--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাক সন্ত্ৰাসবাদীৰ লগতে চীনৰ পৰাও আক্ৰমণৰ ভাবুকি আহি থকাৰ মাজতে আজি মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ হৰিহৰেশ্বৰ সাগৰৰ পাৰত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ ভৰ্তি  সন্দেহজনক স্পীডবোটখন এখন জব্দ কৰা হয়৷নাও খন জব্দ কৰাৰ লগে লগে সমগ্ৰ ৰাজ্য খনতে  চাঞ্চল্য বিয়পি পৰে৷ উল্লেখ্য মুম্বাই কাণ্ডৰ সময়তো এনেদৰেই নাওৰে সন্ত্ৰাসবাদীয়ে মুম্বাইত প্ৰৱেশ কৰিছিল৷নাওখনকলৈ  ৰহস্যৰ সৃষ্টি হোৱাৰ সময়তে  মহাৰাষ্ট্ৰৰ চৰকাৰে ঘটনাটোৰ ক্ষীপ্ৰ তদন্ত কৰি নাওখন  এহাল অষ্ট্ৰেলিয়াৰ দম্পতীৰ বুলি নিশ্চিত হয়৷ 

মহাৰাষ্ট্ৰ চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে নাও খনে কোনো সন্ত্ৰাসমূলক কামৰ বাবে ভাৰতলৈ অহা নাই৷  'লেডিহান' নামৰ স্পীডবোটখনৰ গৰাকী হৈছে  অষ্ট্ৰেলিয়াৰ মহিলা হান্না লণ্ডাৰগান আৰু তেওঁৰ স্বামী জেমছ হৰ্বাৰ্টে ইয়াক চলাই আহিছিল। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে কয়  যে স্পিডবোটখনে ওমানৰ পৰা ইউৰোপলৈ যাত্ৰা কৰাৰ কথা আছিল। 

২৬ জুনৰ  পুৱা প্ৰায় ১০ বজাত স্পীডবোটখনৰ ইঞ্জিন বিকল হৈ পৰে আৰু কৰ্মচাৰীসকলে সহায়ৰ বাবে আন জাহাজ  মাতিছিল৷ একেদিনাই ৩ ঘণ্টাৰ পিছত কোৰিয়াৰ এখন যুদ্ধজাহাজে নাওৰ কৰ্মচাৰীসকলক উদ্ধাৰ কৰি ওমানলৈ প্ৰেৰণ  কৰে।  সাগৰৰ কোবাল ঢৌৰ বাবে  দম্পতীহালে নাও খন ক’তো ৰখোৱাৰ  ব্যৱস্থা কৰিব নোৱাৰিলে আৰু প্ৰায় সাত সপ্তাহ এনেদৰে কোনো লোক নথকাকৈয়ে নাওখন  উটি ভাঁহি থকাৰ পিছত  আৰৱ সাগৰেৰে নাও খনে অৱশেষত ভাৰতৰ  হৰিহৰেশ্বৰ বীচ আহি পায়। ফাডনাভিছে কয়  যে ৰাইগড় আৰক্ষীয়ে স্পিডবোটখনৰ পৰা ৩টা একে-৪৭ বন্দুক আৰু কিছু পৰিমাণৰ গোলাবাৰুদ উদ্ধাৰ কৰিছে।

ফাডনাভিছে কয় " বিষয়টো ৰায়গড় আৰক্ষী আৰু মহাৰাষ্ট্ৰ সন্ত্ৰাসবাদী বিৰোধী দলৰ দ্বাৰা তদন্ত কৰা হৈছে, আৰু অতীতৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীক উচ্চ সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা  হৈছে," ফাডনাভিছে কয়। ভাৰতীয় উপকূলৰক্ষী বাহিনীকে ধৰি বিভিন্ন কেন্দ্ৰীয় সংস্থাকো ঘটনাটো অৱগত কৰা হৈছে আৰু এই বিষয়ত অধিক তদন্ত চলি আছে। বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ ৰায়গড় উপকূলত তিনিটা একে-৪৭ ৰাইফল আৰু গুলীসহ এটা সন্দেহজনক নাও পোৱাৰ পিছত চৰকাৰে এইদৰে স্পষ্টীকৰণ দিছে।

উল্লেখ্য  স্থানীয় লোকে মুম্বাইৰ পৰা প্ৰায়  ১৯০ কিলোমিটাৰত দূৰত থকা  শ্ৰীবৰ্ধন অঞ্চলত কোনো কোনো নাবিক নথকা  নাওখন দেখিছিল আৰু নিৰাপত্তা সংস্থাসমূহক এই বিষয়ে সতৰ্ক কৰি দিছিল। ৰায়গড়ৰ আৰক্ষী অধীক্ষক অশোক দুধে আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছিল আৰু নাওখন জব্দ কৰিছিল। 

বিষয়াসকলৰ মতে, এই নাওখনৰ কৰ্মচাৰীসকলক এই বছৰৰ জুন মাহত ওমান উপকূলৰ ওচৰত উদ্ধাৰ কৰা হৈছিল। আৰক্ষীয়ে কৈছে যে নাওখন ৰায়গড় উপকূললৈ  উটি আহিছিল। মহাৰাষ্ট্ৰৰ এটিএছ দল এটাক তৎক্ষণাৎ ৰায়গড়লৈ পঠিওৱা হৈছে বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ