--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইউৰোপীয় ইউনিয়নৰ জলবায়ু নিৰীক্ষণ সেৱাই মঙলবাৰে উল্লেখ কৰিছে যে এণ্টাৰ্কটিকাত সাগৰীয় বৰফ একেৰাহে দ্বিতীয় বছৰৰ বাবে ফেব্ৰুৱাৰীত  লক্ষ্যণীয়ভাবে  হ্ৰাস পাইছে৷  কোপাৰনিকাছ জলবায়ু পৰিৱৰ্তন সেৱা (চি৩এছ)ৰ দ্বাৰা এএফপিক প্ৰদান কৰা পৰিসংখ্যা অনুসৰি, ১৬ ফেব্ৰুৱাৰীত এন্টাৰ্কটিকা মহাদেশৰ চাৰিওফালে বৰফেৰে আৱৰি থকা সাগৰৰ পৃষ্ঠৰ বৰফৰ আয়তন  ২.০৯নিযুত বৰ্গ কিলোমিটাৰ  লৈ হ্ৰাস পাইছে৷ 

 উপগ্ৰহৰ চিত্ৰতো এনে পৰিৱৰ্তনৰ কথা ধৰা পৰিছে৷চি৩এছৰ উপ-সঞ্চালক সামান্থা বাৰ্জেছে কয় যে, "৪৫ বছৰীয়া উপগ্ৰহ তথ্য ৰেকৰ্ডত এণ্টাৰ্কটিক সাগৰৰ বৰফ সৰ্বনিম্ন পৰিমাণত উপনীত হৈছে।"
আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰী বিজ্ঞানীসকলে যোৱা মাহত এটা নতুন অভিলেখ নিশ্চিত কৰিছিল কিন্তু ১.৭৯নিযুত বৰ্গ কিলোমিটাৰতকৈও কম পৰিমাণৰ বৰফ গলাৰ ইংগিত দিছিল৷

উল্লেখযোগ্য যে দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকালত সাগৰীয় বৰফৰ ঘনত্ব দক্ষিণ মহাসাগৰৰ সকলো ক্ষেত্ৰতে গড়তকৈ যথেষ্ট কম আছিল।আশ্চৰ্যজনকভাৱে বৰফ হ্ৰাস পোৱাৰ পৰিমাণ  এই বছৰ আৰু ২০২২ চনত অভিলেখ হ্ৰাস ১৯৮১-২০১০ চনৰ গড়তকৈ প্ৰায় ৩০ শতাংশ কম।সামান্থা বাৰ্জেছে কয় "এনে  পৰিঘটনাই এণ্টাৰ্কটিক বৰফৰ তৰপৰ স্থিৰতা আৰু শেষত বিশ্বব্যাপী সাগৰৰ জলস্তৰ বৃদ্ধিত  গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে,"৷

উল্লেখযোগ্য যে হ্ৰাস হোৱা বৰফৰ আৱৰণ  এক গুৰুতৰ চিন্তাৰ বিষয় ৷ কিয়নো ই আৰ্কটিক অঞ্চলকে ধৰি আন বহু এলেকাত গোলকীয় উষ্ণতা বৃদ্ধিত অনুঘটকৰ ভূমিকা পালন কৰে৷ 
মেৰুৰ বৰফত আঘাত কৰা সূৰ্যৰ প্ৰায় ৯০ শতাংশ শক্তি মহাকাশলৈ ঘূৰি প্ৰতিফলিত হয়। কিন্তু যেতিয়া সূৰ্যৰ পোহৰে অন্ধকাৰ, হিমায়িত নোহোৱা সাগৰৰ পানীত আঘাত কৰে,তেতিয়া  প্ৰায় একে পৰিমাণৰ শক্তি শোষণ কৰা হয়, যি গোলকীয় উষ্ণতা বৃদ্ধিত পোনপটীয়াকৈ ক্ৰিয়া কৰে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক