--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাক সন্ত্ৰাসবাদীৰ লগতে চীনৰ পৰাও আক্ৰমণৰ ভাবুকি আহি থকাৰ মাজতে আজি মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ হৰিহৰেশ্বৰ সাগৰৰ পাৰত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ ভৰ্তি  সন্দেহজনক স্পীডবোটখন এখন জব্দ কৰা হয়৷নাও খন জব্দ কৰাৰ লগে লগে সমগ্ৰ ৰাজ্য খনতে  চাঞ্চল্য বিয়পি পৰে৷ উল্লেখ্য মুম্বাই কাণ্ডৰ সময়তো এনেদৰেই নাওৰে সন্ত্ৰাসবাদীয়ে মুম্বাইত প্ৰৱেশ কৰিছিল৷নাওখনকলৈ  ৰহস্যৰ সৃষ্টি হোৱাৰ সময়তে  মহাৰাষ্ট্ৰৰ চৰকাৰে ঘটনাটোৰ ক্ষীপ্ৰ তদন্ত কৰি নাওখন  এহাল অষ্ট্ৰেলিয়াৰ দম্পতীৰ বুলি নিশ্চিত হয়৷ 

মহাৰাষ্ট্ৰ চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে নাও খনে কোনো সন্ত্ৰাসমূলক কামৰ বাবে ভাৰতলৈ অহা নাই৷  'লেডিহান' নামৰ স্পীডবোটখনৰ গৰাকী হৈছে  অষ্ট্ৰেলিয়াৰ মহিলা হান্না লণ্ডাৰগান আৰু তেওঁৰ স্বামী জেমছ হৰ্বাৰ্টে ইয়াক চলাই আহিছিল। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে কয়  যে স্পিডবোটখনে ওমানৰ পৰা ইউৰোপলৈ যাত্ৰা কৰাৰ কথা আছিল। 

২৬ জুনৰ  পুৱা প্ৰায় ১০ বজাত স্পীডবোটখনৰ ইঞ্জিন বিকল হৈ পৰে আৰু কৰ্মচাৰীসকলে সহায়ৰ বাবে আন জাহাজ  মাতিছিল৷ একেদিনাই ৩ ঘণ্টাৰ পিছত কোৰিয়াৰ এখন যুদ্ধজাহাজে নাওৰ কৰ্মচাৰীসকলক উদ্ধাৰ কৰি ওমানলৈ প্ৰেৰণ  কৰে।  সাগৰৰ কোবাল ঢৌৰ বাবে  দম্পতীহালে নাও খন ক’তো ৰখোৱাৰ  ব্যৱস্থা কৰিব নোৱাৰিলে আৰু প্ৰায় সাত সপ্তাহ এনেদৰে কোনো লোক নথকাকৈয়ে নাওখন  উটি ভাঁহি থকাৰ পিছত  আৰৱ সাগৰেৰে নাও খনে অৱশেষত ভাৰতৰ  হৰিহৰেশ্বৰ বীচ আহি পায়। ফাডনাভিছে কয়  যে ৰাইগড় আৰক্ষীয়ে স্পিডবোটখনৰ পৰা ৩টা একে-৪৭ বন্দুক আৰু কিছু পৰিমাণৰ গোলাবাৰুদ উদ্ধাৰ কৰিছে।

ফাডনাভিছে কয় " বিষয়টো ৰায়গড় আৰক্ষী আৰু মহাৰাষ্ট্ৰ সন্ত্ৰাসবাদী বিৰোধী দলৰ দ্বাৰা তদন্ত কৰা হৈছে, আৰু অতীতৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীক উচ্চ সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা  হৈছে," ফাডনাভিছে কয়। ভাৰতীয় উপকূলৰক্ষী বাহিনীকে ধৰি বিভিন্ন কেন্দ্ৰীয় সংস্থাকো ঘটনাটো অৱগত কৰা হৈছে আৰু এই বিষয়ত অধিক তদন্ত চলি আছে। বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ ৰায়গড় উপকূলত তিনিটা একে-৪৭ ৰাইফল আৰু গুলীসহ এটা সন্দেহজনক নাও পোৱাৰ পিছত চৰকাৰে এইদৰে স্পষ্টীকৰণ দিছে।

উল্লেখ্য  স্থানীয় লোকে মুম্বাইৰ পৰা প্ৰায়  ১৯০ কিলোমিটাৰত দূৰত থকা  শ্ৰীবৰ্ধন অঞ্চলত কোনো কোনো নাবিক নথকা  নাওখন দেখিছিল আৰু নিৰাপত্তা সংস্থাসমূহক এই বিষয়ে সতৰ্ক কৰি দিছিল। ৰায়গড়ৰ আৰক্ষী অধীক্ষক অশোক দুধে আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছিল আৰু নাওখন জব্দ কৰিছিল। 

বিষয়াসকলৰ মতে, এই নাওখনৰ কৰ্মচাৰীসকলক এই বছৰৰ জুন মাহত ওমান উপকূলৰ ওচৰত উদ্ধাৰ কৰা হৈছিল। আৰক্ষীয়ে কৈছে যে নাওখন ৰায়গড় উপকূললৈ  উটি আহিছিল। মহাৰাষ্ট্ৰৰ এটিএছ দল এটাক তৎক্ষণাৎ ৰায়গড়লৈ পঠিওৱা হৈছে বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু