰী জন ধন একাউণ্ট যোজনাৰ সহায়ত আপুনি জিৰ' বেলেঞ্চ একাউণ্ট খোলাৰ লগতে ১০ হাজাৰ টকা পৰ্যন্ত অভাৰ ড্ৰাফ্টাৰ সুবিধা পাব ।হয় ভাৰতৰ বাসিন্দাসকলে ঘৰতে বহি অতিৰিক্ত ধন উপাৰ্জন কৰাৰ সুযোগ পাবলৈ গৈ আছে। কেৱল প্ৰধানমন্ত্ৰী জন ধন যোজনা একাউণ্টত ধন জমা কৰি অতি সহজে বিভিন্ন সুবিধা লাভ কৰাৰ সুযোগ পাব। আপুনি নিশ্চয়  জানে যে ভাৰতৰ কোনো বেংক একাউণ্টৰ পৰা অটো লোন লব নোৱাৰি। অৰ্থাৎ যদি আপোনাৰ একাউণ্টত টকা নাই তেন্তে আপুনি টকা উলিয়াব নোৱাৰে। কিন্তু পি এম জন ধনৰ একাউন্ট অলপ বেলেগ। আপোনাৰ একাউণ্টত বেলেঞ্চ নাথাকিলেও এনে একাউন্টৰ পৰা ১০০০০ টকা পৰ্যন্ত ডেবিট কৰিব পাৰিব। জিৰ' বেলেন্স একাউণ্ট হোৱাৰ উপৰিও ই আপোনাক কিছুমান অতিৰিক্ত ডেবিটৰ সুবিধাও দিয়ে। অৱশ্যেই এই টকা আপুনি পাছত ঘূৰাই দিব লাগিব। কিন্তু প্ৰয়োজন হ’লে এই টকা ডেবিট কৰিব পাৰে। তাৰ লগতে RuPay ডেবিট কাৰ্ডৰ সুবিধা আছে যাৰ জৰিয়তে আপুনি একাউণ্টৰ পৰা ধন উলিয়াব পাৰে আৰু ক্ৰয় কৰিব পাৰে।

২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত এই প্ৰধানমন্ত্ৰী জন ধন যোজনা মুকলি কৰিছিল। সেই বছৰৰ ২৮ আগষ্টত এই আঁচনি আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ অধীনত এতিয়ালৈকে ৫০ কোটি লোকে জিৰ’ বেলেঞ্চ একাউণ্ট খুলিছে। ২০১৮ চনত ভাৰত চৰকাৰে এই আঁচনিৰ শূন্য বেলেঞ্চ একাউণ্টত কিছু নতুন সুবিধা আৰু বৈশিষ্ট্য সংযোজন কৰিছিল। এই প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হোৱাৰ লগে লগে বহু ভাৰতীয়ই এই আঁচনিৰ অধীনত একাউণ্ট খুলিলে।

মন্ত্ৰালয়ৰ মতে, ২০১৫ চনৰ মাৰ্চ মাহলৈকে ভাৰতত এনে একাউণ্টৰ ৫৮% সক্ৰিয় আছিল, কোনো বেলেঞ্চ নাছিল। চলিত বৰ্ষৰ ৬ জানুৱাৰীৰ গণনা অনুসৰি এই সংখ্যা ৭.৫ শতাংশৰ ওচৰ চাপিছে। অৰ্থাৎ এতিয়ালৈকে মানুহে কেৱল জিৰ’ বেলেঞ্চ একাউণ্টহে খুলিছিল। কিন্তু এতিয়া মানুহে এই একাউণ্টত টকা জমা কৰি এই একাউণ্টটো ব্যৱহাৰ কৰি আছে।

জন ধন যোজনাৰ অধীনত দহ বছৰৰ তলৰ শিশুৰ বাবে একাউণ্ট খুলিব পাৰিব। এই আঁচনিৰ অধীনত একাউণ্ট খুলিলে RuPay ATM কাৰ্ড, দুই লাখ টকাৰ দুৰ্ঘটনা বীমা কভাৰ, ৩০ হাজাৰ টকাৰ জীৱন বীমা, আৰু জমা ধনৰ সুত পাব। লগতে ১০ হাজাৰ টকাৰ অভাৰড্ৰাফ্টৰ সুবিধাও পাব। যিকোনো বেংকলৈ গৈ এই একাউণ্ট খুলিব পাৰিব। এই একাউণ্টত আপুনি কোনো নূন্যতম বেলেঞ্চ ৰাখিব নালাগে।

এনে একাউণ্ট খুলিবলৈ আপুনি আপোনাৰ আধাৰ কাৰ্ড, পাছপ’ৰ্ট ড্ৰাইভিং লাইচেন্সকে ধৰি আপোনাৰ কেৱাইচি নথি-পত্ৰ ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ হাতত KYC নথিপত্ৰ নাই তেন্তে আপুনি এটা সৰু একাউণ্ট খুলিব পাৰে। এই বেংক একাউণ্টত আপুনি আপোনাৰ ফটো আৰু বেংক বিষয়াৰ সন্মুখত থকা ফৰ্মত আপোনাৰ স্বাক্ষৰ ল’ব লাগিব। এনে একাউণ্ট খোলাৰ বাবে আপুনি কোনো অতিৰিক্ত চাৰ্জ দিব নালাগে। ১০ বছৰ আৰু তাতকৈ অধিক বয়সৰ যিকোনো ব্যক্তিয়ে স্বতন্ত্ৰভাৱে এনে প্ৰধানমন্ত্ৰী জন ধন যোজনা একাউণ্ট খুলিব পাৰিব

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement