--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইউৰোপীয় ইউনিয়নৰ জলবায়ু নিৰীক্ষণ সেৱাই মঙলবাৰে উল্লেখ কৰিছে যে এণ্টাৰ্কটিকাত সাগৰীয় বৰফ একেৰাহে দ্বিতীয় বছৰৰ বাবে ফেব্ৰুৱাৰীত  লক্ষ্যণীয়ভাবে  হ্ৰাস পাইছে৷  কোপাৰনিকাছ জলবায়ু পৰিৱৰ্তন সেৱা (চি৩এছ)ৰ দ্বাৰা এএফপিক প্ৰদান কৰা পৰিসংখ্যা অনুসৰি, ১৬ ফেব্ৰুৱাৰীত এন্টাৰ্কটিকা মহাদেশৰ চাৰিওফালে বৰফেৰে আৱৰি থকা সাগৰৰ পৃষ্ঠৰ বৰফৰ আয়তন  ২.০৯নিযুত বৰ্গ কিলোমিটাৰ  লৈ হ্ৰাস পাইছে৷ 

 উপগ্ৰহৰ চিত্ৰতো এনে পৰিৱৰ্তনৰ কথা ধৰা পৰিছে৷চি৩এছৰ উপ-সঞ্চালক সামান্থা বাৰ্জেছে কয় যে, "৪৫ বছৰীয়া উপগ্ৰহ তথ্য ৰেকৰ্ডত এণ্টাৰ্কটিক সাগৰৰ বৰফ সৰ্বনিম্ন পৰিমাণত উপনীত হৈছে।"
আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰী বিজ্ঞানীসকলে যোৱা মাহত এটা নতুন অভিলেখ নিশ্চিত কৰিছিল কিন্তু ১.৭৯নিযুত বৰ্গ কিলোমিটাৰতকৈও কম পৰিমাণৰ বৰফ গলাৰ ইংগিত দিছিল৷

উল্লেখযোগ্য যে দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকালত সাগৰীয় বৰফৰ ঘনত্ব দক্ষিণ মহাসাগৰৰ সকলো ক্ষেত্ৰতে গড়তকৈ যথেষ্ট কম আছিল।আশ্চৰ্যজনকভাৱে বৰফ হ্ৰাস পোৱাৰ পৰিমাণ  এই বছৰ আৰু ২০২২ চনত অভিলেখ হ্ৰাস ১৯৮১-২০১০ চনৰ গড়তকৈ প্ৰায় ৩০ শতাংশ কম।সামান্থা বাৰ্জেছে কয় "এনে  পৰিঘটনাই এণ্টাৰ্কটিক বৰফৰ তৰপৰ স্থিৰতা আৰু শেষত বিশ্বব্যাপী সাগৰৰ জলস্তৰ বৃদ্ধিত  গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে,"৷

উল্লেখযোগ্য যে হ্ৰাস হোৱা বৰফৰ আৱৰণ  এক গুৰুতৰ চিন্তাৰ বিষয় ৷ কিয়নো ই আৰ্কটিক অঞ্চলকে ধৰি আন বহু এলেকাত গোলকীয় উষ্ণতা বৃদ্ধিত অনুঘটকৰ ভূমিকা পালন কৰে৷ 
মেৰুৰ বৰফত আঘাত কৰা সূৰ্যৰ প্ৰায় ৯০ শতাংশ শক্তি মহাকাশলৈ ঘূৰি প্ৰতিফলিত হয়। কিন্তু যেতিয়া সূৰ্যৰ পোহৰে অন্ধকাৰ, হিমায়িত নোহোৱা সাগৰৰ পানীত আঘাত কৰে,তেতিয়া  প্ৰায় একে পৰিমাণৰ শক্তি শোষণ কৰা হয়, যি গোলকীয় উষ্ণতা বৃদ্ধিত পোনপটীয়াকৈ ক্ৰিয়া কৰে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু